মৰাণ :ডিব্ৰুগড়ত শুকুৰবাৰৰ পৰা অনুষ্ঠিত হৈছে ১৩ বছৰৰ অনুৰ্দ্ধ ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতা । ভাৰতীয় বেডমিণ্টন সংস্থাৰ সৌজন্যত তথা ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ আতিথ্যত ডিব্ৰুগড় চহৰৰ ইণ্ডোৰ ষ্টেডিয়ামত ৩০ অক্টোবৰলৈ অনুষ্ঠিত হ'ব এই ১৩ বছৰ অনুৰ্দ্ধৰ ল'ৰা আৰু ছোৱালী শাখাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টন প্ৰতিযোগিতাখনি ।
প্ৰথম ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টন প্ৰতিযোগিতা
এই প্ৰতিযোগিতাৰ যোগ্যতা ৰাউণ্ডসমূহ ২৫ অক্টোবৰৰ লগতে ২৬ তাৰিখতেও অনুষ্ঠিত হ'ব । মূল প্ৰতিযোগিতা ২৭ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈকে চলিব । শুকুৰবাৰে সন্ধিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখন উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । দেশৰ ২৬ খন ৰাজ্যৰ ৩৫৭ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাখনিত । ল'ৰা আৰু ছোৱালী দুয়োটা শাখাত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা।
কোন কোন ৰাজ্য়ই কৰিছে অংশগ্ৰহণ ?
এই প্ৰতিযোগিতাৰ বাবে অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, গুজৰাট, হৰিয়ানা, ঝাৰখণ্ড, কেৰালা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, ৰাজস্থান, তামিলনাডু, তেলেংগানা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিমবংগ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, অন্ধ্ৰ প্ৰদেশ, ছত্তীশগড়, দিল্লী, হিমাচল প্ৰদেশ, মিজোৰাম, ওড়িশা, পঞ্জাব, পুদুচ্চেৰী আৰু বিহাৰৰ পৰা খেলুৱৈৰে ভৰি পৰিছে ডিব্ৰুগড় ।