অসম

assam

ETV Bharat / sports

বাংলাদেশৰ বিৰুদ্ধে সঞ্জু ছেমচনৰ পেশীবহুল উদযাপনৰ আঁৰৰ কাহিনী

টি-২০ শৃংখলাৰ অন্তিম মেচত সঞ্জু ছেমচনে আকৰ্ষণীয় শতক কৰিছিল । শতকৰ পিছতে ছেমচনক বিশেষ উদযাপন কৰা দেখা গৈছিল ।

By ETV Bharat Sports Team

Published : Oct 15, 2024, 3:18 PM IST

IND vs BAN T20 Series
বাংলাদেশৰ বিৰুদ্ধে সঞ্জু ছেমচনৰ পেশীবহুল উদযাপনৰ আঁৰৰ কাহিনী (IANS)

স্পৰ্টছ ডেস্ক,১৫ অক্টোবৰ :বাংলাদেশৰ বিৰুদ্ধে শেহতীয়া টি-২০ মেচত বিধ্বংসী ইনিংছৰ বাবে ভাৰতৰ অপেনাৰ বেটছমেন সঞ্জু ছেমচন এতিয়া সকলোৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । ৪০ টা বলত শতকৰ আকৰ্ষণীয় ইনিংছটোত অন্তৰ্ভুক্ত আছিল একেৰাহে ৫ টা বলত ৫ টা ছিক্সাৰ । এনে এক অভিলেখ ইনিংছ খেলাৰ পিছত সঞ্জু ছেমচনক আৱেগিক দেখা গৈছিল ।

সঞ্জু ছেমচনৰ বিধ্বংসী শতক

উইকেটকিপাৰ-বেটছমেনগৰাকীয়ে ১৩ নম্বৰ অভাৰত এটা বাউণ্ডেৰী মাৰি তেওঁৰ শতক অৰ্জন কৰাৰ পিছত আৱেগিক দেখা গৈছিল । আনহাতে নন-ষ্ট্ৰাইকাৰ এণ্ডত থকা অধিনায়ক সূৰ্যকুমাৰ যাদৱেও তেওঁক সাৱটি ধৰি অভিনন্দন জনাইছিল । ইয়াৰ পিছতে সঞ্জুৱে ড্ৰেছিং ৰুমৰ ফালে বিশেষ ভংগিমাৰে তেওঁৰ এই বিশেষ শতক উদযাপন কৰিছিল । তেওঁ পিছত তিৰুৱন্তপুৰমত সংবাদ মাধ্যমৰ সন্মুখত তেওঁৰ এই উদযাপনৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰে ।

ছেমচনৰ প্ৰতিক্ৰিয়া

সঞ্জু ছেমচনে উল্লেখ কৰিছিল যে তেওঁ ৯০ ৰাণত উপনীত হোৱাৰ পিছত কেনেকৈ উদযাপন কৰিব লাগে সেই বিষয়ে ভাবিবলৈ আৰম্ভ কৰিছিল । অৱশ্যে, ১০০ ৰাণ সংগ্ৰহৰ পিছতো তেওঁ ভাবিব পৰা নাছিল যে কেনেদৰে উদযাপন কৰিব । ছেমচনে কয়, "মই ১০০ ৰাণ কৰিও উদযাপন কেনেকৈ কৰিম নাজানিছিলো । অধিনায়ক সূৰ্যকুমাৰ যাদৱে ইতিমধ্যে হেলমেট খুলি উদযাপন আৰম্ভ কৰিছিল । যেতিয়া মই ড্ৰেছিং ৰুমলৈ চালো, দলৰ সদস্যসকলেও মোক পেশী (muscle) প্ৰদৰ্শনেৰে উদযাপন কৰিবলৈ উৎসাহিত কৰিছিল । মই পেশীবহুল নহয় ।"

সামাজিক মাধ্যমত সঞ্জুক ছুপাৰমেন বুলি প্ৰশংসা কৰা বিষয়ত তেওঁ কয়,"যেতিয়া মই ভাল প্ৰদৰ্শন কৰো, মানুহে মোক 'ছুপাৰমেন' বুলি কয় আৰু যদি নকৰো তেওঁলোকে আন কিবা কয় ।" সঞ্জুৱে কয় যে তেওঁ ৯০ ৰাণত উপনীত নোহোৱালৈকে আক্ৰমণাত্মকভাৱে খেলিছিল আৰু যেতিয়া তেওঁ ১০০ ৰাণ কৰিছিল, তেতিয়া তেওঁ নিশ্চিত নাছিল যে বাউণ্ডেৰী মাৰিব নে এক ৰাণ ল'ব । সঞ্জুৱে কয়,"ইয়াৰ পিছত সূৰ্য কুমাৰ যাদৱে আহি মোক নিজৰ প্ৰদৰ্শন অনুৰূপভাৱে ৰাখিবলৈ উৎসাহিত কৰে ।"

সঞ্জুৱে কয়, "মই ইতিমধ্যে অৱগত আছিলো যে মই বাংলাদেশৰ বিৰুদ্ধে শৃংখলাৰ তিনিওখন খেলত অপেনিং কৰিব লাগিব । সেয়েহে, মই প্ৰয়োজনীয় প্ৰস্তুতি কৰিবলৈ সক্ষম হৈছিলো । দিলীপ ট্ৰফীৰ শতকে মোৰ আত্মবিশ্বাস বৃদ্ধি কৰিছিল ।"

লগতে পঢ়ক :তৃতীয় টি-২০ত বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ ৰাণৰ পাহাৰ, গঢ়িলে কেইবাটাও অভিলেখ

ABOUT THE AUTHOR

...view details