অসম

assam

By ETV Bharat Sports Team

Published : 4 hours ago

ETV Bharat / sports

বি চি চি আইৰ বিৰুদ্ধে পক্ষপাতিত্বমূলক আচৰণ কৰাৰ অভিযোগ প্ৰাক্তন ক্ৰিকেটাৰৰ - SANJAY MANJREKAR SLAMS BCCI

BCCI: টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে লাভ কৰে বিশেষ সা-সুবিধা ৷ ক্ৰিকেটাৰ দুগৰাকীক এই সুবিধা প্ৰদান কৰে বি চি চি আইয়ে ৷ ৰোহিত-বিৰাট তথা বি চি চি আইৰ সন্দৰ্ভত এই অভিযোগ উত্থাপন কৰিছে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ সঞ্জয় মঞ্জৰেকাৰে ৷ পঢ়ক বিতং খবৰ...

SANJAY MANJREKAR SLAMS BCCI
ৰোহিত শৰ্মা আৰু বিৰাট কোহলী (ANI Photo)

স্প’ৰ্টছ ডেস্ক, 25 ছেপ্টেম্বৰ: প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সঞ্জয় মঞ্জৰেকাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বি চি চি আই) বিৰুদ্ধে উত্থাপন কৰিছে এক অভিযোগ ৷ এই অভিযোগ হৈছে - ব’ৰ্ডে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা আৰু দলৰ তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীক প্ৰদান কৰি আহিছে বিশেষ সা-সুবিধা ৷

ৰোহিত আৰু কোহলীৰ যুটিটোৱে শেহতীয়াকৈ বাংলাদেশৰ বিৰুদ্ধে চেন্নাই টেষ্টত দুৰ্বল প্ৰদৰ্শন আগবঢ়াইছিল । অৱশ্যে আৰ অশ্বিন, শুভমন গিল, ঋষভ পন্ত আৰু যশপ্ৰীত বুমৰাহে আগবঢ়োৱা সুন্দৰ প্ৰদৰ্শনৰ বাবে দলটোৱে চেন্নাই টেষ্টত জয়লাভ কৰিবলৈ সক্ষম হয় ।

ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই মেচখনত মাত্ৰ 11 ৰাণহে সংগ্ৰহ কৰাৰ বিপৰীতে তাৰকা মিডল অৰ্ডাৰ বেটছমেন কোহলীয়ে দুয়োটা ইনিংছতে মাত্ৰ 21 ৰাণহে সংগ্ৰহ কৰিছিল ।

বি চি চি আইয়ে পক্ষপাতিত্ব কৰাৰ অভিযোগ

উল্লেখ্য যে, দুয়োগৰাকী তাৰকা ক্ৰিকেটাৰকে দুলীপ ট্ৰফীত অংশগ্ৰহণৰ পৰা ৰেহাই দিয়া হৈছিল ৷ প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ মঞ্জৰেকাৰে দুয়োগৰাকী ক্ৰিকেটাৰৰ দুলীপ ট্ৰফীত অনুপস্থিতিৰ সন্দৰ্ভত বি চি চি আইয়ে গ্ৰহণ কৰা পক্ষপাতিত্বমূলক আচৰণক সমালোচনা কৰে । তেওঁ কয় যে, "প্ৰতিযোগিতাখনত তেওঁলোকৰ অনুপস্থিতিয়ে ভাৰতীয় ক্ৰিকেটক আঘাত কৰিছে" ।

"মই চিন্তিত নহয় ৷ কিন্তু মই নিশ্চিত যে, তেওঁলোকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে নিশ্চিতভাৱে ৰঙা বলৰ ক্ৰিকেটত উন্নত প্ৰদৰ্শন আগবঢ়াব পাৰিলেহেঁতেন ৷ তেওঁলোকক দুলীপ ট্ৰফীত অন্তৰ্ভুক্ত কৰাতো বিকল্পহে আছিল" বুলি মঞ্জৰেকাৰে এক আলোচনীক দিয়া সাক্ষাতত এনেদৰে মন্তব্য কৰে ৷

"গতিকে একাংশ খেলুৱৈক বেলেগ ধৰণে ব্যৱহাৰ কৰা আৰু ভাৰতীয় ক্ৰিকেট আৰু খেলুৱৈৰ বাবে সৰ্বশ্ৰেষ্ঠ কাম কৰাৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত । বিৰাট আৰু ৰোহিতে দুলীপ ট্ৰফীত অংশগ্ৰহণ নকৰাতো ভাৰতীয় ক্ৰিকেটৰ বাবে নাইবা খেলুৱৈ দুগৰাকীৰ বাবে কোনো ক্ষেত্ৰতে সু-খবৰ নাছিল ৷ যদি তেওঁলোকে দুলীপ ট্ৰফীত খেলিলেহেঁতেন তেন্তে ৰঙা বলৰ ক্ৰিকেটত কিছু ভাল সময় অতিবাহিত কৰিব পাৰিলেহেঁতেন" বুলি মঞ্জৰেকাৰে মন্তব্য কৰে ।

একাংশ প্ৰাক্তন ক্ৰিকেটাৰে ভাৰতীয় তাৰকা ক্ৰিকেটাৰসকলে ঘৰুৱা ক্ৰিকেটত অংশগ্ৰহণ নকৰাক লৈ উদ্বেগ প্ৰকাশ কৰিছে । এই বিষয়টো চৰ্চাত থকাৰ মাজতে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকীৰ শেহতীয়া মন্তব্যত পুনৰ এবাৰ এই বিষয়ত চৰ্চা চলা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক:"বিৰাট কোহলীয়ে হেৰুৱাইছে নিজৰ ছন্দ, তেওঁ তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰিব নোৱাৰে" কিংবদন্তীৰ মন্তব্যত ক্ৰিকেট জগতত আলোড়ন - NEW DEBATE ON VIRAT KOHLI

ABOUT THE AUTHOR

...view details