অসম

assam

ETV Bharat / sports

শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ সনথ জয়সূৰ্যক নতুন দায়িত্ব

Sri Lanka Cricket Team: শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ সনথ জয়সূৰ্যক দিয়া হৈছে এক ডাঙৰ দায়িত্ব ৷ এই ঘোষণা শ্ৰীলংকাৰ ক্ৰিকেট ব’ৰ্ডৰ ৷

SANATH JAYASURIYA
শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ সনথ জয়সূৰ্য (ANI PHOTO)

By ETV Bharat Sports Team

Published : Oct 7, 2024, 6:44 PM IST

স্প’ৰ্টছ ডেস্ক, 7 অক্টোবৰ:শ্ৰীলংকাৰপ্ৰাক্তন অধিনায়ক সনথ জয়সূৰ্যক দিয়া হৈছে এক ডাঙৰ দায়িত্ব ৷ এতিয়াৰে পৰা শ্ৰীলংকা পুৰুষ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰিব এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে ।

শ্ৰীলংকাৰ প্ৰাক্তন অ’পেনাৰ জয়সূৰ্যৰ নেতৃত্বত দলটোৱে বিশেষকৈ ভাৰত, ইংলেণ্ড আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে কৰিছিল সুন্দৰ প্ৰদৰ্শন । এক অক্টোবৰত নিযুক্তি প্ৰদান কৰা জয়সূৰ্যৰ কাৰ্যকাল অব্যাহত থাকিব 31 মাৰ্চ 2026 লৈকে ৷

এই সন্দৰ্ভত শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডে প্ৰকাশ কৰিছে এক বিবৃতি ৷ বিবৃতিটোত প্ৰকাশ কৰা অনুসৰি, "দলটোৰ শেহতীয়া প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ ভাৰত, ইংলেণ্ড আৰু নিউজিলেণ্ড ভ্ৰমণৰ ওপৰত ভিত্তি কৰি জয়সূৰ্যক দলটোৰ মুখ্য প্ৰশিক্ষকৰূপে নিযুক্তি দিয়া হৈছে ৷ কিয়নো এই ভ্ৰমণৰ সময়ত প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে শ্ৰীলংকাৰ অন্তৱৰ্তীকালীন মুখ্য প্ৰশিক্ষক হিচাপে দলটোৰ সৈতে উপস্থিত আছিল" ৷

মুখ্য প্ৰশিক্ষক হিচাপে জয়সূৰ্যৰ প্ৰথম দায়িত্ব হ'ব ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে সীমিত অভাৰৰ মেচত দলটোক বিজয় প্ৰদান কৰা, যি মেচ ডাম্বুলা আৰু পাল্লেকেলেত অনুষ্ঠিত হ'ব ।

জয়সূৰ্য পূৰ্বে শ্ৰীলংকাৰ ক্ৰিকেটৰ পৰামৰ্শদাতা আছিল । তেওঁক প্ৰথমবাৰৰ বাবে জুলাইত অন্তৱৰ্তীকালীন মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল । যোৱা কেইমাহমানত জয়সূৰ্যৰ পৃষ্ঠপোষকতাতে শ্ৰীলংকাই 27 বছৰৰ পিছত ভাৰতৰ বিৰুদ্ধে প্ৰথমখন দ্বি-পাক্ষিক এদিনীয়া শৃংখলা জিকিছিল ৷ তদুপৰি 10 বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে ঘৰুৱা মাটিত এখন টেষ্ট মেচত ইংলেণ্ডক পৰাস্ত কৰিছিল ৷ শেহতীয়াকৈ ঘৰুৱা টেষ্টতো নিউজিলেণ্ডক 2-0 ব্যৱধানত পৰাস্ত কৰিছিল শ্ৰীলংকাই

1991 চনৰ পৰা 2007 চনলৈ জয়সূৰ্যই 110 খন টেষ্ট মেচত অংশগ্ৰহণ কৰিছিল, য'ত তেওঁ 40.07 গড়ে সংগ্ৰহ কৰিছিল 6,973 ৰাণ ৷ খেলুৱৈগৰাকীৰ নামত আছে 14 টা শতক আৰু 31 টা অৰ্ধশতক । 445 খন এদিনীয়াত তেওঁ সংগ্ৰহ কৰিছিল 13,430 ৰাণ ৷ 32.36 গড়ে 28 টা শতক আৰু 68 টা অৰ্ধশতক অৰ্জন কৰা সনথ জয়সূৰ্যই 1996 চনৰ বিশ্বকাপত শ্ৰীলংকাৰ বিজয়ত পালন কৰিছিল গুৰুত্বপূৰ্ণ ভূমিকা ।

জয়সূৰ্য এগৰাকী ভাল বলাৰো আছিল ৷ বাওঁহতীয়া স্পিন বলিঙেৰে তেওঁ টেষ্ট মেচত 98 টা উইকেট আৰু এদিনীয়াত 323 টা উইকেট দখল কৰিছে । জয়সূৰ্যই তেওঁৰ কেৰিয়াৰত 31 খন টি-20 আন্তঃৰাষ্ট্ৰীয় মেচত অংশগ্ৰহণ কৰাৰ লগতে আই পি এলৰ 30 খন মেচতো অংশগ্ৰহণ কৰিছে ৷

লগতে পঢ়ক:গোৱালিয়ৰত বাংলাদেশৰ বিৰুদ্ধে বলিং ধুমুহা সৃষ্টি কৰা বলাৰলৈ প্লেয়াৰ অৱ দ্য মেচৰ বঁটা - IND VS BAN T20 SERIES

ABOUT THE AUTHOR

...view details