স্প’ৰ্টছ ডেস্ক, 20 আগষ্ট:মঙলবাৰে আন্তৰ্জাতিক টি-20 মেচত এটা অভাৰত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত গঢ়া হৈছে এক নতুন অভিলেখ ৷ পূৰ্বে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ নামত থকা এই অভিলেখ ভংগ কৰি নতুন অভিলেখ সৃষ্টি কৰিছে চামোৱাৰ ডাৰিউচ ভাইচৰে ৷ ভানুটাউৰ বিৰুদ্ধে অনুষ্ঠিত এখন মেচত খেলুৱৈগৰাকীয়ে এক অভাৰত সংগ্ৰহ কৰে 39 ৰাণ । যাৰ ফলত যুৱৰাজ সিঙৰ নামত থকা পূৰ্বৰ অভিলেখ ভংগ হয় ৷
ডাৰিউচ ভাইচৰে গঢ়িলে নতুন বিশ্ব অভিলেখ
আই চি চি পুৰুষৰ টি-20 বিশ্বকাপ উপ-আঞ্চলিক পূৱ এছিয়া-পেচিফিক কোৱালিফায়াৰ এ ইভেণ্টৰ বাবে চামোৱা আৰু ভানুটাউ মুখামুখি হৈছিল খেলপথাৰত ৷ এই মেচতে ভাইচৰে এক অভাৰত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰাৰ অভিলেখ গঢ়াৰ লগতে অৰ্জন কৰে দৰ্শনীয় শতকৰ ইনিংছ ৷ সোঁহতীয়া বেটছমেনগৰাকীয়ে 62 টা বলত 132 ৰাণ সংগ্ৰহ কৰি ৰোমাঞ্চকৰ এই ইনিংছটো সজায় ৷ য’ত আছিল 5 টা চাৰি আৰু 14 টা ছয়ৰ দৰ্শনীয় শ্বট ৷
এক অভাৰত 39 ৰাণ সংগ্ৰহ
ভাইচৰৰ ইনিংছটোৰ 15 তম অভাৰত এই অভিলেখ ভংগকাৰী মুহূৰ্তটো দেখা যায় ৷ যি সময়ত খেলুৱৈগৰাকীয়ে এটা অভাৰতে সংগ্ৰহ কৰিছিল 39 ৰাণ ৷ নিপিকোৰ দুৰ্বল বলিঙেয়েও এক নতুন অভিলেখ গঢ়ে, য’ত তেওঁৰ অভাৰত আছিল 3 টা ন’ বল ৷
ভাইচৰে একেৰাহে 3 টা ছয়েৰে অভাৰটো আৰম্ভ কৰিছিল । পৰৱৰ্তী বলটোত অভাৰটোৰ চতুৰ্থটো ছয় সংগ্ৰহ হয় ৷ তাৰপিছত নিপিকোৱে পৰৱৰ্তী বলটোত এটা ডট বল দিছিল । অৱশ্যে পৰৱৰ্তী দুটা বল ন’-বল হৈছিল । অভাৰৰ পঞ্চমটো বলত সংগ্ৰহ হৈছিল 6 ৰাণ ৷
ইয়াৰ পিছত ভাইচৰে অভাৰৰ অন্তিমটো বলত এটা ছয় মাৰি মুঠ 39 ৰাণ সংগ্ৰহ কৰি এক অভাৰত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ অভিলেখ স্থাপন কৰে ৷