অসম

assam

ETV Bharat / sports

শচীন তেণ্ডুলকাৰৰ ঐতিহাসিক অভিলেখ; 3 বলত 24 ৰাণ সংগ্ৰহ

24 RUNS IN 3 BALLS: 3 টা বলত 24 ৰাণ সংগ্ৰহ ভাৰতৰ প্ৰাক্তন বেটছমেন শচীন তেণ্ডুলকাৰৰ ৷ পিছে এয়া কেনেদৰে সম্ভৱ ?

By ETV Bharat Sports Team

Published : Oct 13, 2024, 6:38 PM IST

SACHIN TENDULKAR RECORD
শচীন তেণ্ডুলকাৰ (AFP PHOTO)

স্প’ৰ্টছ ডেস্ক, 13 অক্টোবৰ:ক্ৰিকেট জগতত সময়ে সময়ে বহু ৰোমাঞ্চকৰ ঘটনা সংঘটিত হয় ৷ তাৰ ভিতৰত এনে এক অভিলেখ হৈছে 3 টা বলত 24 ৰাণ সংগ্ৰহ ৷ এই সুকীয়া অভিলেখ অৰ্জন কৰি থৈছে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা মাষ্টাৰ-ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে ৷ তেণ্ডুলকাৰৰ পিছত কোনো এগৰাকী ক্ৰিকেটাৰে এই অভিলেখ অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই ৷

এই কথা শুনাৰ পিছত সকলোৱে একেমুখে ক’ব এয়া কেনেদৰে সম্ভৱ ? কিয়নো এটা বলত সৰ্বাধিক 6 ৰাণহে সংগ্ৰহ কৰিব পাৰি ৷ শচীন তেণ্ডুলকাৰে 3 টা বলত 24 ৰাণ সংগ্ৰহ কৰিছিল অৰ্থাৎ প্ৰতিটো বলত 7.1 ৰাণৰ গড়ত ।

2002 চনৰ 4 ডিচেম্বৰত ক্ৰিষ্টচাৰ্চত শচীনে খেলিছিল এই ঐতিহাসিক ইনিংছ

শচীনে 2002/03 চনত নিউজিলেণ্ড ভ্ৰমণৰ সময়ত অৰ্জন কৰিছিল এই কৃতিত্ব । এই মেচখনত শচীনৰ ইনিংছক কেৰিয়াৰৰ আটাইতকৈ বিপদজনক ইনিংছ হিচাপে গণ্য কৰা হয় । শচীনে নিজেই ইয়াক তেওঁৰ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ ইনিংছ বুলি গণ্য কৰে ।

মেচখন 2002 চনৰ 4 ডিচেম্বৰত ক্ৰিষ্টচাৰ্চ খেলপথাৰত অনুষ্ঠিত হৈছিল আৰু তেওঁ মাত্ৰ 27 টা বলত 72 ৰাণৰ বিধ্বংসী ইনিংছ খেলিছিল ।

এই মেচৰ নাম আছিল "ক্ৰিকেট মেচ ইণ্টাৰনেশ্যনেল"

এই ভ্ৰমণত আই চি চিয়ে এদিনীয়া খেলবোৰক 10-10 অভাৰৰ 2-2 ইনিংছত বিভক্ত কৰিবলৈ পৰীক্ষা-নিৰীক্ষা কৰিছিল । প্ৰতিটো দলৰ খেলুৱৈৰ সংখ্যাও 11 ৰ পৰা 12 লৈ ৰখা হৈছিল । এই খেলখনৰ নাম আছিল 'ক্ৰিকেট মেচ ইণ্টাৰনেশ্যনেল' ।

এই মেচখনত বলাৰৰ বেক স্ক্ৰীণৰ (ছাইট স্ক্ৰীণ) সন্মুখৰ এলেকাটোক 'মেচ জ’ন' হিচাপে ঘোষণা কৰা হৈছিল । এইক্ষেত্ৰত বেটছমেনসকলে দুগুণ ৰাণ লাভ কৰিব, অৰ্থাৎ, যদি কোনো বেটছমেনে যদি চাৰি কোবাই, তেন্তে তেওঁ 4 ৰ পৰিৱৰ্তে লাভ কৰিব 8 ৰাণ ৷ আনহাতে, কোনোবাই এটা ছয় কোবালে, লাভ কৰিব 12 ৰাণ ৷

শচীনে 3 টা বলত সংগ্ৰহ কৰিছিল 24 ৰাণ

এই মেচখনত নিউজিলেণ্ডে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । নিউজিলেণ্ডে 10 অভাৰত 5 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 123 ৰাণ । প্ৰত্যুত্তৰত ভাৰতৰ অপেনাৰ হিচাপে ক্ৰিজলৈ অহা মাষ্টাৰ-ব্লাষ্টাৰ শচীনে 1994 চনত ক্ৰিষ্টচাৰ্চত প্ৰথমবাৰৰ বাবে মাত্ৰ 49 বলত 82 ৰাণ সংগ্ৰহ কৰি ধুমুহাৰ সৃষ্টি কৰিছিল ।

3 টা বলত 8, 12 আৰু 4 ৰাণ

এই মেচখনত শচীনে মাত্ৰ 27 টা বলত 72 ৰাণৰ বিধ্বংসী ইনিংছ খেলিছিল ৷ সেই সময়ত ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে 'মেক্স জ’ন' ত একেৰাহে তিনিটা বল কোবাই সকলোকে আচৰিত কৰি তুলিছিল । শচীনে এই 3 টা বলত ক্ৰমে এটা চাৰি, এটা ছয় আৰু দুই ৰাণ সংগ্ৰহ কৰিছিল । কিন্তু নিয়মৰ অধীনত ক্ৰিকেটাৰগৰাকীয়ে ক্ৰমান্বয়ে 8, 12 আৰু 4 ৰাণ লাভ কৰিছিল । সমান্তৰালকৈ তেওঁ একেৰাহে 3 টা বলত 24 ৰাণ সংগ্ৰহ কৰা বিশ্বৰ প্ৰথমগৰাকী ক্ৰিকেটাৰত পৰিগণিত হয় ।

শচীনৰ আক্ৰমণাত্মক বেটিঙৰ পিছতো ভাৰত পৰাস্ত

শচীনৰ সুন্দৰ ইনিংছৰ পিছতো ভাৰতে মেচখনত 21 ৰাণত পৰাস্ত হয় ৷ কিৱি দলটোৱে 5 উইকেটত 123 ৰাণ কৰাৰ প্ৰত্যুত্তৰত ভাৰতীয় দলে শচীনৰ ইনিংছৰ ভিত্তিত 5 উইকেটত 133 ৰাণ সংগ্ৰহ কৰে । দ্বিতীয় ইনিংছত নিউজিলেণ্ডে 7 টা উইকেটত 118 ৰাণ সংগ্ৰহ কৰে । কিন্তু জয়ৰ বাবে 109 ৰাণৰ লক্ষ্যৰ সন্মুখত ভাৰতীয় দলে 6 উইকেটত 87 ৰাণ সংগ্ৰহ কৰি মেচখনত পৰাজিত হয় ৷

লগতে পঢ়ক:মহম্মদ আজহাৰউদ্দিনৰ পৰা শ্বেন ৱাৰ্ণলৈকে; কোন কোন ক্ৰিকেটাৰ জড়িত আছিল মেচ ফিক্সিঙত

ABOUT THE AUTHOR

...view details