স্প’ৰ্টছ ডেস্ক: সম্প্ৰতি ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত চলি থকা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী শীৰ্ষক টেষ্ট শৃংখলাৰ দুখনকৈ মেচ ইতিমধ্যে সমাপ্ত হৈছে ৷ পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত ভাৰতে জয়লাভ কৰাৰ বিপৰীতে এডিলেইড টেষ্টত অষ্ট্ৰেলিয়াই জয়ৰ মুখ দেখে ৷
এই জয়ৰ জৰিয়তে দুয়োটা দলে শৃংখলাটোত 1-1 ত সমতা স্থাপন কৰে ৷ এডিলেইড টেষ্টত শোচনীয় পৰাজয়ৰ পিছত টীম ইণ্ডিয়াই বৃহস্পতিবাৰে (14 ডিচেম্বৰ) আৰম্ভ হ'বলগা তৃতীয়খন মেচত জয়লাভ কৰাৰ চেষ্টা চলাব ৷
অনুশীলনৰ সময়ত ভাৰতীয় খেলুৱৈ আঘাতপ্ৰাপ্ত
ব্ৰীছবেনত অনুষ্ঠিত হ’বলগীয়া তৃতীয় টেষ্টৰ পূৰ্বে টীম ইণ্ডিয়াৰ লগতে দেশৰ ক্ৰিকেট অনুৰাগীসকলৰ বাবে এটা বেয়া খবৰ ৷ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, অনুশীলনৰ সময়ত ভাৰতীয় ক্ৰিকেট দলৰ এগৰাকী গুৰুত্বপূৰ্ণ খেলুৱৈ আঘাতপ্ৰাপ্ত হৈছে । আঘাতপ্ৰাপ্ত খেলুৱৈগৰাকী হৈছে ভাৰতীয় ক্ৰিকেট দলৰ উইকেটকীপাৰ বেটছমেন ঋষভ পন্ত ৷
নেটত আঘাতপ্ৰাপ্ত ঋষভ পন্ত
ভাৰতীয় খেলুৱৈসকলে বিগত দুদিন ধৰি নেটত অনুশীলন কৰি থকা দেখা গৈছে ৷ নেটত অনুশীলন কৰি থকাৰ সময়তে উইকেটকীপাৰ বেটছমেন ঋষভ পন্ত আঘাতপ্ৰাপ্ত হয় । পন্তে নেটত বেটিঙৰ অনুশীলন কৰি থাকোতে থ্ৰ’-ডাউন বিশেষজ্ঞ ৰঘুই বলিং কৰি আছিল ।