ছিডনী :ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলিত ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পঞ্চম মেচত নিজৰ স্থিতি স্থিৰ কৰিছে যদিও এতিয়াও জয়ৰ সম্ভাৱনা বহু দূৰত । ছিডনী ক্ৰিকেট গ্ৰাউণ্ডৰ কঠিন পিটচত ভাৰতীয় বেটছমেন বিশেষকৈ ঋষভ পন্তে চমৎকাৰ খেল প্ৰদৰ্শন কৰিছে । যাৰ সহায়ত ভাৰতে দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে গুৰুত্বপূর্ণ অগ্ৰগতি লাভ কৰিছে । ঋষভ পন্তে ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত এক ঐতিহাসিক অর্ধশতক অৰ্জন কৰে আৰু ৫০ বছৰ পুৰণি এক ৰেকৰ্ড ভংগ কৰে । দ্বিতীয় দিনৰ খেলৰ সমাপ্তিত ভাৰতে নিজৰ দ্বিতীয় ইনিংছত ৬ টা উইকেট হেৰুৱাই ১৪১ ৰাণ সংগ্ৰহ কৰি ঘৰুৱা দলৰ বিৰুদ্ধে ১৪৫ ৰাণৰ অগ্ৰগতি লাভ কৰিছে ৷ অৱশ্যে আজিও ভাৰতৰ বেটছমেনসকল আশানুৰূপ প্ৰদৰ্শন কৰাত ব্যৰ্থ হয় ৷
বলিঙত সফলতা স্বত্বেও বেটিঙত বিপৰ্যয় অব্যাহত
ছিডনী পিংক বল টেষ্টৰ প্ৰথম দিনা প্ৰথম ইনিংছত ১৮৫ ৰাণত অল আউট হৈ ভাৰতীয় দলে চলিত শৃংখলাত নিজৰ বেটিঙ বিপৰ্যয়ৰ ধাৰা অব্যাহত ৰাখে যদিও বলিঙত ভাৰতীয় বলাৰসকলে নিজৰ উজ্জীৱিত প্ৰদৰ্শন দেখুৱাই খেলখন অষ্ট্ৰেলিয়াৰ পক্ষে যোৱাটো কিছু পৰিমাণে প্ৰতিহত কৰিবলৈ সক্ষম হয় ৷ শনিবাৰে খেল আৰম্ভ হোৱাৰ পিছতে ভাৰতীয় পেচাৰসকলে বিপক্ষৰ বেটিঙত চাপ সৃষ্টি কৰি ঘৰুৱা দলটোৰ বাবে শক্তিশালী স্থিতিত উপনীত হোৱাটো কঠিন কৰি তোলে ৷ ভাৰতীয় বলাৰসকলৰ নিয়ন্ত্ৰিত বলিঙৰ সমুখত কামিন্সবাহিনী ১৮১ ৰাণতে সীমাবদ্ধ হৈ ৰয় ৷ ফলত ভাৰতে ৪ ৰাণৰ সামান্য অগ্ৰগতি লাভ কৰে ৷
কিন্তু দ্বিতীয় ইনিংছতো ভাৰতৰ তাৰকাসমৃদ্ধ বেটিং লাইন-আপে খেলখনত নিজৰ স্থিতি মজবুত কৰাৰ সুযোগ হেৰুৱায় ৷ যশস্বী জয়ছোৱাল, শুভমন গিল, কে এল ৰাহুল , বিৰাট কোহলী- কোনো এজন বেটছমেনেই প্ৰতিৰোধ গঢ়াত ব্যৰ্থ হয় আৰু ইজনৰ পিছত সিজনকৈ পেভেলিয়নমুখী হয় ৷ তাৰ মাজতে এক আগ্ৰাসী ইনিংছ খেলি ঋষভ পন্তে দলৰ স্থিতি কিছু উন্নত কৰে যদিও ভাৰতে দিনটোৰ শেষত হাতত ৪টা উইকেট বাকী থকা অৱস্থাত কেৱল ১৪৫ ৰাণৰ অগ্ৰগতিহে লাভ কৰিছে ৷
ঋষভ পন্তৰ ঐতিহাসিক অর্ধশতক
ভাৰতৰ বাওঁহতীয়া উইকেটৰক্ষক-বেটছমেন ঋষভ পন্তে অষ্ট্ৰেলিয়াৰ বলাৰক নিৰ্দয়ভাৱে প্ৰহাৰ কৰে । তেওঁ মাত্ৰ ২৯ টা বলত নিজৰ অর্ধশতক সম্পূৰ্ণ কৰে । এইটো হৈছে যিকোনো ভাৰতীয় বেটছমেনৰ দ্বাৰা টেষ্ট ক্রিকেটৰ ইতিহাসত বলৰ দৃষ্টিকোণৰ পৰা দ্বিতীয় সৰ্বাধিক দ্ৰুত অর্ধশতক ।