অসম

assam

"মোক নিৰ্বাচিত কৰা নাছিল কাৰণ"- দুলীপ ট্ৰফীৰ পৰা বাদ পৰাৰ পিছত ৰিংকু সিঙৰ প্ৰতিক্ৰিয়া - DULEEP TROPHY 2024

By ETV Bharat Sports Team

Published : Aug 19, 2024, 5:31 PM IST

Rinku Singh on Duleep Trophy: ঘৰুৱা ক্ৰিকেটত উত্তৰ প্ৰদেশৰ হৈ খেলা ৰিংকু সিঙে দলৰ এগৰাকী নিয়মীয়া সদস্য ৷ তাৰপিছতো তেওঁ অন্তৰ্ভুক্ত নহ’ল সন্মানীয় দুলীপ ট্ৰফী 2024 ত ৷ অধ্যক্ষ অজিত আগৰকাৰ নেতৃত্বাধীন বাছনি সমিতিয়ে দুলীপ ট্ৰফীৰ বাবে ইতিমধ্যে ঘোষণা কৰিছে চাৰিটা দল । পঢ়ক সবিশেষ...

DULEEP TROPHY 2024
ৰিংকু সিঙৰ প্ৰতিক্ৰিয়া (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 19 আগষ্ট: ষ্টাৰ ইণ্ডিয়াৰ বেটছমেন ৰিংকু সিঙে আগন্তুক সন্মানীয় দুলীপ ট্ৰফী 2024 সন্দৰ্ভত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ দুলীপ ট্ৰফী এনে এক খেল, যিয়ে ভাৰতৰ ৰঙা বলৰ ঘৰুৱা ক্ৰিকেটৰ আৰম্ভণিক চিহ্নিত কৰে । দুলীপ ট্ৰফী 5 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব, য’ত ভাৰত এ-য়ে ভাৰত বি আৰু ভাৰত চি-ৰ সৈতে ভাৰত ডি-ৰ বিৰুদ্ধে খেলিব ।

অধিনায়ক ৰোহিত শৰ্মা, বিৰাট কোহলী আৰু যশপ্ৰীত বুমৰাহকে ধৰি কেইজনমান জ্যেষ্ঠ খেলুৱৈক বাদ দি প্ৰতিযোগিতাখনৰ চাৰিটা দলত অধিকাংশ চুক্তিবদ্ধ খেলুৱৈক বাছনি কৰা হৈছে ।

ৰিংকু সিঙে ইতিমধ্যে টি-20 ক্ৰিকেটত নিজকে নিয়মীয়া খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰিছে যদিও দীঘলীয়া খেলৰ ফৰ্মেটত লাভ কৰা নাই সুযোগ ৷ অৱশ্যে আটাইতকৈ চুটি ফৰ্মেটত তেওঁ নিয়মীয়া খেলুৱৈ হোৱা স্বত্বেও সন্মানীয় দুলীপ ট্ৰফীত অংশগ্ৰহণ কৰাৰ সুযোগ দিয়া হোৱা নাছিল ৷ অজিত আগৰকাৰ নেতৃত্বাধীন বাছনি সমিতিয়ে সিঙক কোনো দলত অন্তৰ্ভুক্ত নকৰাৰ সিদ্ধান্ত লোৱাৰ পৰিপ্ৰেক্ষিততে খেলুৱৈগৰাকী এই সুবিধা লাভৰ পৰা বঞ্চিত হৈছিল ৷

শেহতীয়া এক সাক্ষাৎকাৰত ৰিংকু সিঙে কয়, "একো নহয়...মই ঘৰুৱা ছিজনত ভাল প্ৰদৰ্শন কৰা নাছিলো ৷ মই ৰঞ্জী ট্ৰফীত বেছি মেচ খেলা নাছিলো... মই 2-3 খন মেচহে খেলিছিলো । মোক নিৰ্বাচিত কৰা হোৱা নাছিল কাৰণ মই ইমান ভাল খেলিব পৰা নাছিলো । মই পৰৱৰ্তী সময়ৰ খেলৰ বাবে নিৰ্বাচিত হ'ব পাৰো" ৷

ঘৰুৱা ক্ৰিকেটত উত্তৰ প্ৰদেশৰ হৈ খেলা 26 বছৰীয়া যুৱকজনে 47 খন প্ৰথম শ্ৰেণীৰ মেচত 3,173 ৰাণ সংগ্ৰহ কৰিছে ৷ যাৰ গড় হৈছে 71.59 ৰ আকৰ্ষণীয় ষ্ট্ৰাইক ৰেটত 54.70 আৰু য’ত আছে সাতটা শতকৰ লগতে 20 টা অৰ্ধশতক । সিঙে মুঠ 21 ইনিংছত 522 টা বলিং কৰি মুঠ ছয়টা উইকেট দখল কৰিছে ।

তেওঁৰ শেহতীয়া ৰঙা বলৰ সমীক্ষাত 2024 চনৰ ফেব্ৰুৱাৰীত অন্ধ্ৰৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ মুখামুখিত চাউথ পাৱে 33 টা বলত মাত্ৰ 26 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ।

প্ৰতিযোগিতাখনৰ প্ৰথম ৰাউণ্ডৰ বাবে নিৰ্বাচিত চাৰিটা দলৰ নামসমূহ তলত দিয়া হৈছে:

টীম এ: শুভমন গিল(অধিনায়ক), ময়ংক আগৰৱালা, ৰিয়ান পৰাগ, ধ্ৰুৱ জুৰেল, কে এল ৰাহুল, তিলক বাৰ্মা, শিৱম দুবে, তনুশ কোটিয়ান, কুলদীপ যাদৱ, আকাশদীপ, প্ৰসিদ্ধ কৃষ্ণ, খলিল আহমেদ, আবেশ খান, বিদ্বাথ কাভেৰাপ্পা, কুমাৰ কুশাগ্ৰা, শাশ্বত ৰাৱট ।

টীম বি: অভিমন্যু ঈশ্বৰণ(অধিনায়ক), যশস্বী জয়ছোৱাল, চৰফৰাজ খান, ঋষভ পন্ত, মুছিৰ খান, নীতিশ কুমাৰ ৰেড্ডী*, ৱাশ্বিংটন সুন্দৰ, ৰবীন্দ্ৰ জাদেজা, মহম্মদ চিৰাজ, যশ দয়াল, মুকেশ কুমাৰ, ৰাহুল চাহাৰ, আৰ চাই কিশোৰ, মোহিত অৱস্থী, এন জগদীশন (উইকেটকীপাৰ) ।

টীম চি:ৰুতুৰাজ গায়কোৱাড়(অধিনায়ক), ছাই সুধাৰচান, ৰজত পাতিদাৰ, অভিষেক পোৰেল(উইকেটকীপাৰ), সূৰ্যকুমাৰ যাদৱ, বি ইন্দ্ৰজিৎ, হৃত্বিক শোকিন, মানৱ সুথৰ, উমৰণ মালিক, বিশক বিজয়কুমাৰ, অংশুল খাম্বোজ, হিমাংশু চৌহান, ময়ংক মাৰ্কণ্ডে, আৰিয়ান জুয়েৰ (উইকেটকীপাৰ), সন্দীপ ৱাৰিয়ান(উইকেটকীপাৰ) ।

টীম ডি: শ্ৰেয়ছ আয়াৰ(অধিনায়ক), অথৰ্ব টাইড, যশ দুবে, দেৱদত্ত পডিক্কাল, ঈশান কিষাণ(উইকেটকীপাৰ), ৰিকী ভুই, সাৰাংশ জৈন, অক্ষৰ পেটেল, অৰ্শদীপ সিং, আদিত্য ঠাকৰে, হৰ্ষিত ৰাণা, তুষাৰ দেশপাণ্ডে, আকাশ সেনগুপ্তা, কে এছ ভাৰত(উইকেটকীপাৰ) আৰু সৌৰভ কুমাৰ ।

লগতে পঢ়ক:বিচিচিআইৰ সচিব জয় শ্বাহৰ ওপৰত খড়্গহস্ত প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ - DULEEP TROPHY 2024

ABOUT THE AUTHOR

...view details