নিউজ ডেস্ক, 11 ছেপ্টেম্বৰ: লালা অমৰনাথ আছিল স্বাধীন ভাৰতৰ ক্ৰিকেট দলৰ প্ৰথম অধিনায়ক । ভাৰতৰ হৈ প্ৰথম টেষ্ট শতক অৰ্জন কৰা ক্ৰিকেটাৰ তেওঁ । সেই শতক তেওঁ নিজৰ অভিষেক মেচত অৰ্জন কৰিছিল । এই খেলখন ১৯৩৩ চনত ইংলেণ্ডৰ বিৰুদ্ধে জিমখানা খেলপথাৰত অনুষ্ঠিত হৈছিল । ইয়াৰ মাত্ৰ এবছৰ আগতে ভাৰতে প্ৰথমখন টেষ্ট মেচ খেলিছিল । সেই সময়ত ক্ৰিকেটৰ ওপৰত ইংলেণ্ডৰ আধিপত্য আছিল ।
লালা অমৰনাথ কোন ?
সাধাৰণ পটভূমিৰ পৰা অহা লালা অমৰনাথ ক্ৰিকেটত ৰাজকীয় আধিপত্যৰ বিৰুদ্ধে মাত মতা প্ৰথমজন ক্ৰিকেটাৰ আছিল । ড’নাল্ড ব্ৰেডমেনকো প্ৰথমবাৰৰ বাবে হিট উইকেটত আউট কৰিছিল তেওঁ । বহু দিশত ভাৰতীয় ক্ৰিকেটৰ ‘প্ৰথম’ ব্যক্তি লালা অমৰনাথৰ জন্ম হৈছিল আজিৰ দিনটোতে ১১ ছেপ্টেম্বৰত কাপুৰথালা (পঞ্জাব)ত, সেই সময়ছোৱাত লালা অমৰনাথে ২৪ খন টেষ্ট মেচ খেলিছিল আৰু তেওঁৰ গড় আছিল মাত্ৰ ২৪.৩৮ ।
এনে গড় ৰাণ সংগ্ৰহকাৰী এজন খেলুৱৈ কেনেকৈ অসাধাৰণ হৈ পৰিল ? ইয়াৰ উত্তৰ সেই সময়ছোৱাত লালাৰ প্ৰভাৱৰ পৰাই পোৱা যায় । ইংলেণ্ড ক্ৰিকেট দলত স্থান লাভ কৰি ভাৰতীয় প্ৰতিভাৰ সৈতে বিশ্বক চিনাকি কৰাই দিয়া প্ৰথমজন ব্যক্তি ৰঞ্জিত সিং হোৱাৰ বিপৰীতে লালা অমৰনাথ আছিল ক্ৰিকেটক সাধাৰণ মানুহৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত ডাঙৰ ভূমিকা লোৱা ব্যক্তি । তেওঁৰ তিনিজন পুত্ৰৰ ভিতৰত দুজনে ভাৰতীয় ক্ৰিকেট দলৰ হৈ খেলিছিল । ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী দলৰ অংশ আছিল তেওঁৰ পুত্ৰ মহিন্দ্ৰ অমৰনাথ ।
লালা অমৰনাথৰ দৃঢ় উদ্দেশ্য আৰু তীক্ষ্ণ মনটোৱে ক্ৰিকেটত গভীৰ প্ৰভাৱ পেলাইছিল । সেই সময়ত ক্ৰিকেট ৰাজনীতিও যথেষ্ট প্ৰভাৱশালী আছিল । এই অস্থিৰতাৰ সময়ছোৱাত অমৰনাথে ভাৰতীয় ক্ৰিকেটৰ মূল মুখ হিচাপে থিয় দিছিল । ক্ৰিকেটৰ বিষয়ে তেওঁৰ বুজাবুজি ইমানেই গভীৰ আছিল যে অৱসৰৰ পিছত লোৱা সিদ্ধান্তবোৰেও সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাইছিল ।
একেৰাহে ১০ খন টেষ্ট মেচত দলটোক নেতৃত্ব দিয়া প্ৰথমজন ভাৰতীয় অধিনায়ক আছিল লালা অমৰনাথ । তেওঁৰ অধিনায়কত্বত ১৫ খন টেষ্ট মেচত চলিছিল য’ত ভাৰতে প্ৰথমখন টেষ্টত জয়লাভ কৰিছিল তীব্ৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে । ১৯৫২ চনত ফিৰোজশ্বাহ কোটলাত খেলা এই মেচখনে ভাৰতীয় আধিপত্যৰ চিন এৰি যোৱা বুলি প্ৰমাণিত হয় ।
এই সিদ্ধান্তবোৰেৰে লালাই সকলোকে আচৰিত কৰি তুলিলে-