স্পৰ্টছ ডেস্ক, 15 এপ্ৰিল : বাংগালুৰুত ছান ৰাইজাৰ্ছ হায়দৰাবাদৰ বেটিং ধুমুহা ৷ হায়দৰাবাদৰ বেটিং বিক্ৰমত অসহায় ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰু ৷ বাগালুৰুৰ বলাৰক নিৰ্দয় প্ৰহাৰ কৰি বিশাল লক্ষ্য বান্ধিলে হায়দৰাবাদে ৷
বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত আই পি এল 2024ৰ 30 সংখ্যক খেলখনত সোমবাৰে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মুখামুখি হৈছে ছান ৰাইজাৰ্ছ হায়দৰাবাদ ৷ প্ৰথমে বেটিং কৰি ছান ৰাইজাৰ্ছ হায়দৰাবাদ দলে বিস্ফোৰক বেটিঙেৰে বাগালুৰু দলক জয়ৰ বাবে বান্ধি দিছে 288 ৰাণৰ বিশাল লক্ষ্য ৷
টছত জিকি বেংগালুৰু দলে বলিং কৰাৰ সিদ্ধান্ত লয় ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি ট্ৰেভিচ হেডৰ দুৰ্দান্ত শতকৰ সহায়ত হায়দৰবাদ দলে নিৰ্ধাৰিত 20 অভাৰত 3 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 287 ৰাণ ৷ ট্ৰেভিছ হেডে দুৰ্দান্ত বেটিঙেৰে মাত্ৰ 41 টা বলত 102 ৰাণ সংগ্ৰহ কৰে ৷ তেওঁৰ এই শতকত 8 টা 6 আৰু 9 টা চাৰি আছিল ৷ হেনৰিক ক্লাছেনে 31 টা বলত বিস্ফোৰক 67 ৰাণ সংগ্ৰহ কৰে ৷ অপেনাৰ অভিষেক শৰ্মাই 22 টা বলত সংগ্ৰহ কৰে 34 ৰাণ ৷ আব্দুল ছামাদে মাত্ৰ 10 টা বলতে 4 টা চাৰি আৰু 3 টা ছয়ৰে 37 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷ এইডেন মাৰক্ৰামে 17 টা বলত 2 টা চাৰি আৰু 2 টা ছয়ৰে 32 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷ বেংগালুৰুৰ হৈ ৰিচ টপলিয়ে 2 টা উইকেট দখল কৰাৰ বিপৰীতে লকী ফাৰ্গুছনে দখল কৰে 1 টা উইকেট ৷