নিউজ ডেস্ক, ২ এপ্ৰিল:আই পি এল ২০২৪ৰ ১৫ সংখ্যক মেচত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুক ২৮ ৰানত পৰাস্ত কৰে । বাংগালুৰুৰ আমন্ত্ৰণমৰ্মে প্ৰথমে বেটিং কৰি লক্ষ্ণৌৱে ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৮১ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুত্তৰত বেংগালুৰু দলে বেটিং কৰিবলৈ আহি ১৯.৪ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৫৩ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ মায়ংক যাদৱে পুনৰবাৰ বিধ্বংসী ৰূপ ধাৰণ কৰি তিনিটা উইকেট দখল কৰে । শেষৰখন মেচতো তেওঁ পঞ্জাব কিংছৰ বিৰুদ্ধে তিনিটা উইকেট দখল কৰি দলটোৰ জয়ত সহায় কৰিছিল ৷
চলিত আই পি এলৰ চাৰিখন মেচত বেংগালুৰুৰ এয়া তৃতীয়টো পৰাজয় । একে সময়তে লক্ষ্ণৌৰ তিনিখন মেচত একেৰাহে দ্বিতীয়টো জয় । এই জয়ৰ জৰিয়তে লক্ষ্ণৌ দলে ৪ পইণ্টেৰে পইণ্ট তালিকাৰ চতুৰ্থ স্থানত উপনীত হৈছে । একে সময়তে মুম্বাইৰ পৰা এক স্থান ওপৰত অৰ্থাৎ নৱম স্থানত আছে বেংগালুৰু দল ।