অসম

assam

দেশৰ আগশাৰীৰ ক্লাবৰ অংশগ্ৰহণেৰে ১৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতা - Tezpur Football Tournament

By ETV Bharat Sports Team

Published : Sep 17, 2024, 12:30 PM IST

Tezpur Challenge Football Tournament : ডুগৰ শ্বিল্ডৰ বিকল্প তেজপুৰ চেলেঞ্জ ফুটবলৰ প্ৰস্তুতি সম্পূৰ্ণ । এই প্ৰতিযোগিতাত পাঁচ হাজাৰ দৰ্শকে খেল উপভোগ কৰিব পৰাকৈ সুবিধা কৰা হৈছে । তেজপুৰ জিলা ক্ৰীড়া সন্থাই সদৰী কৰিলে সবিশেষ ।

Tezpur Challenge Football Tournament
ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতা (ETV Bharat Assam)

তেজপুৰ, ১৭ছেপ্টেম্বৰ : তেজপুৰ পল ফিল্ডত অহা ১৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতা । সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ পলফিল্ডস্থিত কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত এই বিষয়ে সদৰী কৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি জিতেন বৰঠাকুৰে ।

ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতা (ETV Bharat Assam)
  • ডুগৰ শ্বিল্ডৰ বিকল্প ফুটবল:

অসমৰ অন্যতম প্ৰধান ফুটবল প্ৰতিযোগিতাৰ ভিতৰত তেজপুৰৰ চৌহনলাল ডুগৰ শ্বিল্ড ফুটবল প্ৰতিযোগিতা । ১৯৫৬ চনত অনুষ্ঠিত এই খেলখন অসম ফুটবল সন্থাৰ পাঁচখন ব্লু ৰিবণ্ড প্ৰতিযোগিতাৰ ভিতৰত অন্যতম । আন কেইখন হ’ল বৰদলৈ ট্ৰফী (গুৱাহাটী), স্বাধীনতা দিৱস কাপ (নগাঁও), আটপা শ্বিল্ড (যোৰহাট) আৰু কেপ্তেইন এনএম গুপ্তা শ্বিল্ড ।

চহৰখনৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী তথা ব্যৱসায়ী চৌহনলাল ডুগৰৰ স্মৃতিত ডুগৰ শ্বিল্ডৰ আয়োজন কৰা হৈছিল ২০১৫ চনলৈকে । পৰৱৰ্তী সময়ত প্ৰাক্তন বিধায়ক ৰাজেন বৰঠাকুৰৰ নেতৃত্বত তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতা আৰম্ভ হয় । বৰঠাকুৰৰ অকাল মৃত্যুৰ পিচত এই খেলখন ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল হিচাপে নামকৰণ কৰা হয় ।

  • ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতা :

তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতিগৰাকীয়ে প্ৰতিযোগিতাখনিৰ ব্য়য় সন্দৰ্ভত কয়, "এসময়ত শোণিতপুৰ তথা ৰাজ্যৰ অন্যতম ফুটবল উন্মাদনাৰ এক পৰিচয় ডুগৰ শ্বিল্ডৰ বিকল্প ফুটবল প্ৰতিযোগিতা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাত এইবাৰ ব্যয় হ’ব ২৫ লাখ টকা ৷"

তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি জিতেন বৰঠাকুৰে কয়, "ভাৰতীয় ফুটবল সন্থা তথা অসম ফুটবল সন্থাৰ অনুমোদন মৰ্মে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ২০১৬ৰ পৰা ঐতিহ্যমণ্ডিত ডুগৰ শ্বিল্ডৰ বিকল্প হিচাপে আয়োজিত তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাখনেও জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে ৷ এইবাৰ পাঁচ হাজাৰ দৰ্শকে খেল উপভোগ কৰিব পৰাকৈ সুবিধা কৰা হৈছে ।"

সন্থাৰ সভাপতিগৰাকীয়ে উল্লেখ কৰা অনুসৰি ১৮ ছেপ্টেম্বৰত উদ্বোধনী খেলখনত প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব তেজপুৰ এফচি আৰু মৰিগাঁৱৰ নৱজ্যোতি ক্লাৱ ৷

  • কোন কোন দলে অংগ্ৰহণ কৰিব ?

এই প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিবলগীয়া দলসমূহৰ ভিতৰত অন্য়তম হৈছে অইল ইণ্ডিয়া ডুলীয়াজান, দিল্লী এফচি,অসম পুলিচ, গোঁসাইগাঁও গ্ল'বেল এফচি, মণিপুৰৰ ইম্ফল এফচি, ছিলঙৰ লাজং এফচি, মণিপুৰৰ ফুটবল ফৰ চেঞ্জ, গুৱাহাটীৰ গ্ৰীণভেলী আৰু যোৰহাট টাউন ক্লাব ৷

  • বিজয়ী দলে কিমান ধন লাভ কৰিব ?

উল্লেখযোগ্য যে প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত বিজয়ী দলে তাৰিণী ভূঞা সোঁৱৰণি ট্ৰফীৰ লগতে একলাখ টকা আৰু বিজিত দলে ৫০ হেজাৰ টকাৰ প্ৰাইজমানিসহ ট্ৰফী লাভ কৰিব । প্ৰতিখন খেলতে শ্ৰেষ্ঠ খেলুৱৈক 'প্ৰেম ডেকা সোঁৱৰণি নগদ ধনৰ উপৰি শ্ৰেষ্ঠ খেলুৱৈ' সহ একাধিক আকৰ্ষণীয় বঁটাও প্ৰদান কৰা হ'ব ৷

এইবাৰ প্ৰতিযোগিতাৰ আয়োজনৰ সৈতে ৰাইজকো জড়িত কৰা হৈছে । সেয়ে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি প্ৰতিযোগিতাখনৰ বাবে এখন পৃথক আয়োজক সমিতিও তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত গঠন কৰা হৈছে ৷ ৰাজ্য তথা বহিঃৰাজ্যৰ আগশাৰীৰ ফুটবল দলৰ অংশগ্ৰহণৰে তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰতিখন খেলেই এইবাৰ আকৰ্ষণীয় হ’ব বুলি আশা কৰা হৈছে ৷

উক্ত সংবাদমেলখনত অংশগ্ৰহণ কৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি জিতেন বৰঠাকুৰৰ লগতে সম্পাদক জিতেন বৰা, তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ ৰাজহুৱা আয়োজক সমিতিৰ সভাপতি বিৰাজ নাথ,তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি সুৰজিৎ বৰা আৰু প্ৰদীপ বৰঠাকুৰে ।

লগতে পঢ়ক:শান্তি চুক্তিৰ প্ৰতিটো দফাই ডিচেম্বৰৰ ভিতৰত কাৰ্যকৰী কৰাৰ দাবী - ABSU On Peace Accord implementation

সুদীৰ্ঘ বিৰতিৰ মূৰত যোৰহাটত ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা - All India Football Federation

ৰুদ্ৰসিংহ কাপ ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি: সাপেখাতী ফুটবল ক্লাৱ চেম্পিয়ন - RUDRASINGH CUP FOOTBALL TOURNAMENT

ABOUT THE AUTHOR

...view details