ETV Bharat / sports

চেন্নাই টেষ্টৰ প্ৰথম দিনটোত সংকটমোচকৰ ৰূপত অশ্বিন-জাদেজা, ব্যৰ্থ ৰোহিত-কোহলীকে ধৰি শীৰ্ষ বেটছমেন - INDIA VS BANGLADESH 1ST TEST

author img

By ETV Bharat Sports Team

Published : 8 hours ago

IND vs BAN Test Day-1 Report: ভাৰত-বাংলাদেশৰ টেষ্ট মেচৰ প্ৰথম দিনটোত বেটিং বিপৰ্যয় ঘটে ভাৰতৰ ৷ অৱশ্যে দলটোৰ হৈ ৰবিচন্দ্ৰন অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাই পালন কৰে ত্ৰাণকৰ্তাৰ ভূমিকা ৷ অশ্বিনৰ দৰ্শনীয় শতকৰ বাবেই ভাৰতে প্ৰথম দিনা 350 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

INDIA VS BANGLADESH 1ST TEST
ভাৰত-বাংলাদেশ টেষ্ট (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 19 ছেপ্টেম্বৰ: ভাৰত-বাংলাদেশৰ মাজত অনুষ্ঠিত টেষ্ট শৃংখলাৰ প্ৰথমখন মেচৰ আজি আছিল প্ৰথমটো দিন । এই মেচত টছত জয়ী হৈ বাংলাদেশে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ বাংলাদেশে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় ।

প্ৰথম দিনাৰ খেলৰ শেষলৈকে প্ৰথমে বেটিং কৰিবলৈ অহা ভাৰতীয় দলটোৱে 6 উইকেট হেৰুৱাই 368 ৰাণ সংগ্ৰহ কৰে ৷ অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাৰ শতকীয় ইনিংছৰ অংশীদাৰিত্বৰ বাবে দলটো এক সুস্থিৰ অৱস্থাত উপনীত হয় । মেচৰ আৰম্ভণিতে ভাৰতে ৰাণ সংগ্ৰহৰ বাবে যথেষ্ঠ সংগ্ৰাম কৰিবলগীয়া হয় যদিও পিছলৈ বাংলাদেশৰ বিৰুদ্ধে বেটিং বিক্ৰম প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় টীম ইণ্ডিয়া ৷

প্ৰথম ছেচন - ভাৰত (83/3)

বাংলাদেশৰ আমন্ত্ৰণমৰ্মে প্ৰথমে বেটিং কৰিবলৈ অহা ভাৰতীয় দলৰ আৰম্ভণি আছিল তেনেই শোচনীয় ৷ প্ৰথম অৱস্থাত বাংলাদেশৰ বলাৰসকলে ভাৰতীয় বেটছমেনসকলৰ বিৰুদ্ধে আধিপত্য বিস্তাৰ কৰা দেখা গৈছিল ।

মেচৰ ষষ্ঠ অভাৰত দলীয় 14 ৰাণত অধিনায়ক ৰোহিত শৰ্মাৰ উইকেট হেৰুৱাই ভাৰতে । পৰৱৰ্তী সময়ত 28 ৰাণ সংগ্ৰহৰ পিছত দলটোৱে শুভমন গিলৰ ৰূপত হেৰুৱাই দ্বিতীয়টো উইকেট ৷

ইয়াৰ পাছতে 36 ৰাণত ভাৰতে হেৰুৱাই তাৰকা বেটছমেন বিৰাট কোহলীয়েৰ উইকেট ৷ কোহলীয়ে ব্যক্তিগত 6 ৰাণ সংগ্ৰহ কৰিয়েই পেভিলিয়নলৈ ওভতে ৷ ভাৰতীয় দলটোৱে প্ৰথম 3 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে মাত্ৰ 83 ৰাণ ৷ বাংলাদেশৰ দ্ৰুত বলাৰ মাহমুদ হাছানে ভাৰতৰ তিনিওটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰে ।

দ্বিতীয় ছেচন - (ভাৰত 176/6)

দ্বিতীয় ছেচনত দলীয় স্ক’ৰ 83 ৰাণ হোৱাৰ পিছত দলৰ ইনিংছ লাহে লাহে আগুৱাই নিয়ে যশস্বী জয়ছোৱাল আৰু ঋষভ পন্তে ৷ এই ছেচনত ভাৰতে 20 ৰাণ যোগ দিয়াৰ পিছতে দুৰ্ঘটনাৰ পিছত ৰেডবলৰ ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটোৱা ঋষভ পণ্টে 39 ৰাণৰ ব্যক্তিগত স্ক’ৰত ক্ৰিজৰ পৰা বিদায় লয় ৷

এই সময়ছোৱাত যশস্বী জয়ছোৱালে পুনৰবাৰ বেটিং দক্ষতা আৰু ধৈৰ্যৰ পৰিচয় দি 95 টা বলত 8 টা চাৰিৰ সহায়ত সম্পূৰ্ণ কৰে অৰ্ধশতক । কিন্তু জয়ছোৱালে ব্যক্তিগত 56 ৰাণত নাহিদ ৰাণাৰ বলি হৈ উইকেট হেৰুৱায় ।

ইফালে দ্বিতীয় ছেচনত উইকেটকীপাৰ বেটছমেন কে এল ৰাহুলেও 16 ৰাণ সংগ্ৰহ কৰি হাছান মিৰাজৰ হাতত উইকেট তুলি দিয়ে ৷ দ্বিতীয় ছেচনৰ শেষলৈকে ভাৰতে 6 টা উইকেট হেৰুৱাই 176 ৰাণ সংগ্ৰহ কৰে ।

তৃতীয় ছেচন - ভাৰতৰ সম্পূৰ্ণ আধিপত্য

তৃতীয় ছেচনত 176 ৰাণ সংগ্ৰহ কৰি বেটিং কৰিবলৈ অহা ভাৰতীয় দলটোৱে বাংলাদেশৰ বিৰুদ্ধে সম্পূৰ্ণৰূপে আধিপত্য বিস্তাৰ কৰে । অশ্বিন আৰু জাদেজাৰ 195 ৰাণৰ অংশীদাৰিত্বৰ বাবেই ভাৰতে 6 টা উইকেট হেৰুৱাই 339 ৰাণৰ স্ক’ৰেৰে প্ৰথম দিনটোৰ খেল সমাপ্ত কৰে ।

অশ্বিনৰ শতক

ৰবিচন্দ্ৰন অশ্বিনে বাংলাদেশৰ বিৰুদ্ধে চমকপ্ৰদ ইনিংছ খেলি 108 টা বলত সম্পূৰ্ণ কৰে শতক । এই সময়চোৱাত অশ্বিনে 10 টা চাৰি আৰু দুটা ছয় কোবায় । ভাৰতীয় দলৰ অলৰাউণ্ডাৰ খেলুৱৈ অশ্বিনৰ এয়া ষষ্ঠটো টেষ্ট শতক । দিনটোৰ শেষলৈকে তেওঁ 102 ৰাণত অপৰাজিত হৈ ৰয় ৷ বিপৰীতে ৰবীন্দ্ৰ জাদেজাই 86 ৰাণত অপৰাজিত হৈ ক্ৰিজত বৰ্তি থাকে ।

লগতে পঢ়ক: চেন্নাই টেষ্টত ভাৰতৰ বেটিং বিপৰ্যয়ৰ মূল কাৰণ কোন এইগৰাকী হাছান মাহমুদ - INDIA VS BANGLADESH 1ST TEST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.