গুৱাহাটী: "এটা দল, দুখন ঘৰ । জন্ম ৰাজস্থানত, উদযাপন অসমত"- শ্লোগানৰে আসন্ন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অৰ্থাৎ আই পি এল 2025 ৰ দুখনকৈ ঘৰুৱা মেচ খেলিবলৈ গুৱাহাটীলৈ আহিছে ৰাজস্থান ৰয়েলছ ।
আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন দলটোৱে ক্ৰিকেটপ্ৰেমীক এইবাৰ ষ্টেডিয়ামত খেলুৱৈৰ অনুশীলন উপভোগ কৰাৰ সুযোগ দিব । ২১ ফেব্ৰুৱাৰীত বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত নিশা সাত বজাৰ পৰা এঘাৰ বজালৈ হ’বলগা ৰাজস্থান ৰয়েলছৰ অনুশীলন গেলেৰীত বহি ক্ৰিকেটপ্ৰেমীয়ে উপভোগ কৰিব পাৰিব ।
ৰাজস্থান ৰয়েলছৰ অনুশীলন শিবিৰ আৰম্ভ (ETV Bharat Assam) উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে অসমৰ ক্ৰিকেটপ্ৰেমীয়ে এইদৰে এ চি এ ষ্টেডিয়ামত কোনো দলৰ অনুশীলন গেলেৰীত বহি উপভোগ কৰাৰ সুযোগ পাইছে । ইয়াৰ বাবে কোনো টিকটৰো প্ৰয়োজন নাই । দৰ্শকৰ বাবে মুকলি থাকিব ৰাজস্থান ৰয়েলছ দলৰ অনুশীলন ।
ঘৰুৱা খেলপথাৰত ৰিয়ান পৰাগ (ETV Bharat Assam) মঙলবাৰৰ পৰাই ৰাজস্থান ৰয়েলছে এ চি এ ষ্টেডিয়ামত নিজৰ অনুশীলন আৰম্ভ কৰিছে । পুৱা দহ বজাৰ পৰা তিনি বজালৈ আৰু নিশা সাত বজাৰ পৰা এঘাৰ বজালৈ দলটোৰ খেলুৱৈসকলে অনুশীলন কৰে । প্ৰথমদিনাৰ অনুশীলনত অংশ লয় অসম সন্তান ৰিয়ান পৰাগ, নীতিশ ৰাণা, ধ্ৰুৱ জুৰেল, বৈভৱ সূৰ্যবংশী, অশোক শৰ্মা, আকাশ মাধৱাল আৰু সন্দীপ শৰ্মাই । দলৰ অনুশীলনত উপস্থিত থাকে মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আৰু স্পীন বলিং প্ৰশিক্ষক ছৈৰাজ বহুতুলে ৷ ২২ ফেব্ৰুৱাৰীলৈ এই বিশেষ শিবিৰ অনুষ্ঠিত হ’ব ।
মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় (ETV Bharat Assam) উল্লেখ্য যে, এইবাৰ ৰাজস্থান ৰয়েলছে গুৱাহাটীত মেচ খেলাই নহয়, অনুশীলন শিবিৰো দলটোৰ দ্বিতীয়খন ঘৰ বৰ্ষাপাৰাৰ এ চি এ ক্ৰিকেট ষ্টেডিয়ামতে কৰাৰ সিদ্ধান্ত লৈছে । ইফালে ৰাজস্থান ৰয়েলছে আসন্ন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ঘৰুৱা মেচৰ আৰম্ভণিও গুৱাহাটীৰ পৰাই কৰিব ।
দলটোৰ খেলুৱৈসকল (ETV Bharat Assam) আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে ২৬ মাৰ্চত গুৱাহাটীত প্ৰথমখন ঘৰুৱা মেচত কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হোৱাৰ বিপৰীতে ৩০ মাৰ্চত ছিজনৰ দ্বিতীয়খন ঘৰুৱা মেচ দলটোৱে এ চি এ ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব । গুৱাহাটীৰ দুয়োখন খেলে নৈশালোকত অনুষ্ঠিত হ’ব । অৱশ্যে আৰ আৰ দলে ইয়াৰ পূৰ্বে হায়দৰাবাদত ছানৰাইজাৰ্ছৰ বিৰুদ্ধে ২৩ মাৰ্চত প্ৰথমখন মেচ খেলি নতুন ছিজনৰ অভিযান আৰম্ভ কৰিব ৷ গুৱাহাটীত অনুশীলন কৰিয়েই ছিজনৰ নতুন অভিযানৰ বাবে যাব দলটো ৷
খেলুৱৈক টিপছ দিয়াত ব্যস্ত দ্ৰাবিড় (ETV Bharat Assam) ক্ৰমাগত তৃতীয়বাৰৰ বাবে গুৱাহাটীক গৃহ চহৰ হিচাপে লৈছে ৰাজস্থান ৰয়েলছে ৷ অসম তথা উত্তৰ পূৱৰ জনসাধাৰণৰ মৰম বিচাৰি পুনৰ গুৱাহাটীলৈ আহিছে ৰাজস্থান ৰয়েলছ ৷
সতীৰ্থৰ সৈতে ৰিয়ান পৰাগ (ETV Bharat Assam) লগতে পঢ়ক:ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ সময়সূচী ঘোষণা