তেজপুৰ :ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ পঞ্চম বৰ্ষৰ চূড়ান্ত খেলৰ প্ৰস্তুতি তুংগত । এই চূড়ান্ত খেলত উপস্থিত থাকিব ফেডাৰেচন ইন্টাৰনেচনেল দ্য় ভলীবলৰ সভাপতি ফেবিঅ' এজেভেদ' । ব্ৰহ্মপুত্ৰ ভলীবলৰ জন্মদাতা তথা ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিত ভট্টাচাৰ্যই আজি চূড়ান্ত খেলৰ প্ৰস্তুতি সন্দৰ্ভত ব্য়াখ্য়া কৰে ।
অভিজিত ভট্টাচাৰ্যই এই সম্পৰ্কে কয়," সম্পূৰ্ণ এখন গাঁৱৰ চানেকি প্ৰস্তুত কৰা হৈছে তেজপুৰ প'ল ফিল্ড গ্ৰাউণ্ডক । ফেডাৰেচন ইন্টাৰনেচনেল দ্য় ভলীবলৰ সভাপতি ফেবিঅ' এজেভেদ'ৰ লগতে আন্তঃৰাষ্ট্ৰীয় দলটোক আদৰিবলৈ ফিল্ডৰ কাষতে নিৰ্মাণ কৰা হৈছে অসমীয়া পৰম্পৰাৰে এটি পুৰণি খেৰৰ গৃহ ।" তেওঁ লগতে কয়, "এই গৃহত থাকিব চহা জীৱনৰ এখন ঘৰৰ চানেকি । গৃহটোৰ লগতে থাকিব ঢেঁকীশাল, গোঁহালি, নাঙল, জুৱলী, মাছ ধৰা সঁজুলি, ঢকুৱাৰ বেৰ । বহিবলৈ নাথাকে কোনো বিশেষ অত্যাধুনিক চকী । বহু পুৰণি অসমীয়া ঘৰৰ কাঠৰ চকীৰ ব্যৱস্থা কৰা হৈছে ।"
ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ পঞ্চম বৰ্ষৰ চূড়ান্ত খেলৰ প্ৰস্তুতি (ETV Bharat Assam) তেওঁ কয়, "খাদ্যৰ বাবে ব্যৱস্থা কৰা হৈছে সম্পূৰ্ণ অসমীয়া ব্যঞ্জন । মাছৰ টেঙা, খাৰলি, তিতা কেৰেলা, কল-পচলা, ঢেঁকীয়া শাক ইত্যাদি থাকিব । আন্তঃৰাষ্ট্ৰীয় সভাপতি আৰু এই বিশেষ দলটোক আদৰিবলৈ পল ফিল্ডৰ মূল প্ৰৱেশ দ্বাৰত নিৰ্মাণ কৰা হৈছে অসমীয়া পৰম্পৰাৰ এটি বাটচ'ৰা । এই বাটচ'ৰাৰে অসমীয়া মহিলাৰ উৰুলী, শংখ ধ্বনিৰ গায়ন বায়নৰ মাজেৰে আদৰি আনিব আন্তঃৰাষ্ট্ৰীয় সভাপতিগৰাকীক । লগতে অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ প্ৰদৰ্শন কৰা হ'ব ।" বৰ্তমান তেজপুৰ পল ফিল্ডত শতাধিক লোকৰ লগত ব্যস্ত ভাৰতীয় ভলীবলৰ প্ৰাক্তন অধিনায়ক আৰু ব্ৰহ্মপুত্ৰ ভলীবলৰ জন্মদাতা অভিজিত ভট্টাচাৰ্য । ২০২০ চনত প্ৰথম তেজপুৰৰ পৰা আৰম্ভ হোৱা ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ পঞ্চম বৰ্ষৰ চূড়ান্ত খেল অনুষ্ঠিত হ'ব তেজপুৰ পল ফিল্ড খেলপথাৰত ।
তেজপুৰত ব্ৰহ্মপুত্ৰ ভলীবলৰ ছুপাৰ লীগ :
এইবাৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগ আৰম্ভ হৈছে এক বহল পৰিসৰত । তেজপুৰত অনুষ্ঠিত হ'বলগীয়া এই বি ভি এলৰ ছুপাৰ লীগত উপস্থিত থাকিব আন্তঃৰাষ্ট্ৰীয় ভলীবলৰ সভাপতিগৰাকী । অসমত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ভলীবলৰ সভাপতিয়ে গাঁৱৰ খেলুৱৈৰ খেল নিৰীক্ষণ কৰিব । গাঁৱৰ সাধাৰণ খেলুৱৈ সকলৰ লগত তেওঁ কিছু সময় অন্তৰংগ বাৰ্তালাপ কৰিব ।
ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ পঞ্চম বৰ্ষৰ চূড়ান্ত খেলৰ প্ৰস্তুতি (ETV Bharat Assam) চূড়ান্ত খেলত আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ :
ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিত ভট্টাচাৰ্যই ইটিভি ভাৰতক কয় ," অহা ২২ জানুৱাৰীত এই চাৰিখন ভলীবলৰ ক'ৰ্ট মুকলি কৰিব যিসকলোকে এই ক'ৰ্ট প্ৰদান কৰিছে । তেজপুৰৰ অতি পুৰণি অনুষ্ঠান তৰুণ অসম সংঘ,অসমীয়া ক্লাৱ ,মাৰোৱাৰী সমাজ আৰু মদন চন্দ্ৰ শৰ্মাৰ নামত এই ক'ৰ্ট প্ৰদান কৰিছে । এইসকল লোকৰ উপস্থিতিত ২২ জানুৱাৰীৰ সন্ধিয়া ভালদিমিৰ গৰ্বীকে এই চূড়ান্ত খেলৰ ক'ৰ্ট মুকলি কৰিব । ২৩ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ এই চূড়ান্ত খেল অনুষ্ঠিত হ'ব ।"
তেওঁ কয়,"অহা ২৩ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ এই চূড়ান্ত খেল অনুষ্ঠিত হ'ব । ২৪ জানুৱাৰীত ফেডাৰেচন ইণ্টাৰনেচনেল ডি ভলীবলৰ সভাপতি ফেবিঅ' এজেভেডো এই ব্ৰহ্মপুত্ৰ ভলীবলৰ চূড়ান্ত খেলত উপস্থিত থাকিব । লগতে উপস্থিত থাকিব কাৰ্যকৰী সঞ্চালক এলিজাভেট ব্ৰাচট । ৰাছিয়াৰ এলিজাভেটে ছিডনী আৰু এথেন্সত অনুষ্ঠিত অলিম্পিকত দুবাৰকৈ অলিম্পিক পদক অৰ্জন কৰিছিল । ইয়াৰ উপৰি ড৹ ভ্লাডিমিৰ গাৰ্বিক আৰু অৰ্জুন বঁটা বিজয়ী, দ্ৰোণাচাৰ্য বঁটা বিজয়ী শ্যাম সুন্দৰ ৰাও এই প্ৰতিযোগিতাত উপস্থিত থাকিব ।"
ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ পঞ্চম বৰ্ষৰ চূড়ান্ত খেলৰ প্ৰস্তুতি (ETV Bharat Assam) ভলীবলৰ বা অন্য কোনো খেলৰ লগত জড়িত নথকা ব্যক্তিয়ে এই খেলৰ আয়োজন কৰিছে । চাৰিদিনত ৩৫ টা দল ৪০০ লোকৰ অংশগ্ৰহণৰে ৭২ খন খেল অনুষ্ঠিত হ'ব । ১২ বছৰ অনুৰ্ধৰ ল'ৰা-ছোৱালী আৰু ১৬ বছৰ অনুৰ্ধৰ গাঁৱৰ ল'ৰা-ছোৱালীয়ে এই খেলত অংশগ্ৰহণ কৰিব । লগতে ১৭০ খন গাঁৱৰ ভলীবলৰ প্ৰশিক্ষিক উপস্থিত থাকিব ।