অসম

assam

ETV Bharat / sports

4, 4, 4, 4, 4, 4 এক অভাৰত ছয়টাকৈ চাৰিৰে কৃতিত্ব অৰ্জন

Six four in 1 over: দলৰ হৈ ইনিংছ মুকলি কৰাৰ সময়তে অৰ্জন অনন্য কৃতিত্ব ৷ যাৰ দ্বাৰা বিশ্ব অভিলেখো গঢ়িবলৈ সক্ষম হয় এইগৰাকী ক্ৰিকেটাৰে ।

By ETV Bharat Sports Team

Published : 4 hours ago

PATHUM NISSANKA
পাথুম নিশাংকা (Ani Photo)

স্প’ৰ্টছ ডেস্ক, 17 অক্টোবৰ:শ্ৰীলংকা আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ তিনিখন মেচৰ টি 20 শৃংখলাটোৰ দ্বিতীয়খন মেচত আয়োজক শ্ৰীলংকাই ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি শৃংখলাত সমতা স্থাপন কৰে ।

এই মেচত শ্ৰীলংকাৰ বেটছমেন পাথুম নিশাংকাই এটা অভাৰত শ্বামাৰ জোচেফৰ বলত একেৰাহে 6 টা বাউণ্ডেৰী কোবায় ৷ ইয়াৰ পূৰ্বেও ক্ৰিকেট জগতত এনেকুৱা ঘটনা সংঘটিত হৈছে ৷ তেন্তে নিশাংকা কেনেদৰে ব্যতিক্ৰম হ’ল, সেয়া নিশ্চয় জানিবলৈ বিচাৰিব অনুৰাগীয়ে ৷

শৃংখলাত 1-1 ব্যৱধানত সমতা স্থাপন: 15 অক্টোবৰত ডাম্বুলাত শ্ৰীলংকা আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হৈছিল দ্বিতীয়খন টি 20 মেচ । এই মেচত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি শ্ৰীলংকাই শৃংখলাটোত স্থাপন কৰে সমতা ।

দ্বিতীয় টি 20 ত ৱেষ্ট ইণ্ডিজক 73 ৰাণত পৰাস্ত কৰি শ্ৰীলংকাই 3 খন মেচৰ টি 20 শৃংখলাটোক ৰোমাঞ্চকৰ দিশে লৈ যায় ৷ কিন্তু দলটোৰ বেটছমেন পাথুম নিশাংকাই মেচখনত যি কৃতিত্ব অৰ্জন কৰিলে, তাক লৈহে সম্প্ৰতি চৰ্চা অব্যাহত আছে ৷

এক অভাৰত 6 টা চাৰি পাথুম নিশাংকাৰ

শ্ৰীলংকাৰ ইনিংছৰ চতুৰ্থ অভাৰত দ্বিতীয় টি 20 ত শ্বামাৰ জোচেফৰ বলত এক অভাৰত 6 টা চাৰি কোবাই ইতিহাস সৃষ্টি কৰে পাথুম নিশাংকাই । ক্ৰিকেটাৰগৰাকীয়ে সংগ্ৰহ কৰে 25 ৰাণ ৷ অৱশ্যে জোচেফৰ তৃতীয়টো বল ৱাইড হৈ যায় । কেৰিবিয়ান বলাৰগৰাকীৰ বিৰুদ্ধে শ্ৰীলংকাৰ বেটছমেনগৰাকীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰা এই ভিডিঅ’টো সন্দৰ্ভত অব্যাহত আছে চৰ্চা ৷

আন্তঃৰাষ্ট্ৰীয় মেচত এনে কৰা প্ৰথমগৰাকী বেটছমেন

ইয়াৰ পূৰ্বেও ক্ৰিকেটৰ ইতিহাসত এনে ঘটনা সংঘটিত হৈছিল ৷ তেনেক্ষেত্ৰত কেনেদৰে পৃথক হ’ল পাথুম নিশাংকা ? তাৰ উত্তৰ হৈছে টি-20 আন্তঃৰাষ্ট্ৰীয় শৃংখলা । আন্তঃৰাষ্ট্ৰীয় টি 20 ক্ৰিকেটত অৱশ্যে এনে ঘটনা পূৰ্বে সংঘটিত হোৱা নাছিল ৷

এই কৃতিত্ব অৰ্জন কৰা পাথুম নিশাংকা হৈছে বিশ্বৰ সপ্তমগৰাকী বেটছমেন ৷ তদুপৰি তিলকৰত্নে দিলশানৰ পিছত দ্বিতীয়গৰাকী বেটছমেন, যিয়ে এটা অভাৰত 6 টা চাৰি কোবাইছে ৷ কিন্তু, আন্তঃৰাষ্ট্ৰীয় টি-20 ত এনে কৃতিত্ব অৰ্জন কৰা বিশ্বৰ প্ৰথমগৰাকী বেটছমেনত পৰিগণিত হৈছে নিশাংকা ৷

বৰ্তমানলৈকে ছয়জন বেটছমেনে অৰ্জন কৰিছে এই কৃতিত্ব

পাথুম নিশাংকাৰ পূৰ্বে এটা অভাৰত 6 টা বাউণ্ডেৰী কোবাবলৈ সক্ষম হোৱা 6 জন বেটছমেন হৈছে ক্ৰমে-

  • সন্দীপ পাটিল (টেষ্ট)
  • ক্ৰিছ গেইল (টেষ্ট)
  • অজিংক্য ৰাহানে (আই পি এল)
  • তিলকৰত্নে দিলশান (এদিনীয়া)
  • ৰামনৰেশ সাৰৱন (টেষ্ট)
  • পৃথ্বী শ্ব' (আই পি এল)

শ্ৰীলংকাৰ বিজয়ত নিশাংকাৰ ভূমিকা

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টি 20 ত পাথুম নিশাংকাই 49 টা বলত 54 ৰাণ সংগ্ৰহ কৰিছিল, যিটো আছিল তেওঁৰ টি-20 কেৰিয়াৰৰ দ্বাদশ অৰ্ধশতক । এই ইনিংছত নিশাংকাই কুশাল মেণ্ডিছৰ সৈতে ইনিংছ মুকলি কৰি টি-20 ক্ৰিকেটত 1000 ৰাণৰ অংশীদাৰিত্ব সম্পূৰ্ণ কৰা প্ৰথমটো শ্ৰীলংকাৰ যুটিত পৰিগণিত হয় ।

পাথুম নিশাংকাৰ অৰ্ধশতকৰ সহায়ত শ্ৰীলংকাই মেচখনত প্ৰথমে বেটিং কৰি 20 অভাৰত 6 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 162 ৰাণ ৷ প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজৰ ইনিংছ সীমাবদ্ধ আছিল 89 ৰাণত । নিশাংকাক মেন অৱ দ্য মেচ হিচাপে নিৰ্বাচিত কৰা হয় ।

লগতে পঢ়ক:মহম্মদ আজহাৰউদ্দিনৰ পৰা শ্বেন ৱাৰ্ণলৈকে; কোন কোন ক্ৰিকেটাৰ জড়িত আছিল মেচ ফিক্সিঙত

ABOUT THE AUTHOR

...view details