স্প’ৰ্টছ ডেস্ক, 2 ছেপ্টেম্বৰ:সোমবাৰৰ দিনটোত পেৰিছ পেৰালিম্পিকৰ পৰা ভাৰতলৈ আহিছে ক্ৰমাগত তৃতীয়টো পদক ৷ এই পদক অৰ্জন কৰিছে শ্বাটলাৰ নীতেশ কুমাৰে ৷ গ্ৰেট বৃটেইনৰ প্ৰতিদ্বন্দ্বীক হৰুৱাই নিতেশে অৰ্জন কৰে সোণৰ পদক ৷ পেৰিছ পেৰালিম্পিক গেমছৰ পুৰুষৰ একক শাখাৰ এছ এল 3 ইভেণ্টত খেলুৱৈগৰাকীয়ে আগবঢ়াইছিল প্ৰতিদ্বন্দ্বিতা ৷
নীতেশে গ্ৰেট ব্ৰিটেইনৰ ডেনিয়েল বেথেলক 2-1 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে । ইয়াৰ সৈতে ভাৰতে পেৰিছ পেৰালিম্পিকত অৰ্জন কৰে দ্বিতীয়টো সোণৰ পদক ৷ কিছুদিন পূৰ্বে দেশৰ হৈ শ্বুটিঙত প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছিল অৱনী লেখাৰাই ৷
গ্ৰেট বৃটেইনৰ ডেনিয়েল বেথেলক পৰাস্ত কৰি স্বৰ্ণ জয় নীতেশৰ
ভাৰতৰ নীতেশ কুমাৰে গ্ৰেট বৃটেইনৰ ডেনিয়েল বেথেলক 2-1 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে । 29 বছৰীয়া নীতেশে প্ৰথম ছেটটো 21-14 ত জিকিছিল যদিও দ্বিতীয় ছেটটো 18-21 ত হেৰুৱায় । অৱশ্যে নীতেশে তৃতীয় ছেটটোত দৰ্শনীয় প্ৰত্যাৱৰ্তন ঘটাই 23-21 জয় কৰি অৰ্জন কৰে সোণৰ পদক ৷ এছ এল 3 ইভেণ্টত খেলুৱৈসকলে শৰীৰৰ নিম্নাংশৰ অক্ষমতাৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হয় ৷