অসম

assam

পেৰালিম্পিকত ভাৰত: ইতিহাস, আত্মপ্ৰকাশ, ট্ৰেক-ৰেকৰ্ড আৰু পদক বিজয়ীৰ তালিকা - PARIS PARALYMPICS 2024

By ETV Bharat Sports Team

Published : Aug 22, 2024, 2:21 PM IST

সদ্যসমাপ্ত পেৰিছ অলিম্পিকত ভাৰতীয় খেলুৱৈসকলৰ হতাশাজনক প্ৰদৰ্শনৰ পিছত ক্ৰীড়াপ্ৰেমীৰ দৃষ্টি আৱদ্ধ থাকিব পেৰিছত অনুষ্ঠিত হ’বলগীয়া পেৰালিম্পিকত ৷ ইতিমধ্যে ভাৰতৰ পেৰা-এথলীটসকলে 28 আগষ্টৰ পৰা অনুষ্ঠিত হ’বলগীয়া পেৰিছ পেৰালিম্পিক 2024 ত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে । এই ক্ৰীড়া প্ৰতিযোগিতাৰ পৰা ভাৰতে কমেও 25 টা পদক অৰ্জনৰ লক্ষ্য আগত ৰাখিছে ।

PARIS PARALYMPICS 2024
পেৰিছ পেৰালিম্পিক 2024 ৰ বাবে ভাৰতীয় দল (ANI)

স্প’ৰ্টছ ডেস্ক, 22 আগষ্ট: বহু উত্থান-পতনৰ লগতে গুৰুত্বপূৰ্ণ অভিলেখৰ সাক্ষী হৈ ৰোৱা পেৰিছ অলিম্পিক 2024 ৰ পিছত 28 আগষ্টৰ পৰা আৰম্ভ হ’ব পেৰিছ পেৰালিম্পিক 2024 ৷ এই ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সাজু হৈ উঠিছে তাৰকা এথলীটৰে পূৰ্ণ ভাৰতীয় দলটো ৷ দলটোৱে বিশেষভাৱে সক্ষম খেলুৱৈসকলৰ বাবে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে । প্ৰেমৰ চহৰ পেৰিছৰো আকাশে-বতাহে গুঞ্জৰিত হৈছে পেৰালিম্পিকৰ ধ্বনি ৷

পেৰিছ অলিম্পিক ভাৰতীয় খেলুৱৈসকলৰ বাবে বিশেষ চমকপ্ৰদ নাছিল ৷ কিয়নো ভাৰতৰ এগৰাকী খেলুৱৈও লাভ কৰিবলৈ সক্ষম হোৱা নাছিল স্বৰ্ণপদক ৷ তদুপৰি প্ৰায় ছয়গৰাকী খেলুৱৈয়ে অতি কম ব্যৱধানত পদক লাভৰ পৰা বঞ্চিত হৈছিল আৰু এগৰাকী খেলুৱৈ ফাইনেলত অংশগ্ৰহণৰ বাবে অযোগ্য বিবেচিত হৈছিল ৷ ভাৰতৰ পদকৰ সংখ্যা দুটা অংকত অতিক্ৰম কৰাৰ লক্ষ্য সপোন হিচাপে ৰৈ গৈছিল ৷ কিয়নো দলটোৱে পাঁচটা ব্ৰঞ্জ আৰু এটা ৰূপসহ মাত্ৰ ছয়টা পদক লাভ কৰি ঘৰলৈ উভতি আহিছিল ৷

ইতিমধ্যে পেৰিছ পেৰালিম্পিকৰ বাবে ভাৰতে 32 গৰাকী মহিলাসহ মুঠ 84 জনীয়া দলটোৰ নাম ঘোষণা কৰিছে ৷ দলটোৱে 12 টা ক্ৰীড়া ইভেণ্টত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৷ তদুপৰি এইবেলি ইয়াত যোগ দিয়া হৈছে পেৰা-চাইক্লিং, পেৰা-ৰোয়িং আৰু অন্ধ জুডোৰ দৰে খেলসমূহো ৷

পেৰালিম্পিকত ভাৰতৰ আত্মপ্ৰকাশ:

পেৰালিম্পিকত ভাৰতৰ যাত্ৰা 1968 চনৰ গেমছত আৰম্ভ হৈছিল । অৱশ্যে 1976 আৰু 1980 সংস্কৰণত অংশগ্ৰহণৰ পৰা বিৰত আছিল ভাৰত ৷ ভাৰতে 1968 চনত ইজৰাইলৰ তেল আভিভত পেৰালিম্পিকত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন আগবঢ়াইছিল । ভাৰতীয় দলৰ অংশ হিচাপে মুঠ 10 জন খেলুৱৈক এই ক্ৰীড়া প্ৰতিযোগিতালৈ প্ৰেৰণ কৰা হৈছিল, যাৰ ভিতৰত আছিল আঠজন পুৰুষ আৰু দুগৰাকী মহিলা । অৱশ্যে ভাৰতে পদক অবিহনে স্বদেশলৈ উভতি আহিছিল ৷ কিন্তু বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়ামঞ্চত ভাৰতৰ পেৰা-এথলীটসকলৰ বাবে আছিল এয়া প্ৰথম বাস্তৱ অভিজ্ঞতা ।

ভাৰতৰ ট্ৰেক ৰেকৰ্ড:

পেৰালিম্পিকৰ দৰে প্ৰতিযোগিতাত অংশগ্ৰহণৰচাৰি বছৰ পিছত জাৰ্মানীত অনুষ্ঠিত হাইডেলবাৰ্গ গেমছত ভাৰতে পেৰালিম্পিকত প্ৰথম পদক লাভ কৰে । পেৰা-সাঁতোৰবিদ মুৰলীকান্ত পেটকাৰে 50 মিটাৰ ফ্ৰী-ষ্টাইল সাঁতোৰ প্ৰতিযোগিতাত 37.331 ছেকেণ্ডত লক্ষ্যত উপনীত হৈ সোণৰ পদক অৰ্জন কৰাৰ লগতে স্থাপন কৰে বিশ্ব অভিলেখ ৷ শেহতীয়াকৈ, কাৰ্তিক আৰিয়ান অভিনীত বলীউডৰ ছবি "চন্দু চেম্পিয়ন" পেটকাৰৰ পেৰালিম্পিক চেম্পিয়ন হোৱাৰ যি যাত্ৰা, তাৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে ।

এইটোৱেই আছিল একমাত্ৰ পদক, যিয়ে তেওঁলোকক 42 খন অংশগ্ৰহণকাৰী দেশৰ পৰা সামগ্ৰিক পদক তালিকাত 24 তম স্থানত উপনীত হোৱাত সহায় কৰিছিল । 1972 চনত ভাৰতে প্ৰথম স্বৰ্ণ জয় কৰাৰ পিছত, 1976 আৰু 1980 গেমছত অংশগ্ৰহণ কৰা নাছিল ৷ পৰৱৰ্তী সময়ত ভাৰতে 1984 চনৰ পেৰালিম্পিক গেমছত অংশগ্ৰহণ কৰে ৷ 1984 চনত যোগিন্দৰ সিং বেদীয়ে তিনিটা পৃথক ইভেণ্টত তিনিটা পদক অৰ্জন কৰি ইতিহাস সৃষ্টি কৰিছিল ।

অৱশ্যে, বেদীৰ বীৰত্বৰ পিছত ভাৰতীয় খেলুৱৈসকলে 2004 চনত এথেন্স পেৰালিম্পিকলৈকে জয় কৰিবলৈ সক্ষম হোৱা নাছিল কোনো পদক ৷ এথেন্স পেৰালিম্পিকত পুৰুষৰ জেভলিন এফ 44/46 ত দেৱেন্দ্ৰ ঝাঝাৰিয়াই স্বৰ্ণ জয় কৰে আৰু ৰজিন্দৰ সিং ৰাহেলুৱে 2004 চনৰ এথেন্স গেমছত ভাৰোত্তোলনৰ 56 কিল’গ্ৰাম শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে ।

2016 চনৰ ৰিঅ’ পেৰালিম্পিকত ভাৰতে লাভ কৰে চাৰিটাকৈ পদক ৷ যাৰ ভিতৰত আছিল প্ৰথম মহিলা পেৰালিম্পিক পদক বিজয়ী দীপা মালিক, যি এফ 53 শ্বটপুট ইভেণ্টত অৰ্জন কৰিছিল ৰূপৰ পদক ।

2020 চনত টকিঅ’ পেৰালিম্পিকত ভাৰতে আগবঢ়াইছিল সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ৷ য’ত ভাৰতীয় খেলুৱৈসকলে লাভ কৰিছিল পাঁচটাকৈ সোণৰ পদক, আঠটা ৰূপৰ পদক আৰু ছয়টা ব্ৰঞ্জৰ পদকৰ সৈতে মুঠ 19 টা পদক ৷

লক্ষণীয়ভাৱে টকিঅ’ পেৰালিম্পিকত ভাৰতে সৰ্ববৃহৎ দল প্ৰেৰণ কৰাও দেখা গৈছিল, য’ত আছিল 54 গৰাকী খেলুৱৈ ৷

বিভিন্ন সংস্কৰণত ভাৰতৰ পদক লাভৰ সংখ্যা হৈছে এনেধৰণৰ:

ক্ৰমিক নং সংস্কৰণ স্বৰ্ণ ৰূপ ব্ৰঞ্জ মুঠ
1 1972 হাইডেলবাৰ্গ 1 - - 1
2 1984 গ্ৰেট বৃটেইন/আমেৰিকা যুক্তৰাজ্য - 2 2 4
3 2004 এথেন্স 1 - 1 2
4 2012 লণ্ডন - 1 - 1
5 2016 ৰিঅ’ ডি জেনেৰিঅ’ 2 1 1 4
6 2020 টকিঅ’ 5 8 6 19

পেৰালিম্পিকত পদক বিজয়ী ভাৰতীয়সকলৰ সম্পূৰ্ণ তালিকা:

ক্ৰমিক নং নাম পদক সংস্কৰণ খেল ইভেণ্ট
1 মুৰলীকান্ত পেটকাৰ স্বৰ্ণ 1972 হাইডেলবাৰ্গ সাঁতোৰ পুৰুষৰ 50 মিটাৰ ফ্ৰী-ষ্টাইল 3
2 ভীমৰাও কেশৰকাৰ ৰূপ 1984 গ্ৰেট বৃটেইন/আমেৰিকা যুক্তৰাজ্য এথলেটিকছ পুৰুষৰ জেভলিন থ্ৰ’
3 যোগিন্দৰ সিং বেদী ৰূপ 1984 গ্ৰেট বৃটেইন/আমেৰিকা যুক্তৰাজ্য এথলেটিকছ পুৰুষৰ শ্বট পুট
4 যোগিন্দৰ সিং বেদী ব্ৰঞ্জ 1984 গ্ৰেট বৃটেইন/আমেৰিকা যুক্তৰাজ্য এথলেটিকছ পুৰুষৰ জেভলিন থ্ৰ’
5 যোগিন্দৰ সিং বেদী ব্ৰঞ্জ 1984 গ্ৰেট বৃটেইন/আমেৰিকা যুক্তৰাজ্য এথলেটিকছ পুৰুষৰ ডিচকাচ থ্ৰ’
6 দেৱেন্দ্ৰ ঝাঝাৰিয়া স্বৰ্ণ 2004 এথেন্স এথলেটিকছ পুৰুষৰ জেভলিন থ্ৰ’
7 ৰাজিন্দৰ সিং ৰাহেলু ব্ৰঞ্জ 2004 এথেন্স ভাৰোত্তোলন পুৰুষৰ 56 কিল’গ্ৰাম
8 গিৰিচা নাগাৰাজেগৌড়া ৰূপ 2012 লণ্ডন পেৰা এথলেটিকছ পুৰুষৰ হাই জাম্প
9 মাৰিয়াপ্পান থাংগেভেলু স্বৰ্ণ 2016 ৰিঅ’ ডি জেনেৰিঅ’ পেৰা এথলেটিকছ পুৰুষৰ হাই জাম্প
10 দেৱেন্দ্ৰ ঝাঝাৰিয়া স্বৰ্ণ 2016 ৰিঅ’ ডি জেনেৰিঅ’ পেৰা এথলেটিকছ পুৰুষৰ জেভলিন থ্ৰ’
11 দীপা মালিক ৰূপ 2016 ৰিঅ’ ডি জেনেৰিঅ’ পেৰা এথলেটিকছ মহিলাৰ শ্বটপুট
12 বৰুণ সিং ভাটি ব্ৰঞ্জ 2016 ৰিঅ’ ডি জেনেৰিঅ’ পেৰা এথলেটিকছ পুৰুষৰ হাই জাম্প
13 ভাবিনা পেটেল ৰূপ 2020 টকিঅ’ পেৰা টেবল টেনিছ মহিলাৰ একক টেবুল টেনিছ শ্ৰেণী 4
14 নিশাদ কুমাৰ ৰূপ 2020 টকিঅ’ পেৰা এথলেটিকছ পুৰুষৰ হাই জাম্প টি 47
15 অৱনী লেখাৰা স্বৰ্ণ 2020 টকিঅ’ পেৰা শ্বুটিং মহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফল শ্বুটিং ষ্টেণ্ডিং এছ এইচ 1
16 দেৱেন্দ্ৰ ঝাঝাৰিয়া ৰূপ 2020 টকিঅ’ পেৰা এথলেটিকছ পুৰুষৰ জেভলিন থ্ৰ’ এফ 46
17 সুন্দৰ সিং গুৰ্জাৰ ব্ৰঞ্জ 2020 টকিঅ’ পেৰা এথলেটিকছ পুৰুষৰ জেভলিন থ্ৰ’ এফ 46
18 যোগেশ কাথুনিয়া ৰূপ 2020 টকিঅ’ পেৰা এথলেটিকছ পুৰুষৰ ডিচকাচ থ্ৰ’ এফ 56
19 সুমিত এণ্টিল স্বৰ্ণ 2020 টকিঅ’ পেৰা এথলেটিকছ পুৰুষৰ জেভলিন থ্ৰ’ এফ 64
20 সিংৰাজ আধানা ব্ৰঞ্জ 2020 টকিঅ’ পেৰা শ্বুটিং পুৰুষৰ 10 মিটাৰ এয়াৰ পিষ্টল শ্বুটিং এছ এইচ 1
21 মাৰিয়াপ্পান থাংগেভেলু ৰূপ 2020 টকিঅ’ পেৰা এথলেটিকছ পুৰুষৰ হাই জাম্প টি 42
22 শৰদ কুমাৰ ব্ৰঞ্জ 2020 টকিঅ’ পেৰা এথলেটিকছ পুৰুষৰ হাই জাম্প টি 42
23 প্ৰবীণ কুমাৰ ৰূপ 2020 টকিঅ’ পেৰা এথলেটিকছ পুৰুষৰ হাই জাম্প টি 64
24 অৱনী লেখাৰা ব্ৰঞ্জ 2020 টকিঅ’ পেৰা শ্বুটিং মহিলাৰ 50 মিটাৰ ৰাইফল 3 অৱস্থান এছ এইচ 1
25 হৰবিন্দৰ সিং ব্ৰঞ্জ 2020 টকিঅ’ পেৰা আৰ্চাৰী পুৰুষৰ ব্যক্তিগত ৰিকাৰ্ভ - মুকলি ধনুৰ্বিদ্যা
26 মনীষ নাৰৱাল স্বৰ্ণ 2020 টকিঅ’ শ্বুটিং পুৰুষৰ 50 মিটাৰ পিষ্টল এছ এইচ 1
27 সিংৰাজ আধানা ৰূপ 2020 টকিঅ’ শ্বুটিং পুৰুষৰ 50 মিটাৰ পিষ্টল এছ এইচ 1
28 প্ৰমোদ ভগত স্বৰ্ণ 2020 টকিঅ’ পেৰা বেডমিণ্টন পুৰুষৰ একক বেডমিণ্টন এছ এল 3
29 মনোজ সৰকাৰ ব্ৰঞ্জ 2020 টকিঅ’ পেৰা বেডমিণ্টন পুৰুষৰ একক বেডমিণ্টন এছ এল 3
30 সুহাস যথিৰাজ ৰূপ 2020 টকিঅ’ পেৰা বেডমিণ্টন পুৰুষৰ একক বেডমিণ্টন এছ এল 4
31 কৃষ্ণ নগৰ স্বৰ্ণ 2020 টকিঅ’ পেৰা বেডমিণ্টন পুৰুষৰ একক বেডমিণ্টন এছ এইচ 6

লগত পঢ়ক:পেৰালিম্পিকত গ্ৰীষ্মকালীন অলিম্পিকৰ পদক জয়ৰ অভিলেখ ভংগৰ সম্ভাৱনা ভাৰতৰ - PARIS PARALYMPICS 2024

ABOUT THE AUTHOR

...view details