স্পৰ্টছ ডেস্ক, ৩ আগষ্ট :চলিত পেৰিছ অলিম্পিকত শনিবাৰে অষ্টম দিন । ইতিমধ্যে অতিবাহিত কৰা সাতটা দিনত ভাৰতে এতিয়ালৈকে মাত্ৰ তিনিটা পদকহে নিজৰ জোলোঙাত ভৰাইছে । আনহাতে, এইবাৰ ভাৰতে আশা কৰিছিল যে ভাৰতীয় দলটোৱে পূৰ্বৰ বছৰৰ পদক সংখ্যাৰ অভিলেখ ভংগ কৰি লাভ কৰা মুঠ পদকৰ সংখ্যা বৃদ্ধি কৰিব । কিন্তু এয়া যেন এতিয়া অলীক সপোন । কিয়নো ভাৰতৰ গুৰুত্বপূৰ্ণ খেলুৱৈ সাত্বিক চিৰাগ, পি ভি সিন্ধু, নিখাত জাৰিন অলিম্পিকৰ পৰা আগতীয়াকৈ বাহিৰ হৈছে । সেয়েহে ভাৰতে যোৱাবাৰৰ তুলনাত পদকৰ সংখ্যা বৃদ্ধি কৰিব পাৰিবনে নাই সোইটো লক্ষণীয় হ'ব ।
উল্লেখ্য যে, পেৰিছ অলিম্পিকৰ পদক তালিকাত এতিয়ালৈকে ভাৰত 48 নম্বৰ স্থানত আছে । ভাৰতে এতিয়ালৈকে এটাও সোণ বা ৰূপৰ পদক জিকিব পৰা নাই । ইয়াৰ বিপৰীতে এতিয়ালৈকে তিনিটা ব্ৰঞ্জৰ পদকতে সন্তুষ্ট আছে ভাৰতীয় দলটো । অৱশ্যে শনিবাৰে অষ্টমদিনা ভাৰতৰ বাবে এটা পদকৰ প্ৰতিযোগিতা আছে ।