অসম

assam

পানীৰ দৰে টকা খৰচ কৰিছিল চৰকাৰে, অথচ পদক অবিহনে উভতিল এইসকল বেডমিণ্টন খেলুৱৈ - Paris Olympics 2024

By ETV Bharat Sports Team

Published : Aug 13, 2024, 5:55 PM IST

Paris Olympics 2024 : পেৰিছ অলিম্পিকত ভাৰতীয় বেডমিণ্টন দলৰ বাবে চৰকাৰে ৭২ কোটি টকা ব্যয় কৰিছিল ৷ কিন্তু ভাৰতীয় শ্বাটলাৰসকলে এইবাৰ পদক অবিহনে ফ্ৰান্সৰ ৰাজধানী পেৰিছৰ পৰা উভতি আহিবলগীয়া হয় । পঢ়ক সম্পূৰ্ণ খবৰ...

Paris Olympics 2024
পেৰিছ অলিম্পিক ২০২৪ (Etv Bharat)

স্পৰ্টছ ডেস্ক, ১৩ আগষ্ট : পেৰিছ অলিম্পিক ২০২৪ ভাৰতীয় বেডমিণ্টন খেলুৱৈসকলৰ বাবে দুৰ্যোগ হিচাপে প্ৰমাণিত হয়, কাৰণ তেওঁলোকে কোনো পদক অবিহনে দেশলৈ উভতিবলগীয়া হয় । ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ মিছন অলিম্পিক চেলৰ জৰিয়তে ভাৰত চৰকাৰে ক্ৰীড়া ক্ষেত্ৰত যথেষ্ট বিনিয়োগ কৰিছিল । ১১৮ গৰাকী খেলুৱৈকে ধৰি ভাৰতীয় দলটোৰ বাবে ৪৭০ কোটি টকাৰ বিপুল পৰিমাণৰ ধন আবণ্টন দিয়া হৈছিল ।

বেডমিণ্টনত ৭২.০৩ কোটি টকা বিনিয়োগ কৰা হৈছিল, যিটো কোনো বিশেষ খেলৰ বাবে দ্বিতীয় সৰ্বাধিক পুঁজি আছিল । ইয়াৰ উপৰিও ১৩টা ৰাষ্ট্ৰীয় শিবিৰ আৰু ৮১টা বহিঃৰাষ্ট্ৰৰ প্ৰদৰ্শন ভ্ৰমণকে ধৰি এই খেলে বিপুল সমৰ্থন লাভ কৰে ।

লগতে পঢ়ক:পেৰিছ অলিম্পিক 2024 ত ভাৰতীয় খেলুৱৈসকলে ভংগ কৰা অভিলেখসমূহ - PARIS OLYMPICS 2024

  • সাতৱিক আৰু চিৰাগ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত:

সাতৱিক আৰু চিৰাগৰ ভাৰতীয় যুটিটো প্রতিযোগিতা আৰম্ভ হোৱাৰ পূর্বে পদকৰ প্রতিদ্বন্দ্বী আছিল ৷ কিন্তু, গ্ৰুপ পৰ্যায়ৰ পৰা ডাঙৰ ফৰ্মত অহাৰ পিছত তেওঁলোকৰ প্ৰথম অলিম্পিক পদক জয়ৰ সপোন কোৱাৰ্টাৰ ফাইনেলত ছিন্নভিন্ন হৈ পৰিল । সোণৰ পদকৰ বাবে অন্যতম ফেভাৰিট সাতৱিক আৰু চিৰাগে প্ৰথম ছেটৰ অগ্ৰগতি লাভ কৰাত ব্যৰ্থ হৈ কোৱাৰ্টাৰ ফাইনেলত মালয়েছিয়াৰ যুটি ছ’ ৱুই য়িক আৰু চিয়া এৰনৰ বিৰুদ্ধে ২১-১৩, ১৪-২১, ১৬-২১ ছেটত পৰাস্ত হয় । পদক প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা এই যুটিটোৱে অন্তিম ৮ পৰ্যায়ৰ পৰাই বাহিৰ হোৱাটো ভাৰতৰ বাবে আছিল এক মোক্ষম আঘাত ।

লগতে পঢ়ক:সাতৱিক-চিৰাগে সামৰিলে অলিম্পিক অভিযান - Paris Olympics 2024

  • কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত পি ভি সিন্ধু:

যোৱা দুটা সংস্কৰণত পদক লাভ কৰা পি ভি সিন্ধুৱে এইবাৰ পদক লাভ কৰাত ব্যৰ্থ হয় । পেৰিছ অলিম্পিকৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত চীনৰ হে বিংজিয়াওৰ হাতত ১৯-২১, ১৪-২১ ছেটত পৰাস্ত হয় সিন্ধু । একেৰাহে তৃতীয়বাৰৰ বাবে অলিম্পিক পদক লাভৰ সুযোগ হেৰুৱাই পেলোৱাত সিন্ধুৰ পৰাজয় ভাৰতৰ বাবে আছিল এক ডাঙৰ আঘাত ।

লগতে পঢ়ক:সুন্দৰ যাত্ৰা কিন্তু কঠিন পৰাজয় : অলিম্পিকৰ পৰা বাহিৰ হোৱাৰ পিচত পি ভি সিন্ধুৰ প্ৰতিক্ৰিয়া - Paris Olympics 2024

  • চতুৰ্থ স্থান দখল লক্ষ্য সেনৰ

ভাৰতীয় শ্বাটলাৰ লক্ষ্য সেনে পেৰিছ অলিম্পিকত চতুৰ্থ স্থানতে সন্তুষ্ট থাকিবলগীয়া হয় ৷ লক্ষ্যৰ প্ৰতিযোগিতাৰ আৰম্ভণিতে সুন্দৰ প্ৰদৰ্শন কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে ৷ বিশ্ব বেটমিন্টনৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ ইণ্ডোনেছিয়াৰ জনাথন ক্ৰীষ্টিক পৰাস্ত কৰি তেওঁ ছেমি ফাইনেলত স্থান নিশ্চিত কৰে । কিন্তু, ইয়াৰ পিছত তেওঁ ছেমি ফাইনেলত ডেনমাৰ্কৰ ভিক্টৰ এক্সেলছনৰ বিৰুদ্ধে পৰাস্ত হয় ৷ ইয়াৰ পাছত ব্ৰঞ্জৰ পদকৰ মেচত তেওঁ মালয়েছিয়াৰ লি জিই জিয়াৰ বিৰুদ্ধে প্ৰথম ছেটত সুন্দৰ প্ৰদৰ্শন কৰি অগ্ৰগতি লাভ কৰে যদিও মূল মেচখনত তেওঁ পৰাস্ত হয় ।

লগতে পঢ়ক:পদক অৰ্জনত ব্যৰ্থ : ব্ৰঞ্জ পদকৰ মেচত পৰাস্ত আঘাতজৰ্জৰ লক্ষ্য সেন - Paris Olympics 2024

ABOUT THE AUTHOR

...view details