স্প’ৰ্টছ ডেস্ক, ৩০ জুলাই: পেৰিছ অলিম্পিকৰ আজি চতুৰ্থ দিনটোত ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ খেলুৱৈয়ে পদকৰ বাবে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে । এইবাৰ অলিম্পিকত অংশগ্ৰহণ কৰিবলৈও এগৰাকী খেলুৱৈ আহিছে যি গৰ্ভৱতী, এমাহ বা দুমাহ নহয় ৭ মাহৰ গৰ্ভৱতী এইগৰাকী খেলুৱৈ ।
গৰ্ভত ৭ মাহৰ অলিম্পিয়ান লৈ প্ৰতিযোগিতাত অৱৰ্তীণ নাডা:
ইজিপ্তৰ ফেন্সাৰ নাডা হাফেজে এখন মেচৰ পিছত প্ৰকাশ কৰে যে তেওঁ গৰ্ভৱতী আৰু প’ডিয়ামত ২ জন নহয় ৩ জন লোকে খেলিছিল । গৰ্ভত এটি ৭ মাহৰ ক্ষুদ্ৰ অলিম্পিয়ান লৈ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল নাডাই । অৱশ্যে মহিলাৰ ব্যক্তিগত শাখাৰ অন্তিম ১৬ত তেওঁ পৰাস্ত হয় ।
প্ৰতিযোগিতাৰ পাচত ইনষ্টাগ্ৰামত পোষ্ট কৰি জনায় সন্তানসম্ভৱাৰ কথা:
এই পৰাজয়ৰ পিচত তেওঁ ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল, য’ত তেওঁ লিখিছিল, "আপুনি ভাবিছে যে প'ডিয়ামত দুজন খেলুৱৈ আছে, কিন্তু আচলতে তিনিজন আছিল, সেয়া আছিল মই, মোৰ প্ৰতিযোগী আৰু মোৰ এতিয়াও অজন্ম শিশুটি আছিল । মোৰ সন্তান আৰু মোৰ সমুখত বহু প্ৰত্যাহ্বান আছিল, সেয়া শাৰীৰিক হওক বা আৱেগিক, গৰ্ভাৱস্থাৰ উত্থান-পতন নিজৰ বাবে কঠিন । কিন্তু জীৱন আৰু ক্ৰীড়াৰ মাজত ভাৰসাম্য ৰক্ষাৰ সংগ্ৰামটো অতি কঠিন আছিল যদিও সংগ্ৰামৰ মূল্য আছিল ।"