স্প’ৰ্টছ ডেস্ক, 26 ছেপ্টেম্বৰ: 2024 চনৰ পেৰিছ অলিম্পিকত সুন্দৰ প্ৰদৰ্শনৰ পিছত মনু ভাকৰ দেশখনৰ ক্ৰীড়াজগতৰ নতুন চেনছেশ্যন হৈ পৰিছে ৷ ভাকৰ একেটা প্ৰতিযোগিতাত একাধিক পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ ৷
পদক জয় কৰাৰ পিছত সংবাদ মাধ্যমৰ চৰ্চাৰ বিষয় হৈ পৰিছে মনু ভাকৰ ৷ পেৰিছ অলিম্পিকত শ্বুটাৰগৰাকীয়ে ব্যৱহাৰ কৰা পিষ্টলৰ মূল্য সম্পৰ্কেও সৰ্বত্ৰে হৈছিল আলোচনা ।
মনু ভাকৰে ব্যৱহাৰ কৰা পিষ্টলৰ মূল্য কৰিলে ৰাজহুৱা
একাংশ প্ৰতিবেদনে দাবী কৰিছিল যে, শ্বুটাৰ মনু ভাকৰে ব্যৱহাৰ কৰা পিষ্টলটোৰ মূল্য কোটিৰ ঘৰত ৷ অৱশ্যে এই সন্দৰ্ভত শেহতীয়াকৈ মুখ খুলিছে ভাৰতীয় শ্বুটাৰগৰাকীয়ে ৷ ভাকৰে প্ৰকাশ কৰা অনুসৰি, তেওঁ ব্যৱহাৰ কৰা পিষ্টলটোৰ মূল্য হৈছে প্ৰায় 1.5-1.85 লাখ টকা ৷
স্প’ৰ্টছনেক্সটৰ সৈতে হোৱা বাৰ্তালাপত মনু ভাকৰে কৈছিল, "কোটি ? নহয়, এয়া হৈছে প্ৰায় 1.5 লাখৰ পৰা 1.85 লাখ টকাৰ ভিতৰৰ মূল্য় ৷ আপুনি কোনটো মডেল ক্ৰয় কৰিছে, সেয়া নতুন নে ছেকেণ্ড হেণ্ড পিষ্টল আদি কেইবাটাও কাৰকৰ ওপৰত নিৰ্ভৰ কৰিহে ইয়াৰ মূল্য নিৰ্ধাৰণ কৰা হয় ৷ আপুনি এটা স্তৰত উপনীত হোৱাৰ পিছত কোম্পানীবোৰে আপোনাক বিনামূলীয়াকৈ পিষ্টল প্ৰদান কৰে" ৷