স্পৰ্টছ ডেস্ক, ৩১ জুলাই :চলিত পেৰিছ অলিম্পিকত মনু ভাকৰে এতিয়ালৈকে দুটা পদক জয় কৰি ভাৰতীয় দলৰ অভিযানত তাৰকা হিচাপে আত্মপ্ৰকাশ কৰিছে । বুধবাৰে পেৰিছ অলিম্পিকৰ পঞ্চমদিনা ভাৰতৰ হৈ অৱশ্যে কোনো পদকৰ যুঁজ নহ'ব । কিন্তু তাৰকা শ্বাটলাৰ পি ভি সিন্ধু আৰু তাৰকা আৰ্ছাৰ দীপিকা কুমাৰীয়ে তেওঁলোকৰ নিজ নিজ ইভেণ্টত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব । লগতে লক্ষ্য সেনৰ বাবে এই দিনটো গুৰুত্বপূৰ্ণ হ'ব । কিয়নো তেওঁ ইণ্ডোনেছিয়াৰ জোনাথান ক্ৰিষ্টিৰ মুখামুখি হ'ব আৰু বিজয়ীগৰাকী নকআউট পৰ্যায়লৈ উন্নীত হ'ব ।
পেৰিছ অলিম্পিকৰ পঞ্চমদিনা ভাৰতৰ সম্পূৰ্ণ সময়সূচী
শ্বুটিং
ঐশ্বৰ্য তোমৰ আৰু স্বপ্নিল কুছালেয়ে ৫০ মিটাৰ ৰাইফল ৩ পজিচনত পুৰুষৰ অৰ্হতা অৰ্জনত তেওঁলোকৰ অভিযান আৰম্ভ কৰিব । বৃহস্পতিবাৰে এই ইভেণ্টৰ ফাইনেল খেল অনুষ্ঠিত হ'ব । এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী ঐশ্বৰ্য এই প্ৰতিযোগিতাত বিশ্বৰ ২৩ সংখ্যক স্থানত আছে আৰু বিশ্বকাপত তেওঁৰ নামত ৩ টা সোণৰ পদক আছে । তেওঁ টকিঅ'তো প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও এই ইভেণ্টত 21 সংখ্যক স্থান লাভ কৰিছিল । বিশ্বৰ ৬২ ৰেংকৰ খেলুৱৈ স্বপ্নিলে অলিম্পিকত আত্মপ্ৰকাশ কৰিব আৰু এই বিশ্বজনীন প্ৰতিযোগিতৰ পৰা তেওঁৰ প্ৰথম উপস্থিতিৰ জৰিয়তে অভিজ্ঞতা অৰ্জন কৰিব বিচাৰিব ।
50 মিটাৰ ৰাইফল 3 পজিচন পুৰুষৰ অৰ্হতা ৰাউণ্ড (ঐশ্বৰ্য তোমৰ আৰু স্বপ্নিল কুছালে) : ভাৰতীয় সময়মতে দুপৰীয়া 12.30 বজাত
বেডমিণ্টন
পেৰিছত একেৰাহে তৃতীয়বাৰ অলিম্পিক পদক জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হোৱা বেডমিণ্টন তাৰকা পি ভি সিন্ধুৱে এষ্টোনিয়াৰ ক্ৰিষ্টিন কুবাৰ মুখামুখি হ'ব । ভাৰতীয় শ্বাটলাৰগৰাকীয়ে সহজতে জয়লাভ কৰিব বুলি আশা কৰা হৈছে । কিয়নো তেওঁ অলিম্পিকৰ দৰে ইভেণ্টত সুন্দৰ প্ৰদৰ্শন কৰাৰ বাবে জনাজাত । বুধবাৰে লক্ষ্য সেনৰ বাবেও নকআউট খেল অনুষ্ঠিত হ'ব । কিয়নো তেওঁলোক দুয়োৰে মাজত যিয়ে জিকিব তেৱেঁই নকআউটলৈ আগবাঢ়িব । ইণ্ডোনেছিয়ান খেলুৱৈগৰাকী অৱশ্যে ৰেকৰ্ডত লক্ষ্যতকৈ আধিপত্য বিস্তাৰ কৰি আছে । কিন্তু ভাৰতীয় শ্বাটলাৰগৰাকীয়ে বুধবাৰৰ মেচখনত তেওঁক পৰাস্ত কৰিব লাগিব । আনহাতে, এইচ এছ প্ৰণয়ে গ্ৰুপ পৰ্যায়ৰ এখন মেচত ভিয়েটনামৰ ডিউক ফাট লেৰ মুখামুখি হ'ব আৰু নিজৰ জয়ৰ ধাৰা অব্যাহত ৰাখিব বিচাৰিব ।
মহিলা একক গ্ৰুপ পৰ্যায় - (পি ভি সিন্ধু) - ভাৰতীয় সময় অনুসৰি দুপৰীয়া 12.50 বজাত
পুৰুষৰ একক গ্ৰুপ পৰ্যায় - (লক্ষ্য সেন) - ভাৰতীয় সময় অনুসৰি দুপৰীয়া 1.40 বজাত
পুৰুষৰ একক গ্ৰুপ পৰ্যায় - (এইচ এছ প্ৰণয়) - ভাৰতীয় সময় অনুসৰি নিশা 11 বজাত