স্পৰ্টছ ডেস্ক, ৪ আগষ্ট:ভাৰতীয় মহিলা বক্সাৰ লাভলীনা বৰগোহাঁয়ে আজি মহিলাৰ ৫৭ কেজি কোৱাৰ্টাৰ ফাইনেল খেলত চীনৰ লি কিয়ানৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰে । মেচখনত লাভলীনা পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় আৰু ছেমি ফাইনেলৰ পৰা বাহিৰ হয় । চীনৰ খেলুৱৈগৰাকীৰ হাতত লাভলীনা ৪-১ ছেটত পৰাস্ত হয় । ইয়াৰ লগে লগে ভাৰতৰ অলিম্পিক পদক বিজয়ীগৰাকী এইবাৰ খালী হাতেৰে উভতি আহিবলগীয়া হয় ।
কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ লাভলীনা বৰগোহাঁই:
এই মেচখনত ১৪০ কোটি দেশবাসীয়ে লাভলীনাই জয়ী হৈ ভাৰতৰ হৈ পদক আনিব বুলি আশা কৰিছিল যদিও দেশবাসীৰ সপোন বাস্তবায়িত কৰাত ব্যৰ্থ হয় ভাৰতীয় বক্সাৰ গৰাকী ৷ তেওঁ প্ৰতিদ্বন্দ্বী লি কিয়ানৰ বিৰুদ্ধে ১-৪ ছেটত পৰাস্ত হয় । এই মেচখনত ৫ গৰাকী বিচাৰকে লাভলীনাক ২৮, ২৮, ২৯, ২৮, ২৭ পইণ্ট দিয়াৰ বিপৰীতে প্ৰতিদ্বন্দ্বী লি কিয়ানে সকলো বিচাৰকৰ পৰা ২৯, ২৯, ২৮, ২৯, ৩০ পইণ্ট লাভ কৰে । লাভলীনাই নিজৰ সকলো ৰাউণ্ডতে ১৪০ পইণ্ট সংগ্ৰহ কৰাৰ বিপৰীতে কুৱেনে সকলো বিচাৰকৰ পৰা ১৪৫ পইণ্ট লাভ কৰি মেচখন জয়লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে ।