অসম

assam

ETV Bharat / sports

পাকিস্তানে ছেমিফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব পাৰিব... কেনেকৈ ? - CHAMPIONS TROPHY 2025

ভাৰতৰ বিৰুদ্ধে পৰাজয় স্বত্বেও পাকিস্তানে কেনেকৈ চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ছেমিফাইনেলত উপনীত হ'ব পাৰিব ?

Champions Trophy 2025
পাকিস্তানে ছেমিফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব পাৰিব (AFP Photo)

By ETV Bharat Assamese Team

Published : Feb 24, 2025, 2:23 PM IST

নতুন দিল্লী :আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ পাকিস্তান আৰু ইউএইত অনুষ্ঠিত হৈছে । ১৯৯৬ চনৰ পিছত প্ৰথমবাৰৰ বাবে পাকিস্তানে আইচিচিৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছে । পাকিস্তানী অনুৰাগীসকলে আশা কৰিছিল যে তেওঁলোকৰ দলে এই বৃহৎ প্ৰতিযোগিতাখনত ভাল প্ৰদৰ্শন কৰিব, কিন্তু পাকিস্তানে নিউজীলেণ্ড আৰু ভাৰতৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হয় । অৱশ্যে তেওঁলোকে এতিয়াও এই টুৰ্ণামেণ্টৰ ছেমিফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব পাৰে ! মহম্মদ ৰিজৱানৰ নেতৃত্বত পাকিস্তান দলটো এতিয়া ছেমিফাইনেলত উপনীত হ'বলৈ গ্ৰুপ 'A'ৰ বাকী ৩ খন খেলৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব ।

চেম্পিয়নছ ট্ৰফী ২০২৫ত একেৰাহে দুখন খেলত পৰাজয়ৰ পিছতো পাকিস্তানে ছেমিফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব পাৰে । কিন্তু কেনেকৈ ?

পাকিস্তানে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ছেমিফাইনেলত উপনীত হ'ব পৰা সমীকৰণ

  • প্ৰথমে পাকিস্তানে আশা কৰিব লাগিব যে ২৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া খেলখনত বাংলাদেশে যাতে নিউজীলেণ্ডক পৰাস্ত কৰে ।
  • পাকিস্তানে তেওঁলোকৰ নেট ৰাণ ৰেট উন্নত কৰিবলৈ ২৭ ফেব্ৰুৱাৰীত বাংলাদেশক বৃহৎ ব্যৱধানত পৰাস্ত কৰিব লাগিব ।
  • পাকিস্তানী অনুৰাগীসকলে আশা কৰিব যাতে চিৰপ্ৰতিদ্বন্দী ভাৰতে ২ মাৰ্চত নিউজীলেণ্ডক অতি সহজে পৰাস্ত কৰে । যাতে নিউজীলেণ্ডৰ কেৱল ২ পইণ্টহে থাকে আৰু পাকিস্তানে উন্নত ৰাণ ৰেটৰ ওপৰত ভিত্তি কৰি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ছেমিফাইনেলত উপনীত হ'ব পাৰে ।

পাকিস্তানে ছেমিফাইনেলৰ টিকট কেনেকৈ পাব :

  • ২৪ ফেব্ৰুৱাৰী : নিউজীলেণ্ড বনাম বাংলাদেশ - বাংলাদেশৰ জয়
  • ২৭ ফেব্ৰুৱাৰী : পাকিস্তান বনাম বাংলাদেশ - পাকিস্তান বৃহৎ ব্যৱধানত বিজয়ী
  • ২ মাৰ্চ : ভাৰত বনাম নিউজীলেণ্ড - ভাৰতৰ বিজয়

বাংলাদেশৰ পৰাজয়ে সপোন ভাঙিব

অৱশ্যে, নিউজীলেণ্ড আৰু বাংলাদেশৰ মাজত খেলখন পাকিস্তানৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ । যদি নিউজীলেণ্ডে বাংলাদেশক পৰাস্ত কৰে, তেন্তে আয়োজক পাকিস্তান আৰু বাংলাদেশ দুয়ো প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ব । ইফালে ভাৰত আৰু নিউজীলেণ্ড গ্ৰুপ Aৰ পৰা চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ছেমিফাইনেললৈ অগ্ৰসৰ হ'ব ।

ভাৰতৰ ছেমিফাইনেল টিকট প্ৰায় নিশ্চিত

ভাৰতীয় ক্ৰিকেট দলটো ৪ পইণ্টৰ সৈতে গ্ৰুপ Aৰ শীৰ্ষত আছে আৰু ছেমিফাইনেলত নিজৰ স্থান প্ৰায় নিশ্চিত কৰিছে । ২ মাৰ্চত ডুবাইত নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতে অন্তিম খন গ্ৰুপ মেচ খেলিব ।

লগতে পঢ়ক :পাকিস্তানৰ বিৰুদ্ধে ১ ৰাণ সংগ্ৰহ কৰি ইতিহাস ৰচনা ৰোহিত শৰ্মাৰ - ROHIT SHARMA RECORD

ABOUT THE AUTHOR

...view details