নতুন দিল্লী : বহু প্ৰত্যাশিত আই চি চি চেম্পিয়নছ ট্ৰফীলৈ মাজত মাত্ৰ ৪ দিন বাকী । পাকিস্তানে আয়োজন কৰা এই মেগা প্ৰতিযোগিতাখন অহা ১৯ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব । অৱশ্যে ভাৰতীয় ক্ৰিকেট দলটোৱে হাইব্ৰিড পদ্ধতিত নিজৰ মেচসমূহ ডুবাইত খেলিব । তেনে ক্ষেত্ৰত ভাৰতীয় খেলুৱৈসকলৰ বেট-বলৰ যাদু পাকিস্তানী অনুৰাগীসকলে তেওঁলোকৰ দেশত উপভোগ কৰিবলৈ নাপাব । কিন্তু তাৰ পূৰ্বে পাকিস্তানত এনে এক দৃশ্য পৰিলক্ষিত হৈছে, যিটোৱে প্ৰতিগৰাকী ভাৰতীয় অনুৰাগীক আচৰিত কৰি তুলিব ।
পাকিস্তানত 'কোহলী কোহলী' শ্লোগান
সম্প্ৰতি ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' ব্যাপক ৰূপত ভাইৰেল হৈ আছে । ভিডিঅ'টো পাকিস্তানৰ কৰাচী ষ্টেডিয়ামৰ বাহিৰৰ, য'ত শুকুৰবাৰে নিশা ত্ৰিদেশীয় শৃংখলাৰ অন্তিমখন মেচত পাকিস্তান ক্ৰিকেট দলটোৱে নিউজীলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হয় । ভিডিঅ'টোত এগৰাকী অনুৰাগীক ষ্টেডিয়ামৰ বাহিৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি 'কোহলী কোহলী' শ্লোগান দিয়া দেখা গৈছে ।
সেই সময়তে তাত উপস্থিত থকা অনুৰাগীসকলে আৰচিবি আৰচিবি ধ্বনি দিয়াও দেখা গৈছে । তাৰ মাজতে বহু পাকিস্তানী অনুৰাগীয়ে বিৰাট কোহলীক তেওঁলোকৰ প্ৰিয় খেলুৱৈ বুলি প্ৰকাশ কৰাৰ বিপৰীতে দুই-এজনে বাবৰ আজমৰ নাম উল্লেখ কৰিছে । তেওঁলোকৰ মাজৰে কৰণ নামৰ এজন পাকিস্তানী অনুৰাগীয়ে কয় যে তেওঁ বিৰাট কোহলীৰ এজন ডাঙৰ অনুৰাগী ।