স্প’ৰ্টছ ডেস্ক, 19 আগষ্ট: দীৰ্ঘদিনে খেলপথাৰৰ পৰা আঁতৰত আছে টীম ইণ্ডিয়াৰ অন্যতম সদস্য মহম্মদ ছামী ৷ যোৱা বছৰ নৱেম্বৰত ভাৰতত অনুষ্ঠিত এদিনীয়া বিশ্বকাপ 2023 ৰ পৰাই ভাৰতীয় ক্ৰিকেট দলটোৰ তাৰকা দ্ৰুত বলাৰ মহম্মদ ছামী আঁতৰি আছে ক্ৰিকেটৰ পৰা ।
বলাৰজন বৰ্তমান বেংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত(এন চি এ) আছে আৰু বিশ্বকাপৰ সময়তে হোৱা গোৰোহাৰ আঘাতৰ পৰা আৰোগ্য লাভ কৰিছে । যাৰ ফলত শীঘ্ৰে খেলপথাৰলৈ প্ৰত্যাৱৰ্তন ঘটাৰ সম্ভাৱনা আছে ছামীৰ ৷ বি চি চি আইৰ সচিব জয় শ্বাহে ছামীৰ প্ৰত্যাৱৰ্তন সন্দৰ্ভত প্ৰকাশ কৰিছে বৃহৎ খবৰ ৷
জয় শ্বাহে বৃহৎ ঘোষণা
বি চি চি আইৰ সচিব জয় শ্বাহে নিশ্চিত কৰিছে যে, সোঁহতীয়া পেচাৰ মহম্মদ ছামীক অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত অনুৰাগীসকলে দেখা পাব খেলপথাৰত ৷ অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে দলটোৰ প্ৰাৰম্ভিক প্ৰস্তুতিৰ বিষয়তো জয় শ্বাহে সংবাদ মাধ্যমৰ আগত এনেদৰে কয়, "আমাৰ দলটো ইতিমধ্যে ভালদৰে অনুশীলন কৰি আছে । আমি কিছুসময়ৰ বাবে যশপ্ৰীত বুমৰাহক বিশ্ৰাম দিছো । মহম্মদ ছামীও সুস্থ হৈ উঠিব বুলি আশা কৰা হৈছে । ভাৰতীয় দলটো হৈছে এতিয়া এটা অভিজ্ঞ দল । ৰোহিত আৰু কোহলীৰ দৰে জ্যেষ্ঠ খেলুৱৈসকল সম্পূৰ্ণ সুস্থ" ।
তেওঁ লগতে কয়, "ছামী অষ্ট্ৰেলিয়াত থাকিব, কিয়নো তেওঁ অভিজ্ঞ আৰু আমাক অষ্ট্ৰেলিয়াত তেওঁৰ প্ৰয়োজন হ’ব" ৷