স্প’ৰ্টছ ডেস্ক: নিউজিলেণ্ড আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত তিনিখন খেলৰ টেষ্ট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল হেমিল্টনৰ ছেডন পাৰ্কত অনুষ্ঠিত হৈছে ।
এই খেলখনত শতক অৰ্জন কৰাৰ পিছত নিউজিলেণ্ডৰ প্ৰাক্তন অধিনায়ক তথা তাৰকা বেটছমেন কেন উইলিয়ামছনে গঢ়িছে বৃহৎ অভিলেখ । উইলিয়ামছন হৈ পৰিছে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত সৰ্বাধিক শতক অৰ্জনকাৰী দ্বিতীয়গৰাকী বেটছমেন ৷
33 সংখ্যক টেষ্ট শতক অৰ্জন কেন উইলিয়ামছনৰ
কেন উইলিয়ামছনে এই খেলখনত নিউজিলেণ্ডৰ হৈ দ্বিতীয় ইনিংছত শতক অৰ্জন কৰে । খেলুৱৈগৰাকীয়ে 14 টা চাৰি আৰু 6 টা ছয়ৰে 137 টা বলত শতক সম্পূৰ্ণ কৰে । এয়া ক্ৰিকেটাৰগৰাকীৰ টেষ্ট কেৰিয়াৰৰ 33 তম শতক ।
উইলিয়ামছনে জেকব বেথেলৰ 58 তম অভাৰৰ প্ৰথমটো বলতে এটা ছয় মাৰি শতক অৰ্জন কৰে । এয়া হেমিল্টনত ক্ৰিকেটাৰগৰাকীৰ সপ্তম আৰু ঘৰৰ মাটিত 20 তম শতক ৷ উইলিয়ামছনে 200 টা বলত 156 ৰাণ সংগ্ৰহ কৰি পেভিলিয়নলৈ ওভতে ৷
এই শতকৰ সৈতে ডব্লিউ টি চি চেম্পিয়নশ্বিপত ক্ৰিকেটাৰগৰাকীৰ নামত আছে মুঠ 11 টা শতক ৷ তেওঁ এই প্ৰতিযোগিতাৰ ইতিহাসত সৰ্বাধিক শতক অৰ্জন কৰা বিশ্বৰ দ্বিতীয়জন বেটছমেনত পৰিণত হৈছে ৷ ইংলেণ্ডৰ বেটছমেন তথা প্ৰাক্তন অধিনায়ক জ’ ৰুট আছে এই তালিকাৰ শীৰ্ষত ৷ তালিকাত থকা আন একাংশ ক্ৰিকেটাৰ হৈছে মাৰ্নাছ লাবুচাগেন আৰু ষ্টিভ স্মিথ ৷
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ইতিহাসত সৰ্বাধিক শতক
- জ’ ৰুট: 116 ইনিংছ - 18 টা শতক
- কেন উইলিয়ামছন: 50 ইনিংছ - 11 টা শতক
- মাৰ্নাছ লাবুচাগেন: 86 ইনিংছ - 11 টা শতক
- ষ্টিভ স্মিথ: 82 ইনিংছ - 12 শতক