স্পৰ্টছ ডেস্ক, 11 মে’ : শুকুৰবাৰে বছৰৰ প্ৰথমটো ডাইমণ্ড লীগ ইভেণ্টত জেভেলিন থ্ৰ’ত দ্বিতীয় স্থান দখল কৰি ‘সুখী নহয়’ বুলি প্ৰকাশ কৰিছে অলিম্পিক তথা বিশ্ব চেম্পিয়ন নীৰজ চোপ্ৰাই ৷ ডোহাত ষষ্ঠ আৰু অন্তিম প্ৰচেষ্টাত ভাৰতীয় তাৰকাগৰাকীয়ে সৰ্বোত্তম থ্ৰ’ প্ৰস্তুত কৰিছিল যদিও 0.2 মিটাৰৰ বাবে শীৰ্ষ স্থান হেৰুৱাব লগা হয় ৷ চোপ্ৰাৰ শ্ৰেষ্ঠ থ্ৰ’ 88.36 মিটাৰ আছিল আৰু তেওঁ চেক গণৰাজ্যৰ জাকুব ভাডলেজ্চৰ পিচতে স্থান দখল কৰে, যিয়ে 88.38 মিটাৰ শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে প্ৰথম স্থান দখল কৰে ৷
নীৰজে এন এন আই এছক কয়- 'সঁচা কথা ক'বলৈ গ'লে, মই ভাবিছিলো যে মই 88 মিটাৰ অতিক্ৰম কৰিব পাৰিম, কিন্তু সেয়া নহ'ল ৷ মই সুখী যে মই মোৰ থ্ৰ’ত স্থিৰ আছিলোঁ, কিন্তু মোৰ প্ৰচেষ্টাত নহয় ৷ মোৰ প্ৰথম থ্ৰ’টো বৰ বেয়া আছিল ৷"
তেওঁ পুনৰ কয়- ‘এয়া মোৰ প্ৰথম প্ৰতিযোগিতা, ভাল কথাটো হ’ল মোৰ শৰীৰটো শীৰ্ষত নথকা সত্ত্বেও (কি কাৰণত নাজানো) মই 88 মিটাৰ নিক্ষেপ কৰিব পাৰিলোঁ ৷ ইয়াৰ পিচত আৰু প্ৰতিযোগিতা আহি আছে, কঠোৰ পৰিশ্ৰম কৰি পৰৱৰ্তী প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাম ৷ পেৰিছ অলিম্পিকৰ পূৰ্বে তিনিৰ পৰা চাৰিখন প্ৰতিযোগিতাত অংশ ল’ম ৷"