অসম

assam

ETV Bharat / sports

লাভলীনা-অংকুশিতাৰ হাতৰ যাদুৰে ৰাষ্ট্ৰীয় ক্ৰীড়াত প্ৰথম স্বৰ্ণ অসমৰ: বক্সিঙত পাঁচটা পদক অৰ্জন - NATIONAL GAMES 2025

বৃহস্পতিবাৰৰ দিনটোলৈ উত্তৰাখণ্ডৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ প্ৰদৰ্শন আছিল সামগ্ৰিকভাৱে দুখজনক । বৃহস্পতিবাৰৰ পদক তালিকা অনুসৰি অসমৰ স্থান আছিল ৩২ টা দলৰ ভিতৰত ২৯ নম্বৰত ৷

National Games 2025
লাভলীনা-অংকুশিতাৰ হাতৰ যাদুৰে ৰাষ্ট্ৰীয় ক্ৰীড়াত প্ৰথম স্বৰ্ণ অসমৰ (Assam Boxing Federation)

By ETV Bharat Assamese Team

Published : Feb 7, 2025, 10:38 PM IST

গুৱাহাটী: উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত স্বৰ্ণ পদক জয়েৰে অসমৰ ক্ৰীড়া জগতৰ মান ৰাখিলে বক্সাৰ লাভলীনা বৰগোঁহাই আৰু অংকুশিতা বড়োৱে । শুকুৰবাৰৰ দিনটো উত্তৰাখণ্ডৰ ডেৰাডুন চহৰত আয়োজিত ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অসমৰ বাবে আছিল তুলনামূলকভাৱে এটা ভাল দিন । দিনটোত দেশৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱত অৱশেষত অসমে দুটাকৈ স্বৰ্ণপদকৰ মুখ দেখিবলৈ সক্ষম হয় ।

ৰাষ্ট্ৰীয় ক্ৰীড়াৰ একাদশ দিনা অসমে দুটাকৈ স্বৰ্ণপদক লাভ কৰে । এই দুয়োটা পদকেই আহিছে বক্সিঙত । লাভলীনা বৰগোঁহায়ে ৭৫ কেজি শাখাত আৰু অংকুশিতা বড়োৱে ৬৬ কিলোগ্ৰাম শাখাত শুকুৰবাৰে সোণৰ পদক জয় কৰে ।

অসমীয়া বক্সাৰৰ সফলতা সন্দৰ্ভত মন্তব্য ভাৰতীয় বক্সিং সন্থাৰ সচিবপ্ৰধান হেমন্ত কলিতাৰ (ETV Bharat Assam)

অসমৰ দু্ৰ্বল প্ৰদৰ্শনৰ মাজতে দুটাকৈ সোণৰ পদক

উল্লেখ্য যে শুকুৰবাৰৰ দিনটোলৈ উত্তৰাখণ্ডৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ প্ৰদৰ্শন আছিল সামগ্ৰিকভাৱে দুখজনক । বৃহস্পতিবাৰৰ পদক তালিকা অনুসৰি অসমৰ স্থান আছিল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা মুঠ ৩২ খন ৰাজ্য আৰু সংগঠনৰ ভিতৰত ২৯ নম্বৰত ৷ ১২ টা ৰূপৰ পদক, ৯ টা ব্ৰঞ্জৰ পদকেৰে বৃহস্পতিবাৰলৈ অসমে মুঠ ২১ টা পদক লাভ কৰিছিল ৷

শুকুৰবাৰৰ দিনটো অসমৰ বক্সাৰৰ দিন

ৰাষ্ট্ৰীয় ক্ৰীড়াত শুকুৰবাৰৰ দিনটো অসমৰ বক্সাৰৰ দিন । অসমৰ হৈ প্ৰথমটো স্বৰ্ণপদক লাভ কৰে অংকুশিতা বড়োৱে । অংকুশিতাই ৬৬ কেজি শাখাত উত্তৰাখণ্ডৰ কাজল নামৰ বক্সাৰগৰাকীক ৫-০ ব্যৱধানত পৰাস্ত কৰে । অংকুশিতা বড়োৰ এয়া হৈছে ৰাষ্ট্ৰীয় ক্ৰীড়াত ক্ৰমাগত তৃতীয়বাৰৰ বাবে সোণৰ পদক জয় ৷

লাভলীনা বৰগোঁহাই (Assam Boxing Federation)

আনহাতে, লাভলীনা বৰগোঁহায়ে দুৰ্দান্ত প্ৰদৰ্শনেৰে চণ্ডীগড়ৰ প্ৰাঞ্চু ৰাথোৰক ৫-০ ব্যৱধানৰ জয়েৰে পৰাভূত কৰি স্বৰ্ণপদক লাভ কৰে । ২০২২ চনতো অলিম্পিক বিজয়ী লাভলীনাই গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াত লাভ কৰিছিল সোণৰ পদক ।

অংকুশিতা বড়ো (Assam Boxing Federation)

ইফালে অলিম্পিয়ান বক্সাৰ শিৱ থাপাই ৪-৩ ব্যৱধানত কাণে কাণ মাৰি পুৰুষৰ ৬৩.৫ কেজি শাখাত ৰূপৰ পদক লাভ কৰে । শিৱ থাপাই ছাৰ্ভিচেছ স্পৰ্টছ চেণ্ট্ৰেল বোৰ্ডৰ বনচাজ নামৰ বক্সাৰজনক পৰাজিত কৰি লাভ কৰে এই পদক । লগতে নৱাগত অভিনৱ শইকীয়ায়ো ৰূপৰ পদক জয় কৰে ।

শিৱ থাপা (Assam Boxing Federation)

উৎফুল্লিত ভাৰতীয় বক্সিং সন্থাৰ সচিবপ্ৰধান

অসমৰ খেলুৱৈৰ এই সফলতাত উৎফুল্লিত হৈছে ভাৰতীয় বক্সিঙৰ সচিবপ্ৰধান অসমৰ হেমন্ত কলিতা । এই প্ৰসংগত কলিতাই কয়, “নেচনেল গেমছৰ বক্সিং ইভেণ্টত অসমৰ বক্সাৰসকলে অত্যন্ত ভাল প্ৰদৰ্শন কৰিলে । অসমৰ লাভলীনা বৰগোঁহাই, অংকুশিতা বড়োৱে গ'ল্ড মেডেল পালে । শিৱ থাপা আৰু অভিনৱ শইকীয়াই ছিলভাৰ মেডেল পালে । আইকন মিলিয়ে ব্ৰঞ্জ মেডেল পালে । মুঠ পাঁচটা মেডেল পালে । দুটা গ'ল্ড, দুটা ছিলভাৰ আৰু এটা ব্ৰঞ্জ । আমাৰ কাৰণে অত্যন্ত ভাল এটা ৰিজাল্ট বক্সিঙৰ কাৰণে । আপোনালোকক আৰু এটা কথা জনাবলৈ বিচাৰিছো যে অংকুশিতা বড়োৱে ক্ৰমাগতভাৱে তৃতীয়বাৰৰ বাবে গ'ল্ড মেডেল অৰ্জন কৰিলে । গুজৰাট, গোৱা আৰু শেহতীয়াকৈ উত্তৰাখণ্ডত গ'ল্ড মেডেল পালে । কংগ্ৰেচুলেচন টু অংকুশিতা বড়ো । আমি শিৱ থাপা আৰু অভিনৱ শইকীয়াৰ পৰাও গ'ল্ড মেডেল আশা কৰিছিলো । অত্যন্ত ভাল খেলিছে দুয়োজন বক্সাৰে । হৰা-জিকা থাকেই । তথাপি দুয়োকে আমি কংগ্ৰেছুলেট কৰিছো ।”

অধিক পদকৰ আশা

বৰ্তমানলৈকে ২ টা স্বৰ্ণৰে মুঠ ২৫ টা পদকতে সীমাবদ্ধ থাকিবলগীয়া হোৱা অসমে আন কেইবাটাও ইভেণ্টত পদক লাভ কৰাৰ সম্ভাৱনা আছে । ১৪ ফেব্ৰুৱাৰীত সামৰণি পৰিবলগীয়া ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমে স্পৃণ্টাৰ অম্লান বৰগোহাঁই, টাইকোৱানডোৰ ৰ'দালী বৰুৱা, লনবল দল আৰু জুডোত পদক লাভ কৰাৰ সম্ভাৱনা আছে বুলি পূৰ্বৰ প্ৰদৰ্শনৰ পৰা আশা কৰা হৈছে ।

আন্তঃৰাষ্ট্ৰীয় টাইকোৱানডো খেলুৱৈ তেজপুৰৰ ৰ'দালী বৰুৱাই ইতিমধ্যে ৰাষ্ট্ৰীয় ক্ৰীড়াত নিজৰ পদক নিশ্চিত কৰিছে । প্ৰদৰ্শন একে থাকিলে ৰ’দালী বৰুৱাই স্বৰ্ণপদক লাভ কৰাৰ সম্ভাৱনা আছে ।

পদক তালিকাৰ এক অৱলোকন

শুকুৰবাৰৰ বিয়লিলৈকে ছাৰ্ভিচেছ স্পৰ্টছ চেণ্ট্ৰেল বোৰ্ডে লাভ কৰিছে সৰ্বোচ্চ পদক । দলটোৱে ৩৪ টা সোণৰ পদক, ১৩ টা ৰূপৰ আৰু ১২ টা ব্ৰঞ্জৰ পদকসহ মুঠ ৫৯ টা পদক লাভ কৰিছে ।

আনহাতে, ৰাজ্যসমূহৰ ভিতৰত প্ৰথম স্থানত আছে কৰ্ণাটক। কৰ্ণাটকে ৩০ টা স্বৰ্ণ, ১১ টা ৰূপ ১৫ টা ব্ৰঞ্জসহ মুঠ ৫৬ টা পদক অৰ্জন কৰিছে ।

শুকুৰবাৰৰ পদক তালিকা

শুকুৰবাৰে সামান্য উন্নত হয় অসমৰ পদক তালিকা । ২৯ নম্বৰ স্থানৰ পৰা পৰা পদক তালিকাৰ দ্বাদশ স্থানলৈ উন্নীত অসম ৷ এই পৰ্যন্ত অসমে ২ টা স্বৰ্ণ, ১৪ টা ৰূপ আৰু ৯ টা ব্ৰঞ্জৰ পদকেৰে মুঠ ২৫ টা পদক লাভ কৰিছে ।

লগতে পঢ়ক :ৰাজ্যত আৰম্ভ জিলা পৰ্যায়ৰ খেল মহাৰণ ২.০ - KHEL MAHARAN 2 0
লগতে পঢ়ক :দিছপুৰস্থিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত বেডমিণ্টন তাৰকা পিভি সিন্ধু - ASSAM CM MEETS PV SINDHU

ABOUT THE AUTHOR

...view details