নতুন দিল্লী:কেপ্তেইন কুল হিচাপে খ্যাত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী ৷ সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ৷
অতিমাত্ৰা চিন্তাৰ বাবে বৰফে আবৃত পাহাৰলৈ ঢাপলি মেলিছে কেপ্তেইন কুলে ৷ শুনাত আচহুৱা যেন লাগিলেও এয়াই সঁচা ৷ ৰ’ব ৰ’ব আচৰিত হ’ব নালাগে ৷ কৈছো শুনক আচল কাহিনী ৷
আগন্তুক চেম্পিয়নছ ট্ৰফী 2025-ৰ বাবেহে চিন্তা বৃদ্ধি পাইছে কেপ্তেইন কুলৰ ৷ যিখন প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে পাকিস্তান ৷ এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব 19 ফেব্ৰুৱাৰীৰ পৰা ৷ চেম্পিয়নছ ট্ৰফীৰ ফাইনেল মেচখন অনুষ্ঠিত হ'ব 9 মাৰ্চত । হাইব্ৰীড মডেলত অনুষ্ঠিত হোৱা বাবে ভাৰতীয় ক্ৰিকেট দলে চেম্পিয়নছ ট্ৰফীৰ খেলসমূহ ডুবাইত খেলিব ৷
শেহতীয়াকৈ ষ্টাৰ স্প’ৰ্টছে মুকলি কৰিছে চেম্পিয়নছ ট্ৰফী 2025-ৰ এটা প্ৰম’ ভিডিঅ', য'ত বৰফাবৃত পৰিৱেশৰ মাজত দেখা গৈছে এম এছ ধোনীক ৷
চেম্পিয়নছ ট্ৰফী 2025 ৰ পূৰ্বে কিয় উত্তেজিত কেপ্তেইন কুল ?
ষ্টাৰ স্প’ৰ্টছে মুকলি কৰা ভিডিঅ’টোত ধোনীয়ে এনেদৰে কয়, "যেতিয়া মই অধিনায়ক আছিলো, কুল হৈ থকাটো সহজ আছিল । কিন্তু অনুৰাগী হিচাপে পূৰ্বে চেম্পিয়নছ ট্ৰফী উপভোগ কৰা নাছিলো ৷ যদিও আমাৰ দলটো শক্তিশালী, তথাপি এখন মেচ হেৰুৱালেও জানিব প্ৰতিযোগিতাৰ পৰা বাহিৰ ৷ এই কথা ভাবিয়েই মোৰ চিন্তা বাঢ়িছে" ৷