অসম

assam

By ETV Bharat Sports Team

Published : Sep 26, 2024, 7:56 PM IST

ETV Bharat / sports

আন্তঃৰাষ্ট্ৰীয় বডী বিল্ডিং চেম্পিয়নশ্বিপ: কিৰণ টায়েঙলৈ মিষ্টাৰ ইউনিভাৰ্ছৰ খিতাপ - Mr Universe title to Kiran Taeng

Mr Universe: মহাৰাষ্ট্ৰত সাফল্য জোনাইৰ যুৱকৰ ৷ আন্তঃৰাষ্ট্ৰীয় বডী বিল্ডিং চেম্পিয়নশ্বিপত অৰ্জন কৰিলে সোণৰ পদক ৷ পঢ়ক বিতং খবৰ...

MR UNIVERSE TITLE TO KIRAN TAENG
কিৰণ টায়েঙলৈ মিষ্টাৰ ইউনিভাৰ্ছৰ খিতাপ (ETV Bharat Assam)

স্প’ৰ্টছ ডেস্ক, 26 ছেপ্টেম্বৰ:আই এফ বি বি সংস্থাৰ দ্বাৰা মহাৰাষ্ট্ৰত 95 কেজি শাখাত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছিল আন্তঃৰাষ্ট্ৰীয় বডী বিল্ডিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাত মিষ্টাৰ ইউনিভাৰ্ছৰ খিতাপ দখল কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে জোনাইৰ ললাদ গাঁৱৰ যুৱক কিৰণ টায়েঙে ।

গাঁৱখনৰ নিবাসী উমিৰাম টায়েং আৰু বসন্তী টায়েঙৰ কণিষ্ঠ পুত্ৰ কিৰণ টায়েঙৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে জোনাইবাসী ৷ যুৱকগৰাকীয়ে মহাৰাষ্ট্ৰৰ পৰা আহি নিজ বাসগৃহত উপস্থিত হোৱাত স্থানীয় ৰাইজে ঢোলে-ডগৰে আদৰি আনে ৷

আন্তঃৰাষ্ট্ৰীয় বডী বিল্ডিং চেম্পিয়নশ্বিপত জোনাইৰ যুৱকৰ সাফল্য (ETV Bharat Assam)

মিচিং জনগোষ্ঠীয় নীতি-নিয়মেৰে আদৰণি জনোৱা কিৰণ টায়েঙক পৰিয়ালৰ লগতে ললাদ গাঁৱৰ ৰাইজে মিচিং এৰকক, ফুলাম গামোচা আদিৰে উষ্ম আদৰণি জনায় ৷ স্বাস্থ্যই মানুহৰ সম্পদ ৷ গতিকে উঠি অহা প্ৰজন্মক পঢ়া-শুনাৰ সমান্তৰালভাৱে নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দি খেলা-ধুলা আৰু শৰীৰচৰ্চা কৰি যাবলৈ আহ্বান জনাই যুৱকজনৰ পৰিয়ালৰ লোকে

আনহাতে, আন্তঃৰাষ্ট্ৰীয় বডী বিল্ডিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত সোণৰ পদক দখল কৰা কিৰণ টায়েঙে কয়, "95 কেজি শাখাৰ বডী বিল্ডিঙত ভাৰতক প্ৰতিনিধিত্ব কৰি সোণৰ পদক অৰ্জন কৰি অসমৰ বডী বিল্ডিঙৰ ইতিহাসত সোণালী আখৰৰে নাম লিপিবদ্ধ কৰা প্ৰথমজন পুৰুষ খেলুৱৈ হিচাপে নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ পাই অতিশয় আনন্দিত হৈছো" ৷

উল্লেখ্য় যে, কিৰণ টায়েঙে আন্তঃৰাষ্ট্ৰীয় বডী বিল্ডিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত মিষ্টাৰ ইউনিভাৰ্ছৰ খিতাপ অর্জন কৰাৰ পূৰ্বে 2024 বৰ্ষত মিষ্টাৰ চিয়াং, 2022 বৰ্ষত অৰুণাচল প্ৰদেশৰ মিষ্টাৰ ৰাণাৰ্ছ আপ, 2023 বৰ্ষত শিৱসাগৰত মিষ্টাৰ শিৱসাগৰ খিতাপ দখলৰে সন্মান অৰ্জন কৰি বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:বৰ্তমান যান্ত্ৰিকতাৰে পূৰ্ণ জীৱনত খেল হৈছে মুক্ত বতাহৰ দৰে: চি এম চেম্পিয়নশ্বিপ ট্ৰফী উদ্বোধনী অনুষ্ঠানত ভৱেশ কলিতা - CM CHAMPIONSHIP TROPHY IN RANGIA

ABOUT THE AUTHOR

...view details