স্প’ৰ্টছ ডেস্ক:আই পি এল অৰ্থাৎ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ হৈছে ক্ৰিকেটৰ সৰ্ববৃহৎ ইভেণ্ট ৷ সমগ্ৰ বিশ্বৰে ক্ৰিকেটপ্ৰেমীসকলৰ দৃষ্টি আৱদ্ধ থাকে এই মেগা ইভেণ্টত ৷ আগন্তুক ছিজনৰ আই পি এল(2025) ৰ বাবে ইতিমধ্যে দুদিনীয়া কাৰ্যসূচীৰে চৌদি আৰৱৰ জেদ্দাত অনুষ্ঠিত হৈ গৈছে মেগা নিলামৰ কাৰ্যসূচী ৷
প্ৰতিবাৰেই মেগা নিলামৰ পূৰ্বে ফ্ৰেঞ্চাইজিসকলে ভালৰো ভাল খেলুৱৈগৰাকীক নিজৰ দলত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰে ৷ তাৰবাবে তেওঁলোকে পানীৰ দৰে ধন খৰচ কৰি হ’লেও নিজৰ দলটোৰ বাবে পচন্দৰ প্ৰাৰ্থীগৰাকীক ক্ৰয় কৰিবলৈ চেষ্টা কৰে ৷ যিটো দলে সৰ্বাধিক ধন দি প্ৰাৰ্থীগৰাকীক ক্ৰয় কৰিব পাৰে, সেইটো দলৰ বাবেই ক্ৰিকেটাৰগৰাকীয়ে আগন্তুক আই পি এল ছিজনত খেলা দেখিবলৈ পোৱা যায় ৷
2008 চনত আৰম্ভ হোৱা এই ইভেণ্টে সফলতাৰে পাৰ কৰিলে 16 টা বৰ্ষ ৷ এই সময়ত বহুকেইগৰাকী ক্ৰিকেটাৰক মোটা অংকৰ ধনৰ বিনিময়ত ক্ৰয় কৰিছিল ফ্ৰেঞ্চাইজিয়ে ৷ কিন্তু চলিত বৰ্ষৰ মেগা নিলামত ভাৰতীয় খেলুৱৈ ঋষভ পন্তক 27 কোটি টকাৰ বিনিময়ত লক্ষ্ণৌ চুপাৰ জায়েণ্টছে ক্ৰয় কৰে ৷ তাৰ লগে লগে পন্ত আই পি এলৰ নিলামৰ ইতিহাসত সৰ্বাধিক মূল্যত ক্ৰয় কৰা খেলুৱৈত পৰিণত হয় ৷
এই বিশেষ প্ৰতিবেদনৰ জৰিয়তে আমি আই পি এলৰ নিলামৰ ইতিহাসত সৰ্বাধিক মূল্যত ক্ৰয় কৰা খেলুৱৈসকলৰ বিষয়ে জনাব বিচাৰিছো-
এম এছ ধোনী: 2008 চনৰ আই পি এলৰ প্ৰাৰম্ভিক বৰ্ষত 9.5 কোটি টকাত চেন্নাই চুপাৰ কিংছে ক্ৰয় কৰিছিল প্ৰাক্তন ভাৰতীয় অধিনায়ক এম এছ ধোনীক ৷ আৰম্ভণিৰ ছিজনটোৰ বাবে ধোনীয়েই আছিল সৰ্বাধিক ব্যয়বহুল খেলুৱৈ ৷
কেভিন পিটাৰছেন আৰু এণ্ড্ৰিউ ফ্লিনটফ:দ্বিতীয়টো বছৰত অৰ্থাৎ 2009 চনত দুগৰাকী খেলুৱৈয়ে যুটীয়াভাৱে সৰ্বাধিক দামী খেলুৱৈৰ খিতাপ দখল কৰে ৷ তেওঁলোক হৈছে ক্ৰমে- ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ক্ৰয় কৰা কেভিন পিটাৰছেন আৰু চেন্নাই চুপাৰ কিংছে ক্ৰয় কৰা এণ্ড্ৰিউ ফ্লিনটফ ৷ দুয়োগৰাকীকে ফ্ৰেঞ্চাইজি দুটাই সৰ্বাধিক 9.8 কোটি টকা ব্যয়ৰে ক্ৰয় কৰে ৷
শ্বেন বণ্ড আৰু কাইৰন প'লাৰ্ড: পৰৱৰ্তী 2010 বৰ্ষত ফ্ৰেঞ্চাইজিয়ে সৰ্বাধিক 4.8 কোটি টকাৰে নিলামত ক্ৰয় কৰা ক্ৰিকেটাৰ হৈছে দুগৰাকী ক্ৰমে কলকাতা নাইট ৰাইডাৰ্ছৰ শ্বেন বণ্ড আৰু মুম্বাই ইণ্ডিয়ানছৰ কাইৰন প'লাৰ্ড ৷
গৌতম গম্ভীৰ: প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা বৰ্তমানৰ টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক 2011 চনত কলকাতা নাইট ৰাইডাৰ্ছে পৰৱৰ্তী ছিজনৰ বাবে সৰ্বাধিক 14.9 কোটি টকা ব্যয়সাপেক্ষে ক্ৰয় কৰে ৷
ৰবীন্দ্ৰ জাদেজা: 2012 চনত চেন্নাই চুপাৰ কিংছে 12.8 কোটি টকাৰে ক্ৰয় কৰে ৰবীন্দ্ৰ জাদেজাক ৷ জাদেজা পৰৱৰ্তী ছিজনৰ বাবে সৰ্বাধিক দামী খেলুৱৈত পৰিণত হৈছিল ৷
গ্লেন মেক্সৱেল: 6.3 কোটি টকাৰে নীতা আম্বানী নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছে ক্ৰয় কৰা 2013 চনৰ নিলামৰ সৰ্বাধিক দামী খেলুৱৈগৰাকী আছিল অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ গ্লেন মেক্সৱেল ৷