স্পৰ্টছ ডেস্ক, 29 জুলাই : পেৰিছ অলিম্পিকত সোমবাৰে সামান্য ব্যৱধানত পদক বঞ্চিত হয় ভাৰতৰ যুৱ শ্বুটাৰ অৰ্জুন বাবুতা ৷ তেওঁৰ ইভেন্টত চতুৰ্থ স্থান দখল কৰে শ্বুটাৰগৰাকীয়ে ৷ চণ্ডীগড়ৰ এই 25 বছৰীয়া শ্বুটাৰগৰাকীয়ে সোমবাৰে পুৰুষৰ 10 মিটাৰ এয়াৰ ৰাইফলৰ ফাইনেলত 208.4 স্ক’ৰ সংগ্ৰহ কৰে ৷ ইয়াৰ পূৰ্বে 28 জুলাইত মনু ভাকৰে 10 মিটাৰ এয়াৰ পিষ্টলত ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক লাভ কৰিছিল ৷
বাবুতাই সমগ্ৰ ফাইনেলত পদক জয়ৰ দৌৰত তিষ্ঠি আছিল ৷ কিন্তু, তেওঁৰ দ্বিতীয়টো শেষ শ্বটত তেওঁ মাত্ৰ 10.1 পইণ্টহে লাভ কৰিবলৈ সক্ষম হয়, যাৰ বাবে তেওঁ তৃতীয় স্থানৰ পৰা চতুৰ্থ স্থানলৈ অৱনমিত হয় ৷ তেওঁৰ পদক লাভৰ সপোন ছিন্নভিন্ন হৈ পৰে যেতিয়া তেওঁ শেষৰটো শ্বটত মাত্ৰ 9.5 পইণ্টহে লাভ কৰে ৷
অৰ্জুন বাবুতা অলিম্পিকৰ ইতিহাসত চতুৰ্থ স্থান দখল কৰা তৃতীয়গৰাকী ভাৰতীয় শ্বুটাৰ ৷ তেওঁৰ পূৰ্বে জয়দীপ কৰ্মকাৰে লণ্ডন অলিম্পিকত (2012) চতুৰ্থ স্থান দখল কৰিছিল ৷ বেইজিং অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী অভিনৱ বিন্দ্ৰাই 2016 চনৰ ৰিঅ’ত চতুৰ্থ স্থান দখল কৰিছিল ৷ এয়া এনেকুৱা এক স্থান য’ত কোনো খেলুৱৈয়ে অৱস্থান কৰিবলৈ পছন্দ নকৰে ৷
বাবুতা পঞ্জাৱৰ জালালাবাদ অঞ্চলৰ এটা মধ্যবিত্ত পৰিয়ালৰ পৰা আহিছে ৷ এয়া ভাৰত-পাকিস্তান সীমান্তৰ ওচৰৰ এখন সৰু গাঁও ৷ তেওঁ জন্ম গাঁৱতে প্ৰাথমিক শিক্ষা সমাপ্ত কৰে আৰু পিচলৈ পৰিয়ালৰ সৈতে চণ্ডীগড়লৈ গুচি যায় ৷ তেওঁৰ পিতৃ ভাৰতীয় ৰে’লৱেত কৰ্মৰত ৷ অৰ্জুনে চণ্ডীগড়ৰ ডি এ ভি কলেজৰ পৰা বি এ অনাৰ্ছ অধ্যয়ন কৰিছিল ৷
কোৰিয়াৰ এছিয়ান চেম্পিয়নশ্বিপত (2023) 10 মিটাৰ এয়াৰ ৰাইফল ব্যক্তিগত ইভেণ্টত ৰূপৰ পদক লাভ কৰি অৰ্জুনে দেশৰ বাবে 2024 চনৰ অলিম্পিকৰ কোটা নিশ্চিত কৰিছিল ৷ কায়ৰোৰ বিশ্ব চেম্পিয়নশ্বিপত (2022) 10 মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত অৰ্জুনে স্বৰ্ণ পদক লাভ কৰিছিল ৷ আই এছ এছ এফ বিশ্বকাপ, চাংৱন (2022)ত তেওঁ ব্যক্তিগত আৰু পুৰুষৰ দলীয় ইভেণ্টত 2 টা সোণৰ পদক লাভ কৰে ৷ ইয়াৰ উপৰিও তেওঁ ৱৰ্ল্ড ইউনিভাৰ্চিটি গেমছত 10 মিটাৰ এয়াৰ ৰাইফল ব্যক্তিগত প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰিছিল ৷