অসম

assam

ETV Bharat / sports

টেষ্টত 9000 ৰাণ সম্পূৰ্ণ কৰা নিউজিলেণ্ডৰ প্ৰথমগৰাকী ক্ৰিকেটাৰত পৰিণত কেন উইলিয়ামছন

হেগলি অভেলত নিউজিলেণ্ড আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টত কেন উইলিয়ামছনে সংগ্ৰহ কৰিছে 9,000 ৰাণ ৷

KANE WILLIAMSON 9000 RUNS IN TESTS
কেন উইলিয়ামছন (AP Photo)

By ETV Bharat Sports Team

Published : Nov 30, 2024, 4:46 PM IST

স্প’ৰ্টছ ডেস্ক:তাৰকা বেটছমেন কেন উইলিয়ামছনে টেষ্ট ক্ৰিকেটত সম্পূৰ্ণ কৰিছে 9000 ৰাণ ৷ ইয়াৰ লগে লগে টেষ্টত 9000 ৰাণ সংগ্ৰহ কৰা প্ৰথমগৰাকী নিউজিলেণ্ডৰ ক্ৰিকেটাৰত পৰিণত হয় কেন উইলিয়ামছন ৷

শনিবাৰে ক্ৰাইষ্টচাৰ্চৰ হেগলি অভেল ষ্টেডিয়ামত নিউজিলেণ্ড আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা তিনিখন মেচৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচৰ সময়ত উইলিয়ামছনে এই মাইলৰ খুঁটি অৰ্জন কৰে ৷

চলিত বৰ্ষৰ আৰম্ভণিতে অধিনায়কৰ পদৰ পৰা পদত্যাগ কৰি নিউজিলেণ্ডৰ সৈতে থকা চুক্তিৰ পৰা নাম প্ৰত্যাহাৰ কৰা উইলিয়ামছন এই কৃতিত্ব অৰ্জন কৰা বিশ্বৰ তৃতীয় দ্ৰুততম বেটছমেন ৷ 103 খন টেষ্ট খেলি ইতিহাস ৰচিবলৈ সক্ষম হোৱা নিউজিলেণ্ডৰ ক্ৰিকেটাৰগৰাকীয়ে শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ কুমাৰ ছাংগাকাৰা আৰু পাকিস্তানৰ কিংবদন্তী বেটছমেন ইউনিছ খানৰ সৈতে সমতা স্থাপন কৰে ।

উল্লেখযোগ্য যে, এই তালিকাৰ শীৰ্ষত আছে অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথ ৷ তাৰপিছতে আছে ৱেষ্ট ইণ্ডিজৰ প্ৰবীণ ক্ৰিকেটাৰ ব্রায়ান লাৰা ।

উইলিয়ামছনে নিজৰ ইনিংছটোত 26 ৰাণ সংগ্ৰহ কৰাৰ লগে লগে এই কৃতিত্ব অৰ্জন কৰে ৷ ষ্টেডিয়ামত উপস্থিত দৰ্শকে হাতচাপৰিৰে ক্ৰিকেটাৰগৰাকীক অভিবাদন জনায় ৷

দ্ৰুততম 9000 টেষ্ট ৰাণ (মেচ অনুপাতে)

  • 99 খন টেষ্ট - ষ্টিভেন স্মিথ
  • 101 খন টেষ্ট - ব্রায়ান লাৰা
  • 103 খন টেষ্ট - কেন উইলিয়ামছন*
  • 103 খন টেষ্ট - কুমাৰ ছাংগাকাৰা
  • 103 খন টেষ্ট - ইউনিছ খান

টেষ্ট ক্ৰিকেটত নিউজিলেণ্ডৰ হৈ সৰ্বাধিক ৰাণ

  • কেন উইলিয়ামছন - 9035 ৰাণ
  • ৰছ টেইলৰ - 7683 ৰাণ
  • ষ্টিভেন ফ্লেমিং - 7172 ৰাণ
  • ব্ৰেণ্ডন মেককুলাম - 6453 ৰাণ
  • টম লেথাম - 5711 ৰাণ

এই মেচখনৰ প্ৰথম দুদিনত ইংলেণ্ডে আধিপত্য বিস্তাৰ কৰা দেখা গৈছিল ৷ তাৰপিছতে নিউজিলেণ্ডৰ হৈ ক্ৰিজত নমা উইলিয়ামছনে এই কৃতিত্ব অৰ্জন কৰে । দ্বিতীয় ইনিংছত পেচাৰ ক্ৰিছ ৱ’কেছে ইংলেণ্ডক সুন্দৰ আৰম্ভণি প্ৰদান কৰি নিউজিলেণ্ডৰ দুয়োগৰাকী অ’পেনাৰকে সহজে আউট কৰে । অৱশ্যে কেন উইলিয়ামছন আৰু ৰাচিন ৰবিন্দ্ৰৰ অংশীদাৰীয়ে দলটোক এক সুস্থিৰ অৱস্থা প্ৰদান কৰে ৷

লগতে পঢ়ক:মেচ ফিক্সিং ! ক্ৰিকেট জগতত তোলপাৰ লগাই গ্ৰেপ্তাৰ তিনি ক্ৰিকেটাৰ

ABOUT THE AUTHOR

...view details