অসম

assam

ETV Bharat / sports

শুভ জন্মদিন উছেইন বোল্ট: 38 বছৰত ভৰি দিলে জামাইকান স্প্ৰিণ্টাৰগৰাকীয়ে - USAIN BOLT BIRTHDAY

Jamaican sprinter Usain Bolt: জামাইকান স্প্ৰিণ্টাৰ উছেইন বোল্টে বুধবাৰে উদযাপন কৰিছে 38 তম জন্মদিন । স্প্ৰিণ্টাৰগৰাকীৰ ওপজাদিন উপলক্ষে তেওঁৰ সৈতে সম্পৰ্কিত কিছু তথ্য তথা অভিলেখেৰে সজোৱা হৈছে এই বিশেষ প্ৰতিবেদন ৷ জানিবলৈ পঢ়ক এই বিশেষ প্ৰতিবেদন ৷

USAIN BOLT BIRTHDAY
উছেইন বোল্ট (ETV Bharat)

By ETV Bharat Sports Team

Published : Aug 21, 2024, 6:09 PM IST

স্প’ৰ্টছ ডেস্ক, 21 আগষ্ট: জামাইকাৰ চুপাৰষ্টাৰ স্প্ৰিণ্টাৰ উছেইন বোল্টৰ আজি 38 তম জন্মদিন ৷ 1986 চনৰ 21 আগষ্টত বোল্টৰ জন্ম হৈছিল । আজি স্প্ৰিণ্টাৰগৰাকীৰ জন্মদিন উপলক্ষে তেওঁৰ সৈতে জড়িত কিছু তথ্যৰে এই বিশেষ প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে ৷

উছেইন বোল্টৰ সৈতে জড়িত আকৰ্ষণীয় তথ্য আৰু অভিলেখ

  • 100 মিটাৰ দৌৰৰ ক্ষেত্ৰত সদায় ট্ৰেক আৰু ফিল্ডত গতি আৰু এথলেটিক দক্ষতাৰ নিৰ্ণায়ক পৰীক্ষা হৈ আহিছে । 100 মিটাৰ দৌৰৰ ক্ষেত্ৰত বিশ্ব অভিলেখ গঢ়া দ্ৰুতগতিৰ খেলুৱৈগৰাকীয়ে "বিশ্বৰ দ্ৰুততম ব্যক্তি" হিচাপে স্বীকৃতি লাভ কৰাৰ সন্মান লাভ কৰে । 2009 চনৰ পৰা বৰ্তমান 100 মিটাৰ দৌৰৰ ক্ষেত্ৰত বিশ্ব অভিলেখ গঢ়া উছেইন বোল্টে বাৰ্লিন বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত 9.58 ছেকেণ্ডত দৌৰি ইতিহাস সৃষ্টি কৰে ।
  • 11 বাৰৰ বিশ্ব চেম্পিয়নগৰাকীৰ জন্ম জামাইকাৰ ট্ৰেলেনিত হৈছিল আৰু তেওঁ আৰম্ভণিৰ পৰাই বিদ্যুতৰ গতিত প্ৰদৰ্শন অব্যাহত ৰাখি দৌৰৰ ইতিহাসত সুকীয়া স্থান দখল কৰিছিল ৷ অলিম্পিক আৰু বিশ্ব চেম্পিয়নশ্বিপত বোল্টৰ দৌৰ চাবলৈ ষ্টেডিয়ামখন অনুৰাগীৰে ভৰি আছিল । স্প্ৰিণ্টাৰসকলক প্ৰায়ে ড’পিং কেছত জড়িত থকা দেখা যায়, কিন্তু বোল্টৰ সমগ্ৰ কেৰিয়াৰটোৱে নিষ্কলংক আছিল ।
  • বোল্টে 2004 চনৰ এথেন্স অলিম্পিকত আত্মপ্ৰকাশ কৰে, কিন্তু চাৰি বছৰ পিছত তেওঁ বেইজিঙত অনুষ্ঠিত অলিম্পিকতহে অলৌকিক সফলতা অৰ্জন কৰে ৷ য’ত তেওঁ 100 মিটাৰ, 200 মিটাৰ আৰু 4X100 মিটাৰ ৰিলেত জয় লাভ কৰে ।
  • তেওঁ 2012 লণ্ডন আৰু 2016 ৰিঅ’ গেমছত অলিম্পিকৰ 'ট্ৰিপল' বিজয়ৰ পুনৰাবৃত্তি কৰি এনে কৰা প্ৰথমগৰাকী অলিম্পিয়ানত পৰিণত হয় । একেৰাহে তিনিটা অলিম্পিকত 100 মিটাৰ আৰু 200 মিটাৰ দৌৰত পদক জয় কৰা বোল্ট একমাত্ৰ খেলুৱৈ ।
  • খেলত বিজয়ী হোৱাৰ পিছত তেওঁৰ বিজয় উদযাপনৰ শৈলী অনন্য আছিল । উছেইন বোল্টৰ বিখ্যাত "টু দ্য ৱৰ্ল্ড" ভংগীমা প্ৰথমে 2008 চনৰ বেইজিং অলিম্পিকত বিখ্যাত হৈছিল । স্প্ৰিণ্টাৰজনে তেওঁৰ কেৰিয়াৰত 9 টা সোণৰ পদক জিকিছিল, কিন্তু সতীৰ্থ নেষ্টৰ কাৰ্টাৰে কৰা ড’পিং উলংঘনৰ ফলত তেওঁ বেইজিং 2008 ৰ বাবে তেওঁৰ 4X100 মিটাৰ পদক হেৰুৱাইছিল ।
  • বিশ্ব স্প্ৰিণ্টাৰ উছেইন বোল্ট সদায় ড’পিঙৰ বিৰোধিতা কৰিছিল । তেওঁ কৈছিল যে, ড'পিঙে এথলেটিকছৰ খেল সমাপ্ত কৰিব । তেওঁ এক বিবৃতিত কৈছিল, "খেলুৱৈসকলৰ বুজাবুজি থাকিব লাগে যে যদি আপুনি কিবা ভুল কৰিছে, আপুনি ধৰা পৰিব । অৱশ্যে যোৱা কেইবছৰমানত ড’পিং প্ৰতিৰোধ কৰিবলৈ ভাল কাম কৰা হৈছে । এতিয়া এইবোৰ স্পষ্ট হৈ পৰিছে । আগন্তুক সময়ত ক্ৰীড়াজগত আৰু অধিক উন্নত হ'ব ।
  • বোল্টে 2017 চনত খেলৰ পৰা অৱসৰ লৈছিল ৷ কিন্তু দৌৰৰ ক্ষেত্ৰত কৰা তেওঁৰ অভিলেখ আজিও ইতিহাসত লিপিবদ্ধ কৰা হৈছে । তেওঁ পুৰুষৰ 100 মিটাৰ (9.58 ছে) আৰু 200 মিটাৰ (19.19 ছেকেণ্ড) স্প্ৰিণ্টৰ বিশ্ব অভিলেখ গঢ়িছে । তেওঁ 4X100 মিটাৰ ৰিলেৰ বিশ্ব অভিলেখ গঢ়া জামাইকা দলৰ অংশ আছিল, য'ত জোহান ব্লেক, নেষ্টা কাৰ্টাৰ আৰু মাইকেল ফ্ৰেটাৰো অন্তৰ্ভুক্ত আছিল । চাৰিওজনে 2012 চনৰ লণ্ডন অলিম্পিকত 36.84 ছেকেণ্ড দৌৰি অভিলেখ গঢ়িছিল ।

লগতে পঢ়ক:বিদেশী খেলুৱৈসকলক ঘৰুৱা ক্ৰিকেটত খেলিবলৈ অনুমতি নিদিয়া বিশেষ ব’ৰ্ডখনৰ কথাৰে... - BCCI DOMESTIC CRICKET RULE

ABOUT THE AUTHOR

...view details