স্প’ৰ্টছ ডেস্ক: দীঘলীয়া অপেক্ষাৰ পিছত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) 2025 ৰ মেগা নিলাম অৱশেষত 24 নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে চৌদি আৰৱৰ জেদ্দাত আৰম্ভ হয় ।
নিলামৰ প্ৰথমদিনা মুঠ 72 গৰাকী খেলুৱৈক 12 টা পৰ্যায়ত দলসমূহৰ সৈতে চুক্তিবদ্ধ কৰা হয় ৷ ঋষভ পন্ত, শ্ৰেয়ছ আয়াৰ আৰু ভেংকটেশ আয়াৰৰ দৰে একাংশ ভাৰতীয় তাৰকা ক্ৰিকেটাৰ নিলামৰ সৰ্বাধিক দামী খেলুৱৈ হিচাপে বিবেচিত হয় ৷
শীৰ্ষ 3 সৰ্বাধিক দামী বেটছমেন
আশা কৰা অনুসৰিয়েই ফ্ৰেঞ্চাইজিবোৰে ঋষভ পন্তক নিজৰ দলত অন্তৰ্ভুক্ত কৰিবলৈ ধনৰ বৰষুণ কৰা দেখা যায় ৷ অৱশেষত লক্ষ্ণৌ চুপাৰ জায়েণ্টছে (এল এছ জি) ক্ৰিকেটাৰগৰাকীক 27 কোটি টকাৰ বিনিময়ত চুক্তিবদ্ধ কৰে ৷ ইয়াৰ লগে লগে পন্ত হৈ পৰে আই পি এল ইতিহাসৰ সৰ্বাধিক দামী খেলুৱৈ ৷
যোৱা বছৰ আই পি এলৰ খিতাপ বিজয়ী দলৰ অধিনায়ক শ্ৰেয়ছ আয়াৰক 26.75 কোটি টকাত পঞ্জাৱ কিংছে (পি বি কে এছ) ক্ৰয় কৰাৰ পিছত দ্বিতীয় সৰ্বাধিক দামী খেলুৱৈৰূপে বিবেচিত হয় আয়াৰ ৷ আনহাতে, এই তালিকাৰ তৃতীয় স্তানত আছে ভেংকটেশ আয়াৰ ৷ আয়াৰক কলকাতা নাইট ৰাইডাৰ্ছে (কে কে আৰ) 23.75 কোটি টকাত ক্ৰয় কৰে ।
অৰ্শদীপ আৰু চাহাল সৰ্বাধিক দামী বলাৰ
বলাৰসকলৰ ভিতৰত অৰ্শদীপ সিং (18 কোটি) আৰু যুজবেন্দ্ৰ চাহাল (18 কোটি) হৈছে নিলামৰ প্ৰথম দিনটোত পঞ্জাৱ কিংছৰ দ্বাৰা চুক্তিবদ্ধ সৰ্বাধিক দামী খেলুৱৈ ।
আই পি এল মেগা নিলামৰ প্ৰথম দিনটোত 10 টা দল, বাকী থকা স্লট আৰু ধনৰ পৰিমাণ তলত উল্লেখ কৰা হ’ল:
1. চেন্নাই চুপাৰ কিংছ (চি এছ কে)
ধৰি ৰখা খেলুৱৈ: ৰুতুৰাজ গায়কোৱাড় (18 কোটি), ৰবীন্দ্ৰ জাদেজা (18 কোটি), মথিশা পাথিৰানা (13 কোটি), শিৱম ডুবে (12 কোটি), এম এছ ধোনী (4 কোটি)
খেলুৱৈ ক্ৰয়: ৰাহুল ত্ৰিপাঠী (3.40 কোটি), ডেভন কনৱে (6.25 কোটি), বিজয় শংকৰ (1.20 কোটি), ৰচিন ৰবীন্দ্ৰ (4 কোটি), ৰবিচন্দ্ৰন অশ্বিন (9.75 কোটি), নুৰ আহমেদ (10 কোটি), খলিল আহমেদ (4.80 কোটি)
বাকী থকা ধনৰ পৰিমাণ: 15.60 কোটি
অৱশিষ্ট স্লট: 9 (বিদেশ - 4)
2. মুম্বাই ইণ্ডিয়ানছ (এম আই)
ধৰি ৰখা খেলুৱৈ: যশপ্ৰীত বুমৰাহ (18 কোটি), সূৰ্যকুমাৰ যাদৱ (16.35 কোটি), হাৰ্দিক পাণ্ডিয়া (16.35 কোটি), ৰোহিত শৰ্মা (16.30 কোটি), তিলক বাৰ্মা (8 কোটি)
খেলুৱৈ ক্ৰয়: ট্ৰেণ্ট ব'ল্ট (12.50 কোটি), নমন ধীৰ (5.25 কোটি), ৰবীন মিঞ্জ (65 লাখ)
বাকী থকা ধনৰ পৰিমাণ: 26.10 কোটি
অৱশিষ্ট স্লট:16 (বিদেশ - 7)
3. ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি)
ধৰি ৰখা খেলুৱৈ: বিৰাট কোহলী (21 কোটি), ৰজত পাতিদাৰ (11 কোটি), যশ দয়াল (5 কোটি)
খেলুৱৈ ক্ৰয়: জিতেশ শৰ্মা (11 কোটি), ফিলিপ চল্ট (11.50 কোটি), লিয়াম লিভিংষ্টোন (8.75 কোটি), ৰশ্বিখ ছালাম দাৰ (6 কোটি), সুয়াশ শৰ্মা (2.60 কোটি), জছ হেজলউড (12.50 কোটি)
বাকী থকা ধনৰ পৰিমাণ: 30.65 কোটি
অৱশিষ্ট স্লট: 16 (বিদেশ - 5)
4. কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)
ধৰি ৰখা খেলুৱৈ: ৰিংকু সিং (13 কোটি), বৰুণ চক্ৰৱৰ্তী (12 কোটি), সুনীল নাৰিন (12 কোটি), আন্দ্ৰে ৰাছেল (12 কোটি), হৰ্ষিত ৰাণা (৪ কোটি), ৰমনদীপ সিং (৪ কোটি)
ক্ৰয় কৰা খেলুৱৈ: অংকৃষ ৰঘুবংশী (3 কোটি), কুইণ্টন ডি কক (3.60 কোটি), ৰহমানুল্লাহ গুৰবাজ (3.60 কোটি), ভেংকটেশ আয়াৰ (23.75 কোটি), বৈভৱ অৰোৰা (1.80 কোটি), ময়ংক মাৰ্কণ্ডে (30 লাখ), অনৰিচ নৰ্টজে (6.50 কোটি)
বাকী থকা ধনৰ পৰিমাণ:10.05 কোটি
অৱশিষ্ট স্লট: 13 (বিদেশ - 3)
5. ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)