স্প’ৰ্টছ ডেস্ক:24 আৰু 25 নৱেম্বৰত অনুষ্ঠিত হ’ব আই পি এল 2025 ৰ মেগা নিলাম ৷ এই নিলামত অংশগ্ৰহণ কৰিব 574 গৰাকী খেলুৱৈ ৷
তাৰ পূৰ্বে বি চি চি আইয়ে পৰৱৰ্তী তিনিটা ছিজনৰ বাবে ঘোষণা কৰিছে এই মেগা ইভেণ্টৰ তাৰিখ ৷ অৱশ্যে আই পি এলৰ ক্ষেত্ৰত এয়া বৃহৎ পদক্ষেপ আৰু পোনপ্ৰথমবাৰৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে বি চি চি আইয়ে ৷
ব’ৰ্ডখনে ঘোষণা কৰা অনুসৰি, আই পি এল 2025 ৰ 14 মাৰ্চৰ পৰা আৰম্ভ হ'ব ৷ ছিজনৰ ফাইনেলখন মেচখন অনুষ্ঠিত হ'ব 25 মে'ত । ইয়াৰ লগতে 2026 বৰ্ষৰ 15 মাৰ্চৰ পৰা 31 মে’লৈ আৰু 2027 চনৰ 14 মাৰ্চৰ পৰা 30 মে’লৈ অনুষ্ঠিত হ'ব আই পি এলৰ খেলসমূহ ।
পৰৱৰ্তী ছিজনত অনুষ্ঠিত হ’ব অধিক মেচ
ই এছ পি এন ক্ৰিকইনফ’ৰ প্ৰতিবেদন অনুসৰি, বৃহস্পতিবাৰে ফ্ৰেঞ্চাইজিলৈ প্ৰেৰণ কৰা ই-মেইলত আই পি এলে প্ৰতিযোগিতাখনৰ বাবে নিৰ্ধাৰিত দিনৰ এক সূচী প্ৰদান কৰিছে । এই সূচীত উল্লেখ কৰা তাৰিখেই চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে ৷
2025 ৰ আই পি এলত মুঠ 74 খন মেচ অনুষ্ঠিত হ’ব ৷ এয়া হৈছে যোৱা তিনিটা ছিজনত খেলা খেলৰ সংখ্যা । যেতিয়া বি চি চি আইয়ে ইয়াৰ অধিকাৰ বিক্ৰী কৰিছিল, তেতিয়া প্ৰতিটো ছিজনত 84 খন মেচ বিশেষকৈ 2023 আৰু 2024 চনত 74 খন মেচ, 2025 আৰু 2026 চনত 84 খন মেচ আৰু 2027 চনত 94 খন মেচ অনুষ্ঠিত হোৱাৰ কথা সন্নিৱিষ্ট আছিল, যিটো এতিয়ালৈকে হোৱা দেখা নাই ।