স্পৰ্টছ ডেস্ক, ১৯ মাৰ্চ: ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা স্পষ্টবাদী শৈলীৰ বাবে পৰিচিত নৱজোৎ সিং সিদ্ধুৱে ক্ৰিকেট জগতত পুনৰ খোজ পেলাইছে । আচলতে সিদ্ধুক এতিয়া আই পি এল ২০২৪ৰ উদ্বোধনী মেচত ধাৰাভাষ্য কৰা দেখা যাব । নৱজোৎ সিদ্ধুৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰি সদৰী কৰে এই কথা । সিদ্ধুৰ পোষ্টটো ষ্টাৰ স্প’ৰ্টছেও শ্বেয়াৰ কৰিছে ।
অৱশ্যে সিদ্ধুৱে কোন ভাষাত মন্তব্য কৰিব সেয়া এতিয়াও জানিব পৰা হোৱা নাই । অনুৰাগীয়ে তেওঁৰ মন্তব্য কেৱল টেলিভিছনত শুনিবলৈ পাব । কাৰণ তেওঁলোকৰ ষ্টাৰ স্প’ৰ্টছৰ সৈতে চুক্তি আছে আৰু ষ্টাৰ স্প’ৰ্টছৰ কেৱল টেলিভিছনৰ অধিকাৰ আছে, ডিজিটেল ৰাইট জিঅ’ চিনেমাৰ সৈতে আছে, যিটো ফোনত ব্যৱহাৰ কৰা হয় ।
ভাৰতীয় তাৰকা ক্ৰিকেটাৰ নৱজোৎ সিং সিদ্ধুৱে কেৰিয়াত বহু ঐতিহাসিক ইনিংছ খেলিছে । ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিচত নৱজোৎ সিদ্ধুৱে দীৰ্ঘদিন ক্ৰিকেট কমেণ্টেটৰ হিচাপে কাম কৰিছিল আৰু পিছলৈ ৰাজনীতিত প্ৰৱেশ কৰাৰ লগে লগে ক্ৰিকেটৰ পৰা আঁতৰি আহিছিল ।