স্পৰ্টছ ডেস্ক, ২৪ জুন :প্ৰাক্তন অলিম্পিয়ানৰ বাবে ভাল খবৰ । ভাৰতীয় অলিম্পিক সন্থাই সকলো প্ৰাক্তন অলিম্পিয়ানৰ বাবে ব্যাপক চিকিৎসা, স্বাস্থ্য বীমা আৰু পেঞ্চন আঁচনি আৰম্ভ কৰিব । সন্থাৰ সভাপতি তথা প্ৰবীণ খেলুৱৈ পিটি ঊষাই দেওবাৰে এই কথা ঘোষণা কৰে । ইয়াক সংগঠনটোৰ ভিতৰত খেলুৱৈকেন্দ্ৰিক সংস্কাৰৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে তেওঁ চিহ্নিত কৰিছে ।
আন্তৰ্জাতিক অলিম্পিক দিৱস উপলক্ষে গুৰবচন সিং ৰন্ধাৱাক সম্বৰ্ধনা জনোৱা এক অনুষ্ঠানত ভাষণ দি ঊষাই প্ৰকাশ কৰে যে তেওঁ এই পৰামৰ্শৰ ওপৰত ভাৰতীয় অলিম্পিক সন্থাৰ কাৰ্যকৰী সমিতিক এক প্ৰস্তাৱ দিছে । এই বিষয়ে সমিতিয়ে শীঘ্ৰেই চিন্তা-চৰ্চা কৰিব । দেশলৈ গৌৰৱ কঢ়িয়াই অনা প্ৰাক্তন খেলুৱৈসকলৰ কল্যাণৰ প্ৰতি তথা প্ৰতিশ্ৰুতি উল্লেখ কৰি অলিম্পিক সন্থাই এই ব্যয়বোৰ স্বতন্ত্ৰভাৱে পুঁজি যোগান ধৰাৰ পৰিকল্পনা কৰিছে ।
পিটি ঊষাই কয় যে ভাৰতীয় অলিম্পিক সন্থাই খেলুৱৈ কেন্দ্ৰিক ব্যৱস্থা ল'বলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু তাৰ ভিতৰত অন্যতম হৈছে সকলো প্ৰাক্তন অলিম্পিয়ানৰ বাবে চিকিৎসা বীমা আৰু পেঞ্চন প্ৰদান কৰা । তেওঁৰ মতে সকলো প্ৰাক্তন অলিম্পিয়ানক মনত ৰাখিব লাগিব আৰু তেওঁলোকক সমৰ্থন কৰিব লাগিব ।