স্প’ৰ্টছ ডেস্ক: 6 ডিচেম্বৰৰ পৰা পাৰ্থত অনুষ্ঠিত হ’ব বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন টেষ্ট ৷ কিন্তু তাৰমাজতে এটা দুখৰ খবৰ ৷ অষ্ট্ৰেলিয়াৰ এগৰাকী প্ৰাক্তন তাৰকা বেটছমেনৰ মৃত্যুৰ খবৰে শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ ক্ৰিকেট জগতক ৷
দেওবাৰে মৃত্যু ঘটা অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ নাম হৈছে ইয়ান ৰেডপাথ ৷ মৃত্যুৰ সময়ত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন বেটছমেনগৰাকীৰ বয়স আছিল 83 বছৰ ৷ 1964 চনৰ পৰা 1976 চনলৈকে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ৰেডপাথে 66 খন টেষ্ট আৰু 5 খন এদিনীয়াত অংশগ্ৰহণ কৰিছিল ৷
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্টত অভিষেক ঘটাইছিল এইগৰাকী ক্ৰিকেটাৰে । আইকনিক এম চি জি ষ্টেডিয়ামত অভিষেক ঘটাই শতকৰ নিচেই কাষ চপা ৰেডপাথ 97 ৰাণত আউট হৈছিল ৷ 1969 চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ক্ৰিকেটাৰগৰাকীয়ে ছিডনী ক্ৰিকেট খেলপথাৰত কেৰিয়াৰৰ প্ৰথমটো টেষ্ট শতক অৰ্জন কৰে ৷ সেই মেচখনত ৱেছ হল, চাৰ্লি গ্ৰীফিথছ, গেৰী ছ’বাৰ্ছ আৰু লেন্স গিবছৰ দৰে শক্তিশালী কেৰিবিয়ান বলিং আক্ৰমণৰ বিৰুদ্ধে 132 ৰাণৰ ইনিংছ খেলিছিল ক্ৰিকেটাৰগৰাকীয়ে ।
ৰাষ্ট্ৰীয় দলৰ হৈ 8 টা শতক অৰ্জন কৰা ৰেডপাথে বেটছমেন হিচাপে ইমানেই ধৈৰ্য ধৰিছিল যে শেষৰখন টেষ্টত কেৰিয়াৰৰ প্ৰথম ছয়টো অৰ্জন কৰিছিল । 1970 চনত পাৰ্থত ইংলেণ্ডৰ বিৰুদ্ধে 171 ৰাণৰ ইনিংছ খেলা ক্ৰিকেটাৰগৰাকীয়ে অপেছাদাৰী অষ্ট্ৰেলিয়ান ৰুলছ ফুটবলো খেলিছিল ।
Goodbye to a legend of Australian cricket ❤️
— Cricket Australia (@CricketAus) December 1, 2024
We offer our condolences to the family and friends of Hall of Famer and Test batsman Ian Redpath, who has passed away at the age of 83. pic.twitter.com/dbjyZJbfte
ক্ৰিকেট অষ্ট্ৰেলিয়াৰ অধ্যক্ষ মাইক বেয়াৰ্ডে এক বিবৃতিত কয় যে, "ইয়ান আছিল এগৰাকী জনপ্ৰিয় আৰু সন্মানীয় ব্যক্তি । অষ্ট্ৰেলিয়াৰ ক্ৰিকেটত তেওঁক সকলোৱে ভাল পাইছিল । তেওঁৰ মৃত্যুত গভীৰভাৱে দুখী । অষ্ট্ৰেলিয়াৰ ক্ৰিকেটৰ অন্যতম মূল শিলাস্তৰ আছিল ইয়ান ৷ তেওঁৰ সাহস, নিৰ্দোষ ক্ৰীড়া আৰু হাস্যৰসৰ বাবে তেওঁক বিশ্বৰ বহুতেই ভাল পাইছিল" ৷
উল্লেখ্য যে, 2023 চনত অষ্ট্ৰেলিয়াৰ ক্ৰিকেটৰ 'হল অৱ ফেম'ত অন্তৰ্ভুক্ত হৈছিল এইগৰাকী খেলুৱৈ ৷
লগতে পঢ়ক: খেলি থকাৰ মাজতে ঢলি পৰি মৃত্যুক সাৱটিলে ভাৰতীয় ক্ৰিকেটাৰে; ক্ৰিকেট জগতত শোক