অসম

assam

ETV Bharat / sports

পেৰিছ অলিম্পিকলৈ ৰাওনা ভাৰতীয় পুৰুষ হকী দল - PARIS OLYMPIC 2024

Indian Mens Hockey Team Leaves For Olympics : ভাৰতীয় পুৰুষ হকী দলটো পেৰিছ অলিম্পিকলৈ ৰাওনা হৈছে । অৱশ্যে দলটোৱে ছুইজাৰলেণ্ডত মাইক হৰ্নেৰ সৈতে 3 দিনীয়া মানসিক দৃঢ়তা শিবিৰত অংশগ্ৰহণ কৰি ৱাৰ্ম-আপ মেচৰ বাবে নেদাৰলেণ্ডলৈ যাব । তাৰ পিচতহে দলটোৱে বহু প্ৰত্যাশিত পেৰিছ অলিম্পিকৰ বাবে ফ্ৰান্সৰ পেৰিছলৈ উৰা মাৰিব ।

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 9:31 PM IST

Indian Mens Hockey Team Leaves For Olympics
পেৰিছ অলিম্পিকলৈ ৰাওনা ভাৰতীয় পুৰুষ হকী দল (ANI Photo)

স্পৰ্টছ ডেস্ক, ৮ জুলাই : সোমবাৰে ভাৰতীয় পুৰুষ হকী দলটো ছুইজাৰলেণ্ডৰ মাইক হৰ্ণৰ শিবিৰলৈ ৰাওনা হৈছে । মানসিক দৃঢ়তা গঢ়ি তুলিবলৈ প্ৰস্তুত কৰা 3 দিনীয়া বিশেষ শিবিৰৰ অন্তত দলটোৱে অনুশীলন মেচ খেলিবলৈ নেদাৰলেণ্ডলৈ যাব । প্ৰশিক্ষণৰ এই অন্তিম পৰ্যায়টো সম্পূৰ্ণ কৰাৰ পিচত দলটো 20 জুলাইত পেৰিছত উপস্থিত হোৱাৰ কথা আছে ।

উল্লেখ্য, ভাৰতে ২৭ জুলাইত নিউজীলেণ্ডৰ বিৰুদ্ধে মেচত অৱতীৰ্ণ হৈ পেৰিছ, ২০২৪ অলিম্পিকত পুল বিত নিজৰ যাত্ৰা আৰম্ভ কৰিব । ২৯ জুলাইত তেওঁলোকে আৰ্জেণ্টিনাৰ বিৰুদ্ধে পৰৱৰ্তী মেচত অৱতীৰ্ণ হ'ব । তাৰ পিচত দলটোৱে ক্ৰমান্বয়ে ৩০ জুলাই আৰু ১ আগষ্টত আয়াৰলেণ্ড আৰু বেলজিয়ামৰ মুখামুখি হ'ব । আনহাতে, অন্তিমখন গ্ৰুপ পৰ্যায়ৰ মেচত ২ আগষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব । লীগ পৰ্যায়ত শীৰ্ষ চাৰিটা স্থানত স্থানলাভ কৰিলে ভাৰত নকআউট পৰ্যায়ত উপনীত হোৱাটো নিশ্চিত হ'ব ।

ভাৰতীয় পুৰুষ হকী দলৰ অধিনায়ক হৰমনপ্ৰীত সিঙে তেওঁৰ বিমানত আৰোহণ কৰা পূৰ্বে কয়, "আমি অলপতে ছাই বেংগালুৰুত দুসপ্তাহৰ কঠিন শিবিৰ সম্পূৰ্ণ কৰিছোঁ আৰু নিজৰ ভয়ক জয় কৰাৰ চৰম অভিযানৰ বাবে বিখ্যাত মাইক হৰ্ণৰ সৈতে ছুইজাৰলেণ্ডত এক চমু শিবিৰত অংশগ্ৰহণ কৰিম । তাৰ পিচত আমি নেদাৰলেণ্ড আৰু মালয়েছিয়াৰ বিৰুদ্ধে কেইখনমান অনুশীলন মেচ খেলিম, যাতে আমি আমাৰ অলিম্পিক যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে মানসিক আৰু শাৰীৰিকভাৱে সৰ্বশ্ৰেষ্ঠ অৱস্থাত থাকিব পাৰোঁ । দলটো অতি উৎসাহত আছে আৰু প্ৰশিক্ষণৰ অন্তিম পৰ্যায়লৈকে অপেক্ষা কৰি আছে ।"

আনহাতে, ভাৰতীয় পুৰুষ হকী দলৰ উপ-অধিনায়ক হাৰ্দিক সিঙে কয়, "দলটোৱে এতিয়ালৈকে ভালদৰে প্ৰস্তুতি কৰিছে । আমি এফ আই এইচ প্ৰ' লীগ ২০২৩-২৪ৰ লণ্ডন আৰু এণ্টৱাৰ্প পৰ্যায়ৰ পৰা উন্নতিৰ প্ৰয়োজনীয় ক্ষেত্ৰসমূহ চিনাক্ত কৰিছোঁ আৰু ছাই বেংগালুৰুৰ প্ৰশিক্ষণ শিবিৰত ইয়াৰ ওপৰত কাম কৰিছোঁ । বিশ্বৰ শ্ৰেষ্ঠ দলবোৰে পেৰিছ, 2024 অলিম্পিকত অংশগ্ৰহণ কৰিব । কিন্তু এই দলটোৱে সুযোগ গ্ৰহণ কৰিবলৈ আৰু ভাৰতক গৌৰৱান্বিত কৰিবলৈ সাজু । আমি আমাৰ সামৰ্থ্যৰ ওপৰত আত্মবিশ্বাসী আৰু আগন্তুক যাত্ৰাক লৈ উৎসাহিত ।"

লগতে পঢ়ক :

ABOUT THE AUTHOR

...view details