স্প’ৰ্টছ ডেস্ক, 28 ছেপ্টেম্বৰ:ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে অলিম্পিকত পদক দখল কৰি দেশক গৌৰৱান্বিত কৰাৰ সুযোগ দিছে ভাৰতীয় হকী দলে ৷ পেৰিছত পদক অৰ্জন কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে দলটোক সাক্ষাৎ কৰি অভিনন্দন জ্ঞাপন কৰিছিল ৷
কিন্তু ইয়াৰ পিছতো দলটোৰ সৈতে সংঘটিত হৈছে এক দুখজনক ঘটনা ৷ ভাৰতৰ হকী মিডফিল্ডাৰ হাৰ্দিকে তেনে এটা ঘটনাকে শেহতীয়াকৈ প্ৰকাশ কৰিছে । যাক আচৰিত আৰু লজ্জাজনক বুলি গণ্য কৰিব পাৰি । তেওঁ কৈছিল যে, দেশলৈ সাফল্য কঢ়িওৱাৰ পিছতো সাধাৰণ জনতাই তেওঁলোকক চিনি নাপালে ৷
ইণ্টাৰনেটৰ ছেনচেশ্যন ডলী চাইৱালাৰ কাৰণে বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতো খেলুৱৈসকলক উপেক্ষা কৰিছিল সাধাৰণ জনতাই ।
পেৰিছ অলিম্পিক আৰু পিছলৈ এছিয়ান হকী চেম্পিয়নছ ট্ৰফীত দলটোৰ সফলতা স্বত্বেও বিমানবন্দৰত অনুৰাগীসকলে হকী তাৰকাসকলক উপেক্ষা কৰিছিল । তাৰসলনি অনুৰাগীসকলে সেই সময়ত বিমানবন্দৰত উপস্থিত থকা ডলী চাইৱালাৰ সৈতে ছেলফি তুলিছিল ৷