স্প’ৰ্টছ ডেস্ক, 14 ছেপ্টেম্বৰ: এছিয়ান হকী চেম্পিয়নছ ট্ৰফীত ভাৰতীয় পুৰুষ হকী দলে শনিবাৰে চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ মুখামুখি হ'ব । পেৰিছ অলিম্পিক 2024 ৰ ব্ৰঞ্জ পদক বিজয়ী টীম ইণ্ডিয়াই এই প্ৰতিযোগিতাখনত অব্যাহত ৰাখিছে জয়ৰ ধাৰা ৷
দলটোৱে বৰ্তমাৱলৈকে অংশগ্ৰহণ কৰা চাৰিখন খেলৰ আটাইকেইখনতে জয় লাভ কৰি পইণ্ট তালিকাৰ শীৰ্ষস্থানত আছে । আনহাতে, পাকিস্তান আছে তালিকাৰ দ্বিতীয় স্থানত ৷ দুয়োটা দলৰে অভিলেখসমূহক সামৰি যুগুত কৰা হৈছে এই প্ৰতিবেদন ৷
সমুখ সমৰত ভাৰত বনাম পাকিস্তান
ভাৰত-পাকিস্তানৰ হকী দলৰ পূৰ্বৰ প্ৰতিদ্বন্দ্বিতাৰ তথ্যসমূহ লক্ষ্য কৰিলে দেখা যায় যে, পাকিস্তানে ইয়াত প্ৰাধান্য লাভ কৰিছে ৷ দুয়োটা দলৰ মাজত এতিয়ালৈকে মুঠ 180 খন খেল অনুষ্ঠিত হৈছে । য’ত পাকিস্তানে 82 বাৰ জয় লাভ কৰাৰ বিপৰীতে ভাৰতে 66 বাৰ বিজয়ী হৈছে । বৰ্তমানলৈকে দুয়োটা দলৰ মাজত অনুষ্ঠিত খেলসমূহৰ ভিতৰত 32 খন খেলেই অমীমাংসিতভাৱে সামৰণি পৰিছে ৷
ফলাফল:
- সৰ্বমুঠ খেল: 180 খন
- ভাৰতৰ জয় লাভ: 66 খন
- পাকিস্তানৰ জয় লাভ: 82 খন
- অমীমাংসিত: 32 খন
2016 চনত পাকিস্তানৰ অন্তিমটো জয়
দুয়োপক্ষৰ সমুখ সমৰত যদিও সামগ্ৰিকভাৱে পাকিস্তানে আধিপত্য বিস্তাৰ কৰিছে, তথাপিও কিন্তু যোৱা কেইবছৰমানৰ পৰা ভাৰতে উন্নত ফলাফল দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ ভাৰতৰ বিৰুদ্ধে পাকিস্তানে 2016 চনত শেষবাৰৰ বাবে জয় লাভ কৰিছিল ।
দুয়োটা দলৰ মাজত অনুষ্ঠিত শেহতীয়া 16 খন খেলত ভাৰতে 14 বাৰ জয় লাভ কৰাৰ বিপৰীতে বাকী দুখন খেল অমীমাংসিতভাৱে সামৰণি পৰিছে ৷ অন্তিমবাৰৰ বাবে হোৱা মুখামুখিত ভাৰতে পাকিস্তানক 10-2 গ’লত পৰাস্ত কৰিছিল ।
এছিয়ান চেম্পিয়নছ ট্ৰফীত ভাৰত ফেভাৰিট
হৰমনপ্ৰীত সিঙৰ নেতৃত্বাধীন ডিফেণ্ডিং চেম্পিয়ন ভাৰতীয় পুৰুষ হকী দলটোক এছিয়ান চেম্পিয়নছ ট্ৰফী জয়ৰ ক্ষেত্ৰত আটাইতকৈ শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা হৈছে । ভাৰতীয় দলটোৱে বৰ্তমানলৈকে আটাইবোৰ খেলত জয় লাভ কৰি প্ৰমাণ কৰিছে যে, দলটোৱে পঞ্চমবাৰৰ বাবে খিতাপ দখল কৰাৰ উদ্দেশ্যৰে চীনত উপস্থিত হৈছে ।
অৱশ্যে, পাকিস্তানে যোৱা দুখন মেচত দৰ্শনীয় বিজয় সাব্যস্ত কৰি নিজৰ প্ৰতিভা প্ৰমাণ কৰিছে । দুয়োটা দলৰ মাজত শনিবাৰে কঠিন যুঁজ হোৱাৰ অনুমান প্ৰকাশ কৰিছে অনুৰাগীসকলে ৷
লগতে পঢ়ক:এছিয়ান হকী চেম্পিয়নছ ট্ৰফী: পোনপটীয়াকৈ ক’ত উপভোগ কৰিব পাৰিব ভাৰত-পাকিস্তানৰ খেল - ASIAN HOCKEY CHAMPIONS TROPHY 2024