স্পৰ্টছ ডেস্ক,২৩ ফেব্ৰুৱাৰী :ভাৰত আৰু ইংলেণ্ডৰ মাজত ৰাঁচীত খেলা চতুৰ্থখন টেষ্টৰ প্ৰথম দিনৰ অন্তত ইংলেণ্ডে বেটিং কৰি ৭ টা উইকেট হেৰুৱাই ৩০২ ৰাণ সংগ্ৰহ কৰিছে । প্ৰথম অধিবেশনত ভাৰতীয় দলটোৱে আধিপত্য বিস্তাৰ কৰিছিল যদিও পিচত ইংলেণ্ডৰ দলটোৱে খেলপথাৰত নিজৰ স্থিতি শক্তিশালী কৰিবলৈ সক্ষম হয় ।
ইফালে অভিজ্ঞ জো ৰুটে ভাৰতৰ বিৰুদ্ধে আন এক শতক অৰ্জন কৰি অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হয় । ভাৰতৰ বিৰুদ্ধে টেষ্ট ইতিহাসত আটাইতকৈ সৰ্বাধিক শতক কৰা খেলুৱৈৰ তালিকাৰ শীৰ্ষত নিজৰ নাম সন্মিৱিষ্ট কৰিবলৈ সক্ষম হ'ল ৰুট ।
প্ৰথম দিনৰ শেষলৈ ইংলেণ্ডৰ জো ৰুটে ১০৬ আৰু ৰবিনছনে ৩১ ৰাণত বেটিং কৰি আছে । ক্ৰাউলিয়ে ৪২ ৰাণ, ডাকেটে ১১ ৰাণ, পোপয়ে ০ ৰাণ, বেয়াৰস্টোৱে ৩৮ ৰাণ, অধিনায়ক ষ্টকছে ৩ ৰাণ, বেন ফ'কছে ৪৭ ৰাণ, হাৰ্টলিয়ে ১৩ ৰাণ কৰি আউট হয় ।
ইফালে ভাৰতৰ হৈ আত্মপ্ৰকাশ কৰা আকাশ দীপে ইংলেণ্ডৰ শীৰ্ষ অৰ্ডাৰক সম্পূৰ্ণৰূপে ধ্বংস কৰে আৰু অভিষেক মেচত তিনিটা উইকেট ল'বলৈ সক্ষম হয় । প্ৰথম ৬ অভাৰতে আকাশ দ্বীপে ৩ টাকৈ উইকেট দখল কৰে । আকাশে প্ৰথম উইকেট বেন ডাকেট, দ্বিতীয় অলি পোপ আৰু তৃতীয়টো জেক ক্ৰাউলিৰ উইকেট দখল কৰে । পিচত ৰবিচন্দ্ৰন অশ্বিনে ৩৮ ৰাণৰ ব্যক্তিগত স্ক'ৰত জনি বেয়াৰষ্টক আউট কৰে । ইয়াৰ পিচত, ৰবীন্দ্ৰ জাদেজাই মধ্যাহ্নভোজনৰ ঠিক পূৰ্বে ভাৰতক অন্তিম উইকেটটো দিয়ে । তেওঁ অধিনায়ক বেন ষ্টকছক ৩ ৰাণৰ ব্যক্তিগত স্ক'ৰত এলবিডব্লিউ আউট কৰি পেভিলিয়নলৈ পঠিয়ায় ।