স্পৰ্টছ ডেস্ক, ২ ফেব্ৰুৱাৰী :ভাৰত আৰু ইংলেণ্ডৰ মাজত আজিৰে পৰা দ্বিতীয়খন টেষ্ট আৰম্ভ হৈছে । বিশাখাপট্টনমত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত টছত ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মা জয়ী হৈ বেটিঙৰ সিদ্ধান্ত লৈছে । এই খেলখনত ভাৰতে প্লেয়িং একাদশত ৩ টা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰিছে । ৰবীন্দ্ৰ জাদেজাৰ স্থানত কুলদ্বীপ যাদৱক দলত স্থান দিয়া হৈছে । আনহাতে মুকেশ কুমাৰক মহম্মদ চিৰাজৰ স্থানত অন্তৰ্ভুক্ত কৰা হৈছে ।
ইয়াৰ লগতে, কে এল ৰাহুলৰ স্থানত ৰজত পাতিদাৰক দলত অন্তৰ্ভুক্ত কৰা হৈছে । এইখন পাতিদাৰৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচ হ'ব । ইফালে ইংলেণ্ড দলেও কিছু সালসলনি কৰিছে । জেমছ এণ্ডাৰছনক মাৰ্ক উডৰ স্থানত অন্তৰ্ভুক্ত কৰা হৈছে । একেদৰে জেক লিচৰ সলনি দলত স্থান পাইছে ছোৱেব বছিৰে । বছিৰৰো এইখন প্ৰথম টেষ্ট । ইফালে টছৰ সময়ত ইংলেণ্ডৰ অধিনায়ক বেন ষ্টকছে কয় যে যদি তেওঁ টছত জয়ী হ'লহেঁতেন, তেন্তে তেওঁ প্ৰথমে বেটিঙৰ সিদ্ধান্ত ল'লেহেঁতেন ।
ভাৰতে প্ৰথমে বেটিং কৰি প্ৰথম দিনৰ অন্তত ৬ টা উইকেট হেৰুৱাই ৩৩৬ ৰাণ সংগ্ৰহ কৰিছে । ভাৰতৰ হৈ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দেখুৱাইছে যুৱ বেটছমেন যশস্বী জয়ছোৱালে । ১৭৯ ৰাণ কৰি খেলুৱৈগৰাকী নটআউট হৈ আছে । এতিয়া তেওঁৰ প্ৰথম দ্বিশতকৰ বাবে ভাৰতীয় দলটো লগতে অনুৰাগীসকলে অপেক্ষা কৰি আছে । জয়ছোৱালৰ পৰিৱৰ্তে ভাৰতৰ বাকীসকল বেটছমেনে অতি সাধাৰণ ইনিংছ খেলা দেখা গৈছে ।
প্ৰথমে ৰোহিত শৰ্মাই মাত্ৰ ১৪ ৰাণতে নিজৰ উইকেট হেৰুৱাইছে । তাৰ পিচত শুভমন গিলেও মাত্ৰ ৩৪ ৰাণ কৰিছে । একেদৰে শ্ৰেয়স আয়াৰে ২৭ ৰাণ কৰিছে । ৰজত পাতিদাৰে প্ৰথমখন টেষ্ট আৰম্ভণিতে ভাল খেলিছিল যদিও দুৰ্ভাগ্যৱশতঃ ৩২ ৰাণত নিজৰ উইকেট হেৰুৱায় । অক্সৰ পেটেলে ২৭ ৰাণ আৰু কে এছ ভৰত মাত্ৰ ১৭ ৰাণ কৰে । প্ৰথম দিনৰ শেষলৈ জয়ছোৱালৰ সৈতে অশ্বিনে ৫ ৰাণত বেটিং কৰি আছে । দ্বিতীয় দিনাও যিমান সম্ভৱ ভাৰতীয় দলটোৱে সৰ্বাধিক স্ক'ৰ কৰিবলৈ চেষ্টা চলাব আৰু ইংলেণ্ডৰ সন্মুখত এক ডাঙৰ স্ক'ৰ ৰখাৰ প্ৰয়াস কৰিব । একেদৰে সকলোৰে দৃষ্টি থাকিব জয়ছোৱালৰ ওপৰত ।