ডুবাই:ভাৰতে পাকিস্তানক পৰাস্ত কৰি আই চি চি চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে । ডুবাইত অনুষ্ঠিত দ্বিতীয়খন খেলত ৰোহিত ব্ৰিগেডে পাকিস্তানক ৬ উইকেটত পৰাস্ত কৰে । বাংলাদেশৰ পিছতে পাকিস্তানক পৰাস্ত কৰি একেৰাহে দ্বিতীয়টো জয় পঞ্জীয়ন কৰে টীম ইণ্ডিয়াই । টীম ইণ্ডিয়াৰ জয়ত বিৰাট কোহলীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । তেওঁ এদিনীয়া কেৰিয়াৰৰ ৫১তম শতক আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ ৮২ সংখ্যক শতক সম্পূৰ্ণ কৰে ।
টছত জয়ী হৈ প্ৰথমে বেটিং কৰি পাকিস্তানে ৪৯.৪ অভাৰত ২৪১ ৰাণ সংগ্ৰহ কৰি অল আউট হয় । ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে ৪২.৩ অভাৰত ৪টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় । বিৰাট কোহলীয়ে নিজৰ এদিনীয়া কেৰিয়াৰৰ ৫১ সংখ্যক শতক অৰ্জন কৰে । কোহলীয়ে ১১১টা বলত ৭টা চাৰিৰ সহায়ত ১০০ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে । ৬৭টা বলত ৫৬ ৰাণ সংগ্ৰহ কৰি আউট হৈছিল শ্ৰেয়াছ আয়াৰ । তেওঁৰ অৰ্ধশতকৰ ইনিংছত তেওঁ ৫ চাৰিটা আৰু এটা ছয় মাৰে ।
অ’পেনাৰ শুভমন গিলে ৫২টা বলত ৪৬ ৰাণ সংগ্ৰহ কৰি আউট হোৱাৰ বিপৰীতে অধিনায়ক ৰোহিত শৰ্মাই ১৫টা বলত ২০ ৰাণ সংগ্ৰহ কৰে । ইফালে ৮ ৰাণ সংগ্ৰহ কৰি পেভেলিয়নমুখী হয় হাৰ্দিক পাণ্ডিয়া । পাকিস্তানৰ হৈ শ্বাহীন আফ্ৰিদীয়ে ২টা উইকেট দখল কৰাৰ বিপৰীতে আব্ৰাৰ আহমেদ আৰু খুছদিল শ্বাহে এটাকৈ উইকেট দখল কৰে ।
ইয়াৰ পূৰ্বে ভাৰতীয় বলাৰৰ সঠিক প্ৰদৰ্শনৰ পাছতো পাকিস্তানে সাউদ শ্বাকিলৰ অৰ্ধশতক আৰু খুছদিল শ্বাহৰ উপযোগী ইনিংছৰ ভিত্তিত ২৪১ ৰাণ সংগ্ৰহ কৰে । টছত জয়ী হৈ বেটিং কৰিবলৈ বাছি লোৱা পাকিস্তানী দলটোৰ হৈ শ্বাকিলে ৫টা চাৰিৰ সহায়ত ৭৬টা বলত ৬২ ৰাণ সংগ্ৰহ কৰে । তৃতীয় উইকেটত অধিনায়ক মহম্মদ ৰিজৱান (৪৬)ৰ সৈতে ১০৪ ৰাণ সংযোজন কৰে যদিও ইয়াৰ বাহিৰে পাকিস্তানে কোনো ডাঙৰ অংশীদাৰিত্ব গঢ়ি তুলিব নোৱাৰিলে । মাজৰ অভাৰত খেলপথাৰৰ গতি লেহেমীয়া হোৱাত ভাৰতীয় বলাৰসকলে সঠিক লাইন আৰু দৈৰ্ঘ বজাই ৰাখি পাকিস্তানৰ বাবে ৰাণ সংগ্ৰহ কৰাত অসুবিধাৰ সৃষ্টি কৰিছিল । বাওঁহাতৰ ৰিষ্ট স্পিনাৰ কুলদীপে ৯ অভাৰত ৪০ ৰাণত তিনিটা উইকেট দখল কৰে ।