স্পৰ্টছ ডেস্ক,৫ জুলাই :এদিনীয়া শৃংখলা আৰু টেষ্টত বৃহৎ জয়ৰ পিচত ভাৰতীয় মহিলা দলে দক্ষিণ আফ্ৰিকা মহিলা দলৰ বিৰুদ্ধে প্ৰথমখন টি-২০ মেচ খেলিব । ৩ খনীয়া টি-২০ শৃংখলাটোৰ শুকুৰবাৰে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত প্ৰথমখন মেচ অনুষ্ঠিত হ'ব । এই খেলখনত ভাৰতক নেতৃত্ব দিব হৰমনপ্ৰীত কৌৰে আনহাতে লৌৰা ৱ'লভাৰ্ডটে দক্ষিণ আফ্ৰিকাৰ দলক নেতৃত্ব দিব ।
ইতিমধ্যে ভাৰতীয় দলে এদিনীয়া শৃংখলাত ৩-০ৰে ক্লিন ছুইপ কৰিছে । লগতে একমাত্ৰ টেষ্টতো দক্ষিণ আফ্ৰিকা ১০ উইকেটত পৰাস্ত হৈছে । এতিয়া ভাৰতীয় দলটোৰ লক্ষ্য হৈছে টি-২০ শৃংখলাটোও দখল কৰা । স্পৰ্টছ-১৮ত খেলখনৰ পোনপটীয়াকৈ সম্প্ৰচাৰ হ'ব আৰু জিঅ' চিনেমাত লাইভ ষ্ট্ৰীমিং কৰা হ'ব ।
ভাৰত আৰু দক্ষিণ আফ্ৰিকা মহিলা ক্ৰিকেট দলৰ মাজত এতিয়ালৈকে মুঠ ১৬ খন আন্তঃৰাষ্ট্ৰীয় টি-২০ খেল অনুষ্ঠিত হৈছে । তাৰ ভিতৰত ভাৰতীয় দলে ৯ খন মেচত জয়ী হৈছে, আনহাতে দক্ষিণ আফ্ৰিকাই ৫ খন মেচত জয়ী হৈছে । এই দুয়োটা দলৰ মাজত দুখন খেল অমীমাংসিত হৈ আছিল । ভাৰতৰ ভূমিত এই দুয়োটা দলৰ মাজত মুঠ ৮ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছে । তাৰ ভিতৰত, ভাৰতে ৫ খনত আৰু দক্ষিণ আফ্ৰিকাই ৩ খনত জয়লাভ কৰিছে ।
চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামৰ পিটছখন স্পিন বলাৰসকলৰ বাবে যথেষ্ট সহায়ক । এই পিটছত স্পিন বলাৰসকল পুৰণি বলৰ সৈতে যথেষ্ট কাৰ্যকৰী বুলি প্ৰমাণিত হৈ আহিছে । বেটছমেনৰ বাবে ইয়াত ৰাণ সংগ্ৰহ কৰাটো সহজ নহয় । নতুন বলৰ সৈতে ফাষ্ট বলাৰসকলেও ইয়াত অলপ সহায় পাব । এই খেলপথাৰত প্ৰথম ইনিংছৰ গড় স্ক'ৰ হৈছে ১৬৪ আৰু দ্বিতীয় ইনিংছৰ গড় স্ক'ৰ হৈছে ১৫০ । সেয়েহে ইয়াত প্ৰথমে বেটিং কৰি বিপক্ষক টাৰ্গেট দিয়াটো সঠিক সিদ্ধান্ত হ'ব ।
বাওঁহাতৰ বেটছমেন স্মৃতি মন্ধানাই ভাৰতৰ হৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ মেচত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰিছে । তেওঁ ২ টা অৰ্ধ-শতকৰ সৈতে ১৬ খন মেচৰ ১৫ টা ইনিংছত ৩০৬ ৰাণ সংগ্ৰহ কৰিছে । দীপ্তি শৰ্মাই ভাৰতৰ হৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ত সৰ্বাধিক উইকেট দখল কৰিছে । তেওঁৰ নামত ১০ খন খেলত ১৩ টা উইকেট আছে । ইয়াৰ উপৰিও হৰমনপ্ৰীত কৌৰ, ৰিচা ঘোষ, পূজা বস্ত্ৰকাৰ আৰু ৰেণুকা ঠাকুৰে শক্তিশালী প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছে ।