অসম

assam

এটোপ-দুটোপ বৰষুণে চিন্তাত পেলাইছে ক্ৰিকেটপ্ৰেমীক, কানপুৰত কিদৰে বাধা দিয়া হ’ব বৰষুণক - IND VS BAN 2ND TEST

Green Park Stadium facilities: ভাৰত-বাংলাদেশৰ দ্বিতীয়খন টেষ্টত বৰষুণে বিধি-পথালি দিয়াৰ সম্ভাৱনা আছে ৷ যাক লৈ চিন্তিত হৈছে আয়োজকসকল ৷ বৃহস্পতিবাৰৰ দিনটোত আৰম্ভ হৈছে কিনকিনীয়া বৰষুণ ৷ বৰষুণৰ সৈতে মোকাবিলা কৰিবলৈ ষ্টেডিয়ামত কেনেধৰণৰ বিশেষ প্ৰস্তুতি গ্ৰহণ কৰা হৈছে ?

By ETV Bharat Sports Team

Published : Sep 26, 2024, 4:48 PM IST

Published : Sep 26, 2024, 4:48 PM IST

IND VS BAN 2ND TEST
পিটচ ঢকাৰ চেষ্টা (IANS Photo)

স্প’ৰ্টছ ডেস্ক, 26 ছেপ্টেম্বৰ: শুকুৰবাৰৰ পৰা ভাৰত-বাংলাদেশৰ মাজত অনুষ্ঠিত হ’বলগা দ্বিতীয় টেষ্টত বৰষুণে বিধি-পথালি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে ৷ ইতিমধ্যে বতৰ বিজ্ঞানীসকলে এই সন্দৰ্ভত আগতীয়াকৈ জাননী জাৰি কৰিছিল ৷ বৃহস্পতিবাৰে দিনৰ ভাগত বৰষুণ পৰিবলৈ আৰম্ভ কৰাৰ লগে লগে চিন্তিত হৈ পৰিছে আয়োজকসকল ৷

বৃহস্পতিবাৰে পুৱা আহিল বৰষুণ

কানপুৰৰ গ্ৰীণপাৰ্ক ষ্টেডিয়ামৰ লগতে সমীপৱৰ্তী এলেকাত সঘনাই সলনি হৈ আছে বতৰৰ ৰূপৰেখা ৷ বৃহস্পতিবাৰৰ পুৱাৰে পৰা অঞ্চলটোত আৰম্ভ হৈছে পাতলীয়া বৰষুণ ৷ যাৰ বাবে টীম ইণ্ডিয়াৰ নেট অনুশীলনত বাধাৰ সৃষ্টি হয় ৷ বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি আয়োজকসকলে পিটচখন ঢাকিবলৈ কভাৰৰ ব্যৱস্থা কৰে ৷

নতুন বেলকনি নিৰ্মাণ

কিছুদিন পূৰ্বে পোহৰলৈ আহিছিল যে, কানপুৰৰ গ্ৰীণপাৰ্ক ষ্টেডিয়ামত পানী জমা হোৱাৰ লগতে ফ্লাড লাইটৰ অপৰ্যাপ্ত পোহৰৰ সমস্যা আছিল ৷ লগতে আছিল বেলকনিৰ সমস্যা ৷ পিছে মেচ আৰম্ভ হোৱাৰ পূৰ্বে এই সকলোবোৰ সমস্যা নাইকীয়া কৰাত গুৰুত্ব আৰোপ কৰিছিল আয়োজকে ৷

এই বিষয়কেইটাৰ সন্দৰ্ভত স্থান সঞ্চালক ড৹ সঞ্জয় কাপুৰে সদৰী কৰা অনুসৰি, ইতিমধ্যে সাজু হৈ উঠিছে ষ্টেডিয়ামখনৰ নতুন বেলকনি ৷ য’ৰ পৰা প্ৰায় 1700 দৰ্শকে মেচ উপভোগ কৰাৰ সুবিধা লাভ কৰিব ৷ তদুপৰি তলৰ বেলকনিত বহি 1900 দৰ্শকে উপভোগ কৰিব পাৰিব ভাৰত-বাংলাদেশৰ মাজৰ টেষ্ট মেচ ৷ অৰ্থাৎ ষ্টেডিয়ামটোত একেলগে 26,000 ৰো অধিক দৰ্শকে মেচ উপভোগ কৰাৰ সুবিধা মজুত আছে ৷

আনহাতে, ফ্লাডলাইটৰ সমস্যা সন্দৰ্ভত স্থান সঞ্চালক ড৹ সঞ্জয় কাপুৰে সম্প্ৰতি কোনো সমস্যা নাই বুলি সদৰী কৰে ৷

পানী নিষ্কাশন প্ৰণালী মেৰামতি

গ্ৰীণপাৰ্ক ষ্টেডিয়ামৰ খেলপথাৰত ব্যৱহাৰ কৰা হ’ব চুপাৰ শ্বপাৰ মেচিন ৷ স্থান সঞ্চালকে প্ৰকাশ কৰা তথ্য অনুসৰি, শুকুৰবাৰৰ পৰা যদিহে বৰষুণ আৰম্ভ হয়, তেন্তে ষ্টেডিয়ামত জমা হোৱা পানী বাহিৰ কৰিবলৈ এই মেচিনৰ ব্যৱহাৰ কৰা হ’ব ৷ ইতিমধ্যে আয়োজকে প্ৰতিকূল বতৰৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে ৷

কানপুৰ টেষ্টত বৰষুণৰ প্ৰভাৱ

কানপুৰস্থিত বতৰ বিজ্ঞানী ড৹ এছ এন সুনীল পাণ্ডেয়ে কয় যে, "বংগোপ সাগৰত এক নতুন নিম্ন চাপৰ সৃষ্টি হোৱাৰ বাবে ইয়াৰ প্ৰভাৱ কানপুৰত পৰিছে ৷ যাৰ বাবে চহৰখনত 27 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰৰ ভিতৰত 30-50 মিঃমিঃ বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ আনহাতে, 30 ছেপ্টেম্বৰলৈকে ঘন ডাৱৰেও আকাশ ছানি ধৰাৰ সম্ভাৱনা অধিক ৷

লগতে পঢ়ক:বেটছমেন-বলাৰৰ সুবিধাৰ্থে প্ৰস্তুত গ্ৰীণপাৰ্ক ষ্টেডিয়ামৰ পিটচ, মূল একাদশত স্থান লাভৰ সম্ভাৱনা কুলদীপ যাদৱৰ - IND VS BAN 2ND TEST

ABOUT THE AUTHOR

...view details